ETV Bharat / state

Meri Maati Mera Desh: অমৃত কলহ যাত্ৰা সন্দৰ্ভত তিনিচুকীয়াত জিলা পৰ্যায়ৰ সভা

তিনিচুকীয়াত অমৃত কলহ যাত্ৰা সন্দৰ্ভত জিলা পৰ্যায়ৰ সভা ৷ অমৃহ কলহ যাত্ৰা কাৰ্যসূচীত তিনিচুকীয়া জিলাবাসীক যোগদান কৰিবলৈ আহ্বান জনায় জিলা আয়ুক্তই ৷

author img

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 10:24 PM IST

Updated : Sep 19, 2023, 10:31 PM IST

Tinsukia News
অমৃত কলহ যাত্ৰা সন্দৰ্ভত তিনিচুকীয়াত জিলা পৰ্যায়ৰ সভা

তিনিচুকীয়া, 19 ছেপ্টেম্বৰ : তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মঙলবাৰে "মোৰ মাটি মোৰ দেশ" অভিযানৰ আন এক বিশেষ কাৰ্যসূচী অমৃত কলহ যাত্ৰা সন্দৰ্ভত এক বিশেষ সভা অনুষ্ঠিত হয় ৷ জিলা আয়ুক্ত স্বপ্নীল পালৰ সভাপতিত্বত জিলা পৰ্যায়ৰ এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে জিলাখনৰ বাকীকেইটা বিধানসভা সমষ্টিৰ বিধায়কসকলৰ প্ৰতিনিধি, স্থানীয় দল-সংগঠনসমূহৰ বিষয়ববীয়া আৰু তিনিচুকীয়াৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত আছিল সভাত ৷ উক্ত সভাত জিলা আয়ুক্তগৰাকীয়ে "মোৰ মাটি মোৰ দেশ " অভিযানৰ অমৃত কলহ যাত্ৰা শীৰ্ষক এই বিশেষ কাৰ্যসূচীৰ বিষয়ে বিতংভাবে বৰ্ণনা কৰে ।

সভাত জিলা আয়ুক্তগৰাকীয়ে শান্তি আৰু একতাৰ এনাজৰীৰে একত্ৰিত হৈ "মোৰ মাটি মোৰ দেশ" অভিযানৰ অমৃহ কলহ যাত্ৰা কাৰ্যসূচীত তিনিচুকীয়া জিলাবাসী, ৰাইজক যোগদান কৰিবলৈ আহ্বান জনায় । এই অমৃত কলহ যাত্ৰা কাৰ্যসূচী জিলাখনত সৰ্বতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰিবৰ বাবে সভাত উপস্থিত সকলো বিশিষ্ট ব্যক্তি, দল-সংগঠনৰ বিষয়ববীয়াক আয়ুক্তগৰাকীয়ে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ।

উল্লেখযোগ্য যে, "মোৰ মাটি মোৰ দেশ" অভিযানৰ অধীনত অনুষ্ঠিত হ’ব লগীয়া অমৃত কলহ যাত্ৰা কাৰ্যসূচীত সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে তিনিচুকীয়া জিলাৰ অন্তৰ্গত প্ৰতিটো ৰাজহ গাঁও, পৌৰসভাৰ প্ৰতিটো ৱাৰ্ডৰ অন্তৰ্গত প্ৰতিঘৰ পৰিয়ালৰ পৰা এমুঠিমান মাটি অথবা চাউল সংগ্রহ কৰা হ’ব । ইয়াৰ পাচতে এই মাটি বা চাউল ক্ৰমান্বয়ে প্ৰতিটো গাওঁ পঞ্চায়ত অথবা পৌৰসভা, প্ৰতিটো উন্নয়নখণ্ড তাৰ পিচত ৰাজ্যিক পৰ্য্যায়ত আৰু শেষত দেশৰ ৰাজধানী নতুন দিল্লীলৈ লৈ যোৱা হ'ব । নতুন দিল্লীৰ "National War Memorial"ৰ সমীপত নিৰ্মাণ হ’বলগীয়া অমৃত উদ্যানত এই মাটি ব্যৱহাৰ কৰা হ’ব ৷

লগতে পঢ়ক:Meri Mitti Meri Desh: অমৃত কলহ যাত্ৰাত কোনো যাতে বাদ নপৰে সেয়া সুনিশ্চিত কৰিবলৈ আহ্বান

Last Updated : Sep 19, 2023, 10:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.