ETV Bharat / state

Sanjay Kishan laid foundation stone : তিনিচুকীয়াত দুটাকৈ মূল পথৰ আধাৰশিলা স্থাপন

author img

By

Published : Jan 27, 2023, 3:10 PM IST

তিনিচুকীয়াত দুটাকৈ মূল পথৰ আধাৰশিলা স্থাপন শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ (Sanjay Kishan laid foundation stone of road construction) ৷ মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ (নৱীকৰণ) পুঁজিৰ ২ কোটি ৭০ লাখ টকাৰে ৰঙ্গাগড়া আৰু এ টি পথ পুনৰ নিৰ্মাণ কৰা হ’ব ৷

Sanjay Kishan laid foundation stone of road construction
তিনিচুকীয়াত দুটাকৈ মূল পথৰ আধাৰশিলা স্থাপন শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ

তিনিচুকীয়া, ২৭ জানুৱাৰী: অসমৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাতো জৰাজীৰ্ণ পথসমূহে দীৰ্ঘদিনৰ পৰা এক সমস্যাৰ সৃষ্টি কৰি আহিছে (Poor road condition in Assam) । অৱশ্যে পূৰ্বৰ চৰকাৰসমূহৰ দিনতকৈ শেহতীয়াভাৱে বিজেপি চৰকাৰে পথ-দলঙৰ উন্নয়নৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । তাৰেই ফলশ্ৰুতিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু জৰাজীৰ্ণ পথ, দলং আদি মেৰামতি তথা নতুন ৰূপত নিৰ্মাণ কৰি উলিওৱা হৈছে (Poor road condition in Tinsukia) ।

শেহতীয়াভাৱে তিনিচুকীয়া জিলাৰ তেনে দুটা পথৰ সমস্যা সমাধানৰ দিশত আগবাঢ়িছে ৷ তিনিচুকীয়াৰ দুটা সদাব্যস্ত মূলপথ ক্ৰমে ৰঙাগড়া পথ আৰু এ টি পথৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে (Labour minister Sanjay Kishan) ৷ উল্লেখ্য, মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ (নৱীকৰণ) পুঁজিৰ ২ কোটি ৭০ লাখ টকাৰে ৰঙ্গাগড়া আৰু এ টি পথ পুনৰ নিৰ্মাণ কৰা হ’ব (foundation stone of road construction in Tinsukia) ৷

ইফালে আধাৰশিলা স্থাপন কৰি উঠি দিয়া ভাষণত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে তিনিচুকীয়াবাসী ৰাইজে বহুদিনৰ পৰা মূলপথসমূহৰ শোচনীয় অৱস্থাৰ বাবে বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল বুলি উল্লেখ কৰে । লগতে তিনিচুকীয়াৰ জৰাজীৰ্ণ তথা বিধ্বস্ত সকলো পথ নিৰ্মাণ তথা অন্যান্য সমস্যাসমূহ সমাধানৰ অৰ্থে যথাসম্ভৱ প্ৰয়াস অব্যাহত ৰাখিব বুলিও উল্লেখ কৰে (Sanjay Kishan laid foundation stone of road construction) ।

উল্লেখ্য যে তিনিচুকীয়াৰ পথসমূহৰ উক্ত সমস্যা সমাধানৰ অৰ্থে অসম চৰকাৰৰ লোক নির্মাণ বিভাগ, তিনিচুকীয়া, ডুমডুমা, শদিয়া, ক্ষেত্ৰীয় পথ সংমণ্ডল, তিনিচুকীয়াৰ মুখ্যমন্ত্রী পকীপথ নিৰ্মাণ আঁচনি (নবীকৰণ) ২০২২-২৩ বৰ্ষৰ অধীনত এই পথ দুটা নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । পথ দুটাৰ এটা হৈছে ২.০৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ পানীতোলা-দিনজান-তিনিচুকীয়া পথ, (তিনিচুকীয়া পুৰণি ৰে'ল ষ্টেচনৰ পৰা জুৰীয়া নামঘৰ সংলগ্ন পথলৈকে) ।

আনহাতে, আনটো পথ হৈছে ৩.৪০ কিলোমিটাৰ দৈর্ঘ্যৰ পুৰণি অসম ট্রাংক ৰোড (ৰে'লগেট নং ১-ৰ পৰা শিৱধামলৈকে) । উক্ত পথ দুটাৰ আধাৰশিলা স্থাপন কৰি ৰাইজৰ সেৱাৰ্থে অহা দুমাহৰ ভিতৰত পথ দুয়োটাৰ কাম সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে । উল্লেখ্য, এই আধাৰশিলা অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ স’তে কেইবাগৰাকীও বিভাগীয় বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ৷

লগতে পঢ়ক: Pitiful atmosphere at Jonai School: গুটখাৰ পিকেৰে ৰাঙলী জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দেৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.