মাৰ্ঘেৰিটা, 4 আগষ্ট : সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই 5 আগষ্টত ৰাম জন্মভূমি অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজন কৰা হ'ল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজ হাতে কৰিলে ৰাম মন্দিৰৰ শিলান্যাস ৷ ইফালে, ৰাম মন্দিৰ নিৰ্মাণৰ আনন্দত উৎফুল্লিত ৰাজ্যবাসী ৷
ৰাম মন্দিৰ নিৰ্মাণৰ আধাৰশিলাক লৈ মাৰ্ঘেৰিটাত বিতৰণ কৰিলে 31 হাজাৰ লাডু ৷ মাৰ্ঘেৰিটা যুৱ সমাজৰ উদ্যোগত মাৰ্ঘেৰিটা কালীবাৰী মন্দিৰ প্ৰাঙ্গণৰ পৰা যাত্ৰা কৰি লিডু, বৰগোলাই, মাৰ্ঘেৰিটা, পাৱৈ আদিত বিতৰণ কৰিলে ৩১ হাজাৰ বুন্দিয়া লাডু ৷
উল্লেখ্য যে, ৰাম মন্দিৰ আৰু বাবৰি মছজিদ নিৰ্মাণ বিবাদৰ অন্ত পেলাই উচ্চতম ন্যায়ালয়ে ৰাম মন্দিৰ নিৰ্মাণৰ ৰায় প্ৰদান কৰাত বুধবাৰে ভূমি পূজনত সমগ্ৰ দেশৰ লগতে মাৰ্ঘেৰিটাবাসীও উৎফুল্লিত হৈ পৰিছে ।
লগতে পঢ়ক : মালিগাঁৱৰ ৰাম মন্দিৰত বিশেষ পূজা অৰ্চনা