ETV Bharat / state

Rati Bihu Celebrated: হাতত চাকচনী লৈ ৰাতি বিহুতলীত দুই মন্ত্ৰী

author img

By

Published : Apr 29, 2023, 11:05 PM IST

ঐতিহ্য পৰম্পৰা অক্ষুন্ন ৰাখি তিনিচুকীয়াৰ কাকপথাৰত উদযাপন কৰা হয় ৰাতি বিহু (Rati Bihu Celebrated at Kakopothar in Tinsukia) । নিশা মৰাণ জনগোষ্ঠীৰ কেউটা সংগঠনৰ উদ্যোগত আৰু অসম পৰ্যটন বিভাগৰ সহযোগত শুকুৰবাৰে উদযাপন কৰা হয় ৰাতি বিহু । কাকপথাৰত মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত ৰাতি বিহুত বিহু জুৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিমল বড়াই ৷

Rati Bihu Celebrated at Kakopothar in Tinsukia
হাতত চাকচনী লৈ দুই মন্ত্ৰী ৰাতি বিহুতলীত

তিনিচুকীয়া, ২৯ এপ্ৰিল: তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ৩নং কাকপথাৰ মধ্য ইংৰাজী বিদ্যালয় ৰাজহুৱা খেলপথাৰত শুকুৰবাৰে নিশা মৰাণ জনগোষ্ঠীৰ কেউটা সংগঠনৰ উদ্যোগত আৰু অসম পৰ্যটন বিভাগৰ সহযোগত আয়োজন কৰা হয় ৰাতি বিহু (Rati Bihu Celebrated at Kakopothar in Tinsukia) । মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত ৰাতি বিহুত অংশ লৈ হাতত চাকচনী মাৰি লৈ থলুৱা গীত জুৰি মৰাণ গাভৰুসকলক নচুৱালে সাংস্কৃতিক মন্ত্ৰী বিমল বড়া, অসম পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Tourism Minister Jayanta Malla Baruah) ৷

মন্ত্ৰী দুগৰাকীক সংগ দিয়ে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, শদিয়াৰ বিধায়ক বলিন চেতিয়া, ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা আৰু ডিগবৈৰ বিধায়ক সুৰেণ ফুকনে ৷ ভূমিপুত্ৰ মৰাণ জনজাতিৰ ব'হাগ বিহুৰ অন্যতম আপুৰুগীয়া ঐতিহাসিক পৰম্পৰা ৰাতি বিহু । বিভিন্ন ধৰ্মীয় ৰীতি-নীতিৰ লগতে কঠোৰ নিয়মৰ মাজেৰে পালন কৰা হয় এই ৰাতি বিহু (Rati Bihu of Moran tribe) ।

বিগত কেইবাবাৰো ধৰি প্ৰতিকীৰূপে আয়োজন কৰা কাকপথাৰ ৰাতি বিহুৰ এইবাৰ কিছু ব্যতিক্ৰম । ৰীতি-নীতি, ধৰ্মীয় পৰম্পৰা এইবোৰ গতানুগতিক । ৰাতিবিহুক বিশ্ব পৰ্যটন ক্ষেত্ৰত স্থান দিয়াৰ লক্ষ্যৰে প্ৰথবাৰৰ বাবে অসম পৰ্যটন উন্নয়ন নিগমৰ সহযোগিতাত উদযাপিত হ'ল কাকপথাৰ ৰাতি বিহু । মৰাণসকলৰ এসময়ৰ ৰাজধানী কাকতল অৰ্থাৎ বৰ্তমানৰ কাকপথাৰৰ পৱিত্ৰ ভূমিত অনুষ্ঠিত হোৱা এই ৰাতি বিহুতলীত উপস্থিত হয় অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বড়া (Culture Minister Bimal Bora) ।

লগতে উপস্থিত থাকে অসমৰ সকলো জাতি-জনগোষ্ঠীৰ লোক-সংস্কৃতি সংৰক্ষণৰ প্ৰাণকেন্দ্ৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰৰ লগতে বহুকেইগৰাকী বিভিন্ন বিভাগৰ বিশেষ বিশেষ ব্যক্তি । এই ৰাতি বিহুতেই মৰাণ জনজাতিৰ ৰাতি বিহুক বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰৰ এক সম্বল হিচাপে জীয়াই ৰাখিবলৈ মন্ত্ৰীদ্বয়ৰ লগতে বিভিন্নজনে আগৱঢ়োৱা কেইটামান অতি ইতিবাচক ঘোষণা ক্ৰমে আগন্তুক বৰ্ষৰে পৰা ৰাষ্ট্ৰীয় ফেষ্টিভেল ট্যুৰিজিম কেলেণ্ডাৰত ৰাতিবিহু অন্তৰ্ভুক্ত হ'ব (Rangali Bihu 2023) ।

লগতে স্বদেশী বিদেশী পৰ্যটকৰ অন্যতম আৰ্কষণৰ কেন্দ্ৰবিন্দু লৈ পৰ্যবেশিত কৰা হ'ব ৰাতি বিহু ৷ চলিত বৰ্ষৰ পৰাই ৰাতি বিহুক সংৰক্ষণ আৰু সংবৰ্ধন কৰিবলৈ চিন্তা-চৰ্চা কৰিম বুলি কথা দিয়ে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব ড৹ সুদৰ্শন ঠাকুৰে ৷ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক বিভাগৰ অধ্যাপক ড° সত্যকাম বৰঠাকুৰে গৱেষক ছাত্ৰ-ছাত্ৰী সকলে এতিয়াৰে পৰা ৰাতি বিহুকলৈ গৱেষণা কৰিব যাতে অসমৰ কৃষ্টি পথাৰত ৰাতি বিহু অধিক ৰূপত জিলিকি থাকে বুলি উল্লেখ কৰে ।

লগতে পঢ়ক: Thief jumped into water: ডেৰ ঘন্টা আৰক্ষীক নাকনি কাণনি কৰি ফিৰোজ অৱশেষত পৰিল জালত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.