শদিয়া, 11 জানুৱাৰী : তিনিচুকীয়া জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ ছৈখোৱা মণ্ডল সমিতি শক্তি কেন্দ্ৰৰ উদ্যোগত আৰু বুথ সমিতিৰ সহযোগত সোমবাৰে ধুলিজান ৰাজহুৱা প্ৰেক্ষাগৃহত এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায় । ছৈখোৱা মণ্ডল সমিতিৰ অন্তৰ্গত ১৩৭ আৰু ১৩৮নং বিজেপিৰ বুথ সমিতিৰ সভাপতি বিৰেশ্বৰ মৰাণ আৰু পূৰ্ণিমা মৰাণে অনুষ্ঠিত সভাখনত যুটীয়াভাৱে সভাপতিৰ আসন গ্ৰহণ কৰি সভাখন পৰিচালনা কৰে ৷

সভাখনত উপস্থিত থাকে ছৈখোৱা মণ্ডল সমিতিৰ সভাপতি বিৰাজ সোণোৱাল,সম্পাদক ৰাজু দাস,কিশান মৰ্চাৰ সভাপতি ৰঞ্জিত গোহাঁই,চাহ মৰ্চাৰ সম্পাদক নিৰেন মিঞ্জ,প্ৰণৱ মৰাণ,শক্তি কেন্দ্ৰৰ অহবায়াক 6নং ৱৰ্ড সদস্য কমল মৰাণ,4 নং ৱাৰ্ডৰ সদস্য হুম্পি মৰাণ,মহিলা মৰ্চাৰ সভানেত্ৰী দীপ্তি উৰঙৰ লগতে ধুলিজানবাসী ৰাইজ ।
লগতে পঢ়ক: বাৰ্ড-ফ্লুক লৈ ৰাজ্যবাসী আতংকিত হোৱাৰ প্ৰয়োজন নাইঃ অসম পশুধন নিগম