শদিয়া,26 ডিচেম্বৰঃ অৰুণাচল প্ৰদেশৰ চৌখাম আলুবাৰীৰ পৰা শদিয়াৰ বিকাশ লিম্বু নামৰ যুৱকজন বিগত এটা মাহে সন্ধানহীন হৈ থকাৰ পৰিপেক্ষিতত যুৱকজনৰ সম্ভেদ বিচাৰি কাকপথাৰৰ ডিৰাক গেটত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে গোৰ্খা ছাত্ৰ সন্থাই ৷ ডিৰাকগেটৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি অতিসোনকালে যুৱকজনৰ সম্ভেদ উলিয়াই যুৱকজনৰ লগতে পৰিয়ালটোক ন্যায়ৰ দাবী জনায় প্ৰতিবাদকাৰীয়ে ৷
![কাকপথাৰ ডিৰাক গেটত ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-sadiya-26dcmbr-roadblock-mintutalukdar_26122020164720_2612f_1608981440_966.jpg)
অৰুণাচল প্ৰদেশৰ চৌখাম আলুবাৰীত কৰ্মৰত শদিয়াৰ চুনপুৰাৰ যুৱকজনক স্থানীয় ১০জন যুৱক আৰু যুৱতীয়ে হত্যা কৰাৰ অভিযোগ কৰিছে সংগঠনটোৰ লগতে যুৱকজনৰ পৰিয়াল বৰ্গই ৷ বিগত এটা মাহে সন্ধান উলিয়াব নোৱাৰা অৰুণাচল প্ৰদেশ প্ৰশাসনৰ বিৰুদ্ধে সৌচ্ছাৰ হৈ পৰে সংগঠনটো ৷ সহস্ৰাধীক ৰাইজে অতিসোনকালে যুৱকজনৰ সন্ধান উলিয়াব নোৱাৰিলে ইয়াতকৈ ভয়ংকৰ কাৰ্যসুচী হাতত লোৱাৰ হুংকাৰ দিয়ে ৷
লগতে পঢ়কঃ গোৱালপাৰাত বন্যহস্তীৰ তাণ্ডৱ