ETV Bharat / state

প্ৰতিভাৱান কিশোৰ ঋষভৰ শেষকৃত্য সম্পন্ন

author img

By

Published : Jul 11, 2020, 7:15 PM IST

অকালতে হেৰাই গ'ল এটি প্ৰতিভা । প্ৰতিভাৱান কিশোৰ ঝষভ দত্ত গুচি গ'ল কোনো অজান দেশলৈ । শনিবাৰে বেংগালুৰুৰ পৰা কাকপথাৰৰ বাসগৃহ পালেহি ঋষভৰ নশ্বৰদেহ ।

rishab dutta's cremation completed at kakapathar
প্ৰতিভাৱান কিশোৰ ঋষভৰ শেষকৃত্য সম্পন্ন

শদিয়া, ১১ জুলাই: ঋষভ দত্ত আৰু নাই । অকালতে হেৰাই গ'ল এটা প্ৰতিভাৱান কণ্ঠ । মৃত্যুৰ আগমূহুৰ্তত এটি গীতে বহুতকে কন্দুৱাই অজান দেশলৈ গ'লগৈ ঋষভ । শনিবাৰে বেংগালুৰুৰ পৰা এই প্ৰতিভাৱান কিশোৰ গৰাকীৰ নশ্বৰদেহ পালেহি তেওঁৰ জন্মভূমি কাকপথাৰৰ বাসগৃহ । ইয়াৰ পিছতেই সমগ্ৰ অঞ্চলটোতে এক শোকৰ পৰিৱেশে চানি ধৰিলে । পৰিয়ালৰ আত্মীয় স্বজন,বিভিন্ন দল সংগঠনকে আদি কৰি বহু লোকে ভিৰ কৰিলেহি ঋষভৰ বাসগৃহ । শেষ বাৰৰ বাবে সেৱা জনাই সকলোৱে জ্ঞাপন কৰিলে শ্ৰদ্ধাঞ্জলী ।

প্ৰতিভাৱান কিশোৰ ঋষভৰ শেষকৃত্য সম্পন্ন

বেংগালুৰুৰ পৰা বিশেষ বিমান যোগে অনা ঋষভৰ নশ্বৰ দেহ কাকপথাৰ আহি পোৱাৰ পিছতেই প্ৰতিভাৱান কিশোৰ গৰাকীৰ সহপাঠী, শিক্ষাগুৰু স্থানীয় যুৱক যুৱতী সকলো কান্দোনত ভাঙি পৰে । সদৌ অসম ছা্ত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদকে আদি কৰি ছাত্ৰ সংগঠনৰ নেতা কৰ্মী সকলেও ঋষভৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে । সকলো বৈদিক ৰীতি নীতি সম্পাদনৰ অন্তত কাকপথাৰ ৰাজহুৱা শ্মশানত প্ৰতিভাৱান কিশোৰগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.