শদিয়া, 3 এপ্ৰিল: মন্ত্ৰী পীযুষ হাজৰিকাৰ এটা ব্যক্তব্যই তোলপাৰ লগাইছে এতিয়া ৰাজ্য ৷ মন্ত্ৰী পীযুষ হাজৰিকাই এটা ব্যক্তিগত সংবাদমাধ্যমৰ সাংবাদিকক টেলিফোনযোগে অবাচ্য ভাষাৰে ভাবুকি দিয়া সন্দৰ্ভত উত্তাল হৈ পৰে ৰাজ্য ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তত শুকুৰবাৰে অসম চৰকাৰৰ মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ শুকুৰবাৰে বিয়লি কাকপথাৰ প্ৰেছ ক্লাৱ, কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদ কাকপথাৰ আঞ্চলিক সমিতিয়ে যৌথভাৱে কাকপথাৰ চাৰিআলিত মন্ত্ৰীগৰাকীৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷
কাকপথাৰ চাৰিআলিত মন্ত্ৰী গৰাকীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত উত্তাল হৈ পৰে ৰাজপথ ৷ কেৱল মন্ত্ৰী গৰাকীক গ্ৰেপ্তাৰ কৰাই নহয়, মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে প্ৰতিবাদমুখৰ হৈ পৰিল কাকপথাৰ চাৰিআলি ৷
লগতে পঢ়ক: পৰৱৰ্তী ৪৮ ঘণ্টালৈ নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাই