ETV Bharat / state

চাহ শ্ৰমিকলৈ অহা ধন বিলোৱাত অনিয়ম বিজেপি সদস্যৰ

author img

By

Published : Apr 5, 2020, 4:57 PM IST

শ শ চাহ শ্ৰমিকক ১০০০ ৰ বিপৰীতে দিছে ৫০০, ৭০০ টকাকৈ বিতৰণ ৱাৰ্ড সদস্যৰ

ধন বিলোৱাত অনিয়ম বিজেপি সদস্যৰ
ধন বিলোৱাত অনিয়ম বিজেপি সদস্যৰ

শদিয়া, 5 এপ্ৰিল: লক ডাউনৰ মাজতে চৰকাৰে ৰেচন কাৰ্ড নথকা দৰিদ্ৰ পৰিয়ালসমূহৰ বাবে ঘোষণা কৰা আঁচনিত ভয়ংকৰ অনিয়মৰ হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ আজি ডুমডুমা সমষ্টিৰ অন্তৰ্গত কুমচাং গাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ সদস্য ৰাজু চৱৰে নিজ ৱাৰ্ডৰ প্ৰকৃত দৰিদ্ৰ পৰিয়াল সমূহক আঁতৰত ৰাখি নিজৰ ঘনিষ্ঠ সকলক লৈ এখন 20 জনীয়া তালিকা প্ৰস্তুত কৰি নগদ ধন বিতৰণ কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

ধন বিলোৱাত অনিয়ম বিজেপি সদস্যৰ
ধন বিলোৱাত অনিয়ম বিজেপি সদস্যৰ

ইয়াৰ প্ৰতিবাদত ৱাৰ্ডটোৰ শ শ চাহ শ্ৰমিকে লক ডাউন অমান্য কৰি ওলাই আহি ৱাৰ্ড সদস্যজনৰ ঘৰ ঘেৰাও কৰাত ৱাৰ্ড সদস্যজন পলায়ন কৰে ৷ জানিব পৰা মতে তেওঁ ১০০০ টকাৰ বিপৰীতে দৰিদ্ৰ চাহ শ্ৰমিক সকলৰ সৰলতাৰ সুযোগ লৈ ৫০০, ৭০০, ৯০০, টকাকৈ বিতৰণ কৰিছিল ৷ ইয়াৰ উপৰিও সদস্যজনে বহু দৰিদ্ৰ ব্যক্তিৰ পৰা ধন দিয়াৰ বিনিময়ত ১০০ টকাকৈ দাবী কৰা বুলি জানিব পৰা গৈছে ৷

ধন বিলোৱাত অনিয়ম বিজেপি সদস্যৰ

তাৎপৰ্যপূৰ্ণ বিষয়টো হ’ল যি সময়ত দেশত দৰিদ্ৰ পৰিয়াল সমূহে "লক ডাউন"ৰ বাবে দুবেলা দুমুঠি খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে , তাৰ বিপৰীতে কাকপথাৰৰ লগতে বিভিন্ন অঞ্চলত বিজেপিয়ে নিজ দলৰ সদস্যৰ পৰিয়ালক ধনৰ লগতে অন্য সুবিধা প্ৰদান কৰাৰ অভিযোগ আহিছে ৷ এইদৰে লক ডাউন অমান্য কৰি শ শ শ্ৰমিক ৰাজপথলৈ উলাই অহাৰ কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.