ETV Bharat / state

৩০ বছৰেও আন্তঃগাঁথনি উন্নত নহ’ল চাচনী সামূহিক চিকিৎসালয়ৰ - হাবি-জংঘলে আৱৰা অকল্পনীয় পৰিবেশ

ৰাজ্যৰ প্ৰভাবশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্বত থকা স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ উদঙাইছে নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত চাচনীৰ ৩০ খন বিছনাযুক্ত সামূহিক চিকিৎসালয়খনে ৷ উল্লেখ্য যে ৮৫ খন ৰাজহ গাঁৱেৰে গঠিত বৃহৎ কৃষিভিত্তিক মৌজা চাচনীৰ ৰাইজৰ বাবে ৯০'ৰ দশকতে সেই সময়ৰ অগপ চৰকাৰৰ কাৰ্যকালতে প্ৰতিষ্ঠা কৰা চিকিৎসালয়খনৰ বৰ্তমানেও পৰ্যাপ্ত আন্তঃগাঁথনি নোহোৱাৰ বাবে উন্নত চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত ব্যৰ্থ হোৱাৰ লগতে চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ’ব লগীয়া হৈছে চাচনীৰ জনসাধাৰণ ৷

Sasoni community hospital abandoned condition
৩০ বছৰেও আন্তঃগাঁথনি উন্নীত নহ’ল চাচনী সামূহিক চিকিৎসালয়ৰ
author img

By

Published : Aug 30, 2020, 9:06 AM IST

নাহৰকটীয়া,30 আগষ্টঃ বহিঃবিভাগৰ কাম কাজেৰে আৰম্ভ কৰা ৩০খন বিছনাযুক্ত চিকিৎসালয়খন বৰ্তমানেও উন্নীতকৰণ নোহোৱাৰ উপৰি ৰোগী ৰাখিব পৰাকৈ বা পৰ্যাপ্ত চিকিৎসা প্ৰদান কৰিব পৰাকৈ নিৰ্মাণৰ ২০ বছৰৰ পিচতো সুবিধাজনকভাবে সম্পূৰ্ণ হৈ নুঠিল ৷ প্ৰতিষ্ঠা হোৱাৰ পাছৰে পৰা মেৰামতিৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা নকৰা হাস্পতালখনৰ ভিতৰ-বাহিৰে এতিয়া হাবি-জংঘলে আৱৰা অকল্পনীয় পৰিবেশ ৷ মূধচ আঁতৰি চিলিং খহি পৰা জৰাজীৰ্ণ হাস্পতালখনৰ কোঠালিত যেনিয়ে তেনিয়ে পৰি আছে ঔষধ পাতি, চেলাইন বেজিৰ লগতে ৩০ খন বিছনাযুক্ত হাস্পতালখনলৈ অহা আচৱাব ৷

৩০ বছৰেও আন্তঃগাঁথনি উন্নীত নহ’ল চাচনী সামূহিক চিকিৎসালয়ৰ

ইপিনে ৰোগীৰ পৰিচৰ্য্যাৰ বাবে প্ৰয়োজনীয় যন্ত্ৰপাতি, এক্সৰে মেচিন, পৰীক্ষাগাৰৰ সকলো সুবিধা থকা চিকিৎসালয়খন কেৱল চৰকাৰৰ সদিচ্ছাৰ অভাৱতে এতিয়া হৈ পৰিছে মৃত্যুমুখী ৷ চিকিৎসালয়খনৰ মুখ্য চিকিৎসকগৰাকীয়ে জানিবলৈ দিয়া মতে হাস্পতালখনৰ উন্নীতকৰণৰ বাবে চৰকাৰৰ টকা অহাৰ উপৰি নিবিদাও হৈছিল যদিও সেই টকা ক'ত কেনেদৰে ব্যৱহাৰ হ'ল বা কি পৰ্যায়ত আছে সেই বিষয়ে কোনেও অৱগত নহয় ৷

আনহাতে চিকিৎসালয়খনৰ চিকিৎসক, নাৰ্চ আৰু কৰ্মচাৰীৰ বাবে ২০১২ চনৰ আগতেই ৯ টা কোঠাৰ আবাস নিৰ্মাণ কৰা হ’ল যদিও বৰ্তমানলৈকে ব্যৱহাৰ কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা মুকলি কৰি নিদিয়াৰ বাবেই বিগত আঠ বছৰে পৰিত্যক্ত অৱস্থাত হাবি-জংঘলে ঘেৰি ধৰিলে আবাস গৃহসমূহ ৷ ইফালে অঞ্চলটোৰ লোকসকলৰ চিকিৎসা সেৱাক গুৰুত্ব নিদি এইদৰে ৰাজহুৱা ধনৰ শৰাধ পাতি স্বাস্থ্য বিভাগে জনজীৱনক ভেঙুচালি কৰাৰ বিৰুদ্ধে গৰজি উঠিছে চাচনী আঞ্চলিক ছাত্ৰ সন্থা ৷

হাস্পতালখনত হোৱা কাম-কাজত সংঘটিত ব্যাপক দুৰ্নীতিৰ ফলতেই আজিও আবাস গৃহবোৰ ব্যৱহাৰৰ উপযোগী হৈ নুঠিল বুলি অভিযোগ তুলি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি তথা চাচনী আঞ্চলিকৰ উপদেষ্টা অঞ্জনজ্যোতি নেওগে কয় যে, বিগত সময়ত চিকিৎসালয়খনৰ উন্নয়নৰ বাবে চিকিৎসা বিভাগে প্ৰদন কৰা ১ কোটি ২৬ লাখ টকা নাহৰকটীয়াৰ এক ৰাজনৈতিক চক্ৰই এই চিকিৎসালয়খনৰ পৰা নি অন্য চিকিৎসালয়ত ব্যৱহাৰ কৰিছে ৷ তেওঁলোকক তেনে কামৰপৰা অনাগত সময়ত বিৰত থাকিবলৈ সকীয়াই দি নেওগে এই চিকিৎসালয়লৈ অহা টকা চিকিৎসালয়খনতে ব্যৱহাৰ কৰিব পৰাৰ পুনৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই স্বাস্থ্য মন্ত্ৰীগৰাকীকো স্বাস্থ্য বিভাগৰ উন্নয়নৰ ঢাক-ঢোল বজাই থকাৰ বিপৰীতে স্বাস্থ্য বিভাগত উন্নয়নৰ নামত প্ৰকৃততে কি চলিছে সেয়া গাঁৱৰ হাস্পতাললৈ গৈ স্বচক্ষে চাই যাবলৈও আহ্বান জনায় ৷ লগতে ছাত্ৰ নেতাগৰাকীয়ে হাস্পতালখনৰ এই দুৰাৱস্থাৰ বাবে চিকিৎসালয়ৰ সভাপতিৰ দায়িত্বত থকা স্থানীয় বিধায়ক নৰেন সোনোৱালকো সমানে জগৰীয়া কৰে ৷ বিগত পাঁচটা বছৰে তেওঁ হাস্পতালখনৰ উন্নয়নৰ বাবে একো নকৰিলে বুলিও অভিযোগ তুলিলে চাচনী ছাত্ৰ সন্থাৰ উপদেষ্টা গৰাকীয়ে ৷

লগতে পঢ়কঃ আঞ্চলিক গণ মৰ্চাৰ সংগ ত্যাগ এল ডি পিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.