ETV Bharat / state

কাকপথাৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জ্যেষ্ঠ নাগৰিকৰ প্ৰতিবাদ

কাকপথাৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শনিবাৰে একত্ৰিত হয় জ্যেষ্ঠ নাগৰিকসকল ৷ প্ৰতিবাদস্থলীত অৱসৰপ্ৰাপ্ত শিক্ষক,কৰ্মচাৰীসকল উপস্থিত হৈ আইনখন গ্ৰহণ নকৰাৰ হুংকাৰ প্ৰদান কৰে ৷ শতাধিক জ্যেষ্ঠ নাগৰিকে কাকপথাৰৰ অসমীয়া দুৰ্গা মন্দিৰৰ সন্মুখত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে ৷

কাকপথাৰ
জ্যেষ্ঠ নাগৰিকৰ প্ৰতিবাদ
author img

By

Published : Jan 25, 2020, 7:25 PM IST

শদিয়া, 25 জানুৱাৰীঃ কাকপথাৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শনিবাৰে একত্ৰিত হয় জ্যেষ্ঠ নাগৰিকসকল ৷ প্ৰতিবাদস্থলীত অৱসৰপ্ৰাপ্ত শিক্ষক, কৰ্মচাৰীসকল উপস্থিত হৈ আইনখন গ্ৰহণ নকৰাৰ হুংকাৰ প্ৰদান কৰে ৷ শতাধিক জ্যেষ্ঠ নাগৰিকে কাকপথাৰৰ অসমীয়া দুৰ্গা মন্দিৰৰ সন্মুখত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে ৷ জ্যেষ্ঠ নাগৰিকসকলে এই সংগ্ৰাম অধিক তীব্ৰতৰ হ’ব বুলি জানিবলৈ দিয়ে ৷ লগতে অসমৰ জাতীয়-জনগোষ্ঠীয় সংগঠনসমূহক ঐক্যবদ্ধ সংগ্ৰাম কৰাৰ বাবে আহ্বান জনায় ৷

জ্যেষ্ঠ নাগৰিকৰ প্ৰতিবাদ

ইফালে, প্ৰতিবাদস্থলীতে বৃহত্তৰ কাকপথাৰ অঞ্চলৰ জ্যেষ্ঠ নাগৰিকসকলক সন্মিলিত কৰি এখন কা বিৰোধী মঞ্চ গঠন কৰি গাঁৱে-গাঁৱে সজাগতা সভা আয়োজন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে ৷ উক্ত ঐক্যবদ্ধ আন্দোলনৰ আহ্বানক আছু, যুৱ-ছাত্ৰ পৰিষদ, কৃষক মুক্তিকে ধৰি জাতীয় সংগঠনসমুহে কেনেদৰে গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় ৷ অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিকসকলে এইদৰে আইনখনৰ বিৰুদ্ধে ওলাই অহা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে কাকপথাৰত ৷

লগতে চাওকঃচাৰি সপ্তাহৰ অন্তৰ্ৱৰ্তীকালীন জামিনত মুকলি ৰঞ্জন দৈমাৰী

Intro:কাকপথাৰত কা বিৰুদ্ধে জেষ্ঠ নাগৰিকৰ প্ৰতিবাদ, ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

শদিয়া : কাকপথাৰত কা ৰ বিৰুদ্ধে ওলাই আহিল জেষ্ঠ নাগৰিক ৷ অৱসৰপ্ৰাপ্ত শিক্ষক, কৰ্মচাৰীৰে অৱস্থান ধৰ্মঘটেৰে হুংকাৰ দিলে কা গ্ৰহণ নকৰাৰ ৷ শ শ জেষ্ঠ নাগৰিকে কাকপথাৰ অসমীয়া দুৰ্গা মন্দিৰৰ সন্মুখত দিনৰ ১১বজাৰ পৰা ২বজালৈ তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসুচী গ্ৰহণ কৰে ৷ জেষ্ঠ নাগৰিকসকলে কা বিৰুদ্ধে সংগ্ৰাম তীব্ৰতৰ হব বুলি জানিবলৈ দিয়াৰ লগতে অসমৰ জাতীয়-জনগোষ্ঠীয় সংগঠন সমুহক ঐক্যবদ্ধ সংগ্ৰাম কৰিবলৈ আহ্বান জনায় ৷ আজিৰ অৱস্থান ধৰ্মঘট কাৰ্যসুচীতে বৃহত্তৰ কাকপথাৰ অঞ্চলৰ জেষ্ঠ নাগৰিকসকলক লৈ এখন কা বিৰুধী জেষ্ঠ নাগৰিক মঞ্চ গঠন কৰি কালিৰে পৰা গাঁৱে, গাঁৱে সজাগতা সভা আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ জেষ্ঠ নাগৰিকসকলৰ ঐক্যবদ্ধ আন্দোলনৰ আহ্বানক আছু, যুৱ-ছাত্ৰ পৰিষদ, কৃষক মুক্তিকে ধৰি জাতীয় সংগঠন সমুহে কেনেদৰে গ্ৰহণ কৰে সেইয়া হব লক্ষণীয় ৷ জেষ্ঠ নাগৰিক সকলে এইদৰে কা বিৰুদ্ধে ওলাই অহা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৷Body:Byte : 1/ জেষ্ঠ নাগৰিকConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.