মাৰ্ঘেৰিটা , 19 অক্টোবৰঃ জনজাতীয় নেতা প্ৰসংন্ন তুৰুং আৰু তেওঁ পত্নী কমাই তুৰুং অপহৰণকা ঘটনাৰ CBI তদন্তৰ পুনৰ মুকলিৰ দাবীত শনিবাৰে মাৰ্ঘেৰিটাৰ হিলভিউত ৩৮ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰে টিৰাপ স্বায়ত্ব শাসিত জিলাপৰিষদে ৷ উল্লেখযোগ্য যে, ২০০৭ চনৰ ৯ এপ্ৰিলৰ পৰা ৰহস্যজনক ভাৱে নিৰুদিষ্ট জনজাতীয় নেতা প্ৰসন্ন তুৰুং আৰু তেঁওৰ পত্নী ক'মাই তুৰুঙৰ আজি পৰ্যন্ত কোনো শুংশ্ৰুত্ৰ নোলাল ৷ শ শ জনজাতীয় লোকৰ অংশগ্ৰহণেৰে টিৰাপ স্বায়ত্ব শাসিত জিলা পৰিষদ দাবী সমিতিয়ে জনজাতীয় নেতাজনৰ অপহৰণৰ ঘটনাৰ CBI তদন্ত পুনৰ ঘটনা পুনৰ মুকলি কৰাৰ লগতে টিৰাপ টাইবেল বেল্টত থকা জাগুন জনজাতি গাওঁ, নাফাই জনজাতিয় গাঁও আদি অঞ্চলত থকা লোক সকলক মাটিৰ পট্ৰা প্ৰদান, নামফাই লিচাং গাঁও লোক সকলক পুনৰ সংস্থাপনকে ধৰি কেইবাটাও দাবীৰে পথ অৱৰোধ কৰাৰ ফলত দুই ঘন্টা ধৰি অচল হৈ অঞ্চলটোৰ স্বাভাৱিক জনজীৱন ৷
লগতে পঢ়কঃ নুমলীগড় শোধনাগাৰক লৈ আমছুৰ প্ৰতিবাদ