তিনিচুকীয়া, 9 আগষ্ট: তিনিচুকীয়া জিলাত জনশান্তি, জনসুৰক্ষা তথা স্থিৰ অৱস্থা বাহাল ৰাখিবৰ বাবে তিনিচুকীয়া জিলাৰ জিলা দণ্ডাধীশ নৰসিং পাৱাৰে সমগ্ৰ জিলাখনত তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে (Section 144 Imposed in Tinsukia District) । পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিষেধাজ্ঞাসমূহ সমগ্ৰ জিলাখনতে বাহাল থাকিব বুলি ইতিমধ্যে জিলা প্ৰশাসনে সদৰী কৰে ৷
সংশ্লিষ্ট কতৃপক্ষ তথা জিলা প্ৰশাসনৰ আগতীয়া অনুমতি নোলোৱাকৈ কোনো ৰাজহুৱা স্থানত ৫ জন বা তাতোধিক ব্যক্তি সমবেত হ'ব নোৱাৰিব । জিলা প্ৰশাসনৰ অনুমতি নোহোৱাকৈ ৰাজহুৱা স্থানত সভা-সমিতি তথা জনসমাবেশ আয়োজন কৰিব নোৱাৰিব । মুখত মাস্ক পৰিধান নকৰাকৈ কোনো ব্যক্তিয়ে ৰাজহুৱা স্থানলৈ আহিব নোৱাৰিব(Face mask wearing is mandatory) । কতৃপক্ষৰ বিনা অনুমতিত কোনোধৰণৰ সমদল, ধৰ্ণা তথা সমাবেশ অনুষ্ঠিত কৰিব নোৱাৰিব । চৰকাৰী, অৰ্ধচৰকাৰী, ব্যক্তিগত আৱাসৰ দেৱাল তথা চৌহদত বেনাৰ, পোষ্টাৰ লগাব নোৱাৰিব ৷ লগতে কোনো অভব্য, অভিযোগাত্মক শব্দ তথা বানী লিখিব নোৱাৰিব । ৰাজহুৱা স্থানত শব্দ প্ৰদূষণ হ'ব পৰা উচ্চ প্ৰৱল্যৰ স্পীকাৰ, মাইক আদি ব্যৱহাৰ কৰিব নোৱাৰিব ।
লগতে সমদল, সমাবেশত আৰক্ষী আৰু সেনা বাহিনীৰ বাহিৰে আন কোনো ব্যক্তিয়ে ধাৰ থকা অস্ত্ৰ, আগ্নেয়াস্ত্ৰ, লাঠি আদি ৰাখিব নোৱাৰিব । সমদল, সমাবেশত জুৰ আদি ব্যৱহাৰ কৰিব নোৱাৰিব(No crowds in public places) । যিকোনো কাৰণত দোকান তথা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা বলপূৰ্বক চান্দা সংগ্ৰহ কৰিব নোৱাৰিব । জিলাখনত ৰাস্তাত চলি থকা বাহনসমূহৰ পৰা বলপূৰ্বক চান্দা সংগ্ৰহ কৰিব নোৱাৰিব । কোনোধৰণৰ প্ৰৰোচিত শ্ল'গান দিব নোৱাৰিব । কোনো ব্যক্তিয়ে বিভিন্ন সাম্প্ৰদায়িক গোটৰ মাজত বিক্ষোভ সৃষ্টি কৰিব পৰা তথা সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিব পৰা কোনো মন্তব্য অথবা কাৰ্য্য কৰিব নোৱাৰিব ।
আনহাতে, দুচকীয়া বাহনত এজনতকৈ অধিক লোক উঠিব নোৱাৰিব । অৱশ্যে মহিলা, স্কুলৰ ছাত্ৰ-ছাত্ৰী, দায়িত্বত থকা সুৰক্ষা বাহিনীৰ লোক, চৰকাৰী কৰ্মচাৰী, অধিবক্তা, ৬০ৰ উৰ্ধৰ ব্যক্তি, সাংবাদিক, চিকিৎসালয়লৈ যোৱা ব্যক্তি তথা সঠিক পৰিচয় পত্ৰ থকা বিশেষভাবে সক্ষম লোকসকলক নিৰ্দেশনাৰ বাহিৰত ৰখা হৈছে । নিৰ্দেশনাটো অনুসৰি জিলাখনত বিক্ৰী তথা ফুটাব নোৱাৰিব কোনোধৰণৰ ফটকা । উল্লেখিত নিষেধাজ্ঞাসমূহ কোনো ব্যক্তিয়ে ভংগ কৰিলে ভাৰতীয় দণ্ডবিধি আইন 144 ৰ অধীনত যাৱতীয় দণ্ড বিহা হ'ব ।
লগতে পঢ়ক : ULFA(I) Reaction on Kardoiguri Flood effected family: বেদখলকাৰীক ভূমি এৰি দিবলৈ সকিয়নি আলফা স্বাধীনৰ