তিনিচুকীয়া,২৬ এপ্ৰিলঃ তিনিচুকীয়াৰ বাঘজান গাঁওত মৰাণ জনগোষ্ঠীয় লোকসকলৰ ৰঙালী বিহু উদযাপন । কঁকাল ভাঙি নাচিলে ডেকা-বুঢ়া সকলোৱে । সমগ্ৰ ৰাজ্যৰ লগতে উজনিৰ তিনিচুকীয়া মৰাণ জনগোষ্ঠীয় লোকসকলেও উদযাপন কৰিলে ব'হাগ বিহু । ঢোঁল-পেঁপা-গগণাৰ মাতত ৰজনজনাইছে বাঘবৰ বিহুতলী। এফালে জাকে জাকে নাচনি আনফালে ঢুলীয়া সকলৰ ঢোঁলৰ চাপৰত কঁকাল ভাঙি নাছিলে গাঁৱৰ সকলোৱে । বাপতিসাহোন ৰঙালী বিহুৰ আনন্দই সকলোকে মুগ্ধ কৰে ৷ উল্লেখ্য যে মৰাণ জনগোষ্ঠীয় লোকসকলৰ ৰাতি বিহু আৰু গছৰ তলৰ বিহু উদযাপন কৰি মৰাণসকলে এনেদৰেই আনন্দ লোৱা দেখিবলৈ পোৱা যায়।
অধিক জানিবলৈঃ তামুলপুৰত ৰাভা কৃষ্টি সংস্কৃত জীয়াই ৰখাৰ চেষ্টা