ETV Bharat / state

ডুমডুমাত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আয়োজন - road safty and free eye check up program in tinsukiya

ডুমডুমাত জিলা পৰিবহন বিষয়াৰ উদ্যোগত মংগলবাৰে,ডুমডুমা লায়ঞ্চ ক্লাৱত বিনামূলীয়া চকু পৰীক্ষা শিবিৰৰ এক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। "চড়ক সুৰক্ষা-জীৱন ৰক্ষা" এই মূলমন্ত্ৰক সাৰোগত কৰি,৩২ সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ কাৰ্যসূচী হাতত লয় তিনিচুকীয়া জিলা পৰিবহন বিভাগে ৷

ডুমডুমাত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ সম্পন্ন

author img

By

Published : Feb 2, 2021, 12:44 PM IST

ডুমডুমা, 2 ফেব্ৰুৱাৰী : 18 জানুৱাৰীৰ পৰা সমগ্ৰ ৰাজ্যতে মাহজুৰি পালন কৰা হৈছে পথ সুৰক্ষা সপ্তাহ ৷ পথ সুৰক্ষা সপ্তাহৰ লগত সংগতি ৰাখি ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে বিভিন্ন কাৰ্যসূচী ৷

পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি ডুমডুমাত জিলা পৰিবহন বিষয়াৰ উদ্যোগত মংগলবাৰে ডুমডুমা লায়ঞ্চ ক্লাৱত বিনামূলীয়া চকু পৰীক্ষা শিবিৰৰ এক কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।

ডুমডুমাত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আয়োজন

তিনিচুকীয়া জিলা পৰিবহন বিভাগে "চড়ক সুৰক্ষা-জীৱন ৰক্ষা"এই মূলমন্ত্ৰক সাৰোগত কৰি,৩২ সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ কাৰ্যসূচী হাতত লয় ৷

তিনিচুকীয়া জিলা পৰিবহন বিষয়া (ডি টি অ')ৰ উদ্যোগত অনুষ্ঠিত কৰা চকু পৰীক্ষাৰ এই শিবিৰত বাণিজ্যিক যান-বাহনৰ চালক সকলৰ লগতে কৰ্মচাৰী সকলৰো বিনামূলীয়া চকু পৰীক্ষা কৰা হয় ৷

ডুমডুমা লায়ঞ্চ ক্লাৱত বিশেষকৈ বাণিজ্যিক বাহনৰ চালক-কৰ্মচাৰীসকলৰ সুবিধাৰ বাবে অনুষ্ঠিত কৰা চকু পৰীক্ষা শিবিৰত ডুমডুমা অঞ্চলৰ বাণিজ্যিক বাহনৰ চালক-কৰ্মচাৰীসকলৰ লগতে সামাজিক,সাংস্কৃতিক,সাহিত্য আৰু সংবাদ ক্ষেত্ৰৰ লোকসকলেও অংশগ্ৰহণ কৰে ।

পথ সুৰক্ষাৰ প্ৰতি জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা বিনামূলীয়া চকু পৰীক্ষা শিবিৰৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজেও সুফল লাভ কৰিব বুলি আশা কৰিছে আয়োজক সকলে ৷

লগতে পঢ়ক : কাব্যিক ভাষাৰে মন্ত্ৰী হিমন্তলৈ বার্তা প্ৰেৰণ ৰকিবুলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.