ETV Bharat / state

তিনিচুকীয়াত একেদিনাই দুটা পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত তিনি - Police search operation against alcoholic driver

Road accident in Tinsukia: তিনিচুকীয়াত দুটাকৈ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত তিনি ৷ সুৰাপায়ী চালকক নাকী লগাবলৈ আহ্বান স্থানীয় ৰাইজৰ ৷

Road safety Week and accident in Assam
পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত তিনি
author img

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 5:47 PM IST

পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত তিনি

তিনিচুকীয়া, ১৭ ডিচেম্বৰ: আজি তিনিচুকীয়াত দুটাকৈ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দুয়োটা দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় তিনি গৰাকীকৈ আৰোহী । প্ৰথমটো দুৰ্ঘটনা পুৱা প্ৰায় ১১ বজাত তিনিচুকীয়াৰ এ টি ৰ'ডৰ এছ কে পইণ্টত এখন চ'টা হাতী বাহনে ৰখাই থোৱা ছুপাৰত খুন্দা মৰাৰ ফলত চ'টা হাতী বাহনখনত থকা চালক আৰু আৰোহী দুয়োগৰাকী আঘাতপ্ৰাপ্ত হয় ৷ পৰৱৰ্তী সময়ত দুয়োকে ততাতৈয়াকৈ স্থানীয় ৰাইজে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ৷ পথ দুৰ্ঘটনা সংঘটিত হোৱা AS23 DC1836 নম্বৰ চ'টা হাতী বাহনখনৰ ক্ষতিসাধন হয় ৷

ইফালে, দিনৰ ২ বজাত পুনৰ মাকুম পথৰ শুকানপুখুৰীত মাকুম দিশৰ পৰা অহা AS23 DC1908 নম্বৰৰ এখন দ্ৰুতবেগী ট্ৰাকে প্ৰথমে AS23 AC5933 নম্বৰৰ এখন যাত্ৰীবাহী অট'ক খুন্দা মাৰি পুনৰ কৃষ্ণা মন্দিৰৰ সমীপত এগৰাকী বাইচাইকেল আৰোহীক খুন্দা মাৰে । এই দ্ৰুতবেগী ট্ৰাকখনে লগতে আন এখন বিলাসী বাহনতো খুন্দা মাৰে ৷ ফলত অট'খনৰ এগৰাকী মহিলা আৰোহী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত ততাতৈয়াকৈ তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে ।

ইয়াৰ পিচতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ট্ৰাকসহ চালকক আটক কৰি তিনিচুকীয়া আৰক্ষী থানালৈ লৈ যায় ৷ স্থানীয় ৰাইজে উল্লেখ কৰা অনুসৰি ট্ৰাকখনৰ চালকজনে অত্য়াধিক সুৰাপান কৰি বাহন চলোৱাৰ বাবেই সংঘটিত হৈছে ইটোৰ পাছত সিটো পথ দুৰ্ঘটনা । ইয়াৰ পূৰ্বেও ট্ৰাকখনে মাকুমত আন এটা পথ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিবলৈ চেষ্টা কৰোতেই সংঘটিত হৈছে দুটাকৈ পথ দুৰ্ঘটনা ৷ এনে সুৰাপায়ী চালকক নাকী লগাবলৈ স্থানীয় ৰাইজে আৰক্ষী তথা পৰিবহণ বিভাগক দাবী জনাইছে ক্ষুব্ধ স্থানীয় লোক ।

লগতে পঢ়ক:আইদেউ সন্দিকৈৰ মৃত্যু বাৰ্ষিকীত চৰকাৰৰ প্ৰতি ক্ষোভ স্থানীয় লোকৰ, কিন্তু কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.