ETV Bharat / state

ডুমডুমাত দুজনকৈ মাইক্ৰ’ ফাইনেঞ্চৰ কৰ্মচাৰীৰ পৰা ধন লুট

author img

By

Published : Dec 6, 2020, 1:41 PM IST

শনিবাৰে ডুমডুমাত পুনৰ দুটাকৈ ডকাইতি কাণ্ড ৷ মাইক্ৰ’ফাইনেন্সৰ দুজন কৰ্মচাৰীৰ পৰা ডকাইতৰ দলে লুটিলে ম’বাইল ফোনসহ নগদ ধন ৷ ডুমডুমা আৰক্ষী থানাৰ পৰা মাত্ৰ ডেৰ কিলোমিটাৰৰ দূৰত্বত 45 মিনিটৰ ব্যৱধানত সংঘটিত হয় এই ডকাইতি কাণ্ড ৷

robbery case again in doomdooma
ধাৰাবাহিক ডকাইতি কাণ্ড

ডুমডুমা,6 ডিচেম্বৰ : ডকাইতৰ ৰম্যভূমিলৈ পৰিণত হৈছে তিনিচুকীয়া জিলাৰ ডুমডুমা চহৰ ৷ বিগত প্ৰায় এবছৰৰ পৰা ডুমডুমা চহৰৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত নিতৌ চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হোৱা পৰিলক্ষিত হৈছে ৷ ইয়াৰ সমান্তৰালকৈ শনিবাৰেও সন্ধিয়াৰ ভাগত ডুমডুমা চহৰত সংঘটিত হয় দুটাকৈ ডকাইতি কাণ্ড ৷ মাইক্ৰ’ফাইনেঞ্চৰ দুজন যুৱকক দুটাকৈ স্থানত বাইকত অহা দুৰ্বৃত্তৰ দলে অস্ত্ৰ দেখুৱাই কাঢ়ি নিয়ে নগদ ধনসহ ম’বাইল ফোন, নথি-পত্ৰ ৷

ধাৰাবাহিক ডকাইতি কাণ্ড

কাকপথাৰৰ ৰিদিপ হাজৰিকা আৰু ফিল’বাৰী গাভৰুভেটিৰ প্ৰাঞ্জল লহকৰ নামৰ মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ দুগৰাকী কৰ্মচাৰীৰ পৰা ক্ৰমে 45 হাজাৰ আৰু 20 হাজাৰকৈ টকাসহ ম’বাইল ফোন, নথি-পত্ৰ আদি কাঢ়ি লৈ যায় দুৰ্বৃত্তৰ দলে । প্ৰথমটো ডকাইতি কাণ্ড ডুমডুমাৰ মানখোৱাত আৰু দ্বিতীয়টো ৰূপাই চাইডিংৰ জোনাকী পথত সংঘটিত হয় ৷ প্ৰাঞ্জল লহকৰ নামৰ কৰ্মচাৰীজনক ডকাইতৰ দলটোৱে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ।

উল্লেখ্য যে, দুয়োটা ডকাইতি কাণ্ড ডুমডুমা আৰক্ষী থানাৰ পৰা মাত্ৰ ডেৰ কিলোমিটাৰৰ দূৰত্বত 45 মিনিটৰ ব্যৱধানত সংঘটিত হৈছে । লক্ষ্যণীয় কথা এয়ে যে, ধাৰাবাহিকভাৱে চলি থকা এই ডকাইতি কাণ্ডৰ সৈতে জড়িত এটাও অপৰাধীক বৰ্তমানো ডুমডুমা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই ।

লগতে পঢ়ক : কলিয়াবৰত বিশেষভাৱে সক্ষম লোকক সামগ্ৰী বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.