ETV Bharat / state

বাৰেকুৰিত ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহিল মহিলা - Anti Drugs mission in Assam

Anti Drugs Mission in Assam: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাতো ভয়াৱহ ৰূপ লৈছে মাৰাত্মক ড্ৰাগছৰ প্ৰচলনে ৷ জিলাখনৰ বহু ভিতৰুৱা অঞ্চললৈও শিপাইছে ইয়াৰ বেহা ৷

Anti Drugs mission in Assam
বাৰেকুৰিত ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহিল বাৰেকুৰিৰ মহিলা
author img

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 10:08 PM IST

বাৰেকুৰিত ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহিল বাৰেকুৰিৰ মহিলা

তিনিচুকীয়া, ২৪ ডিচেম্বৰ: যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে অভিযান ৷ ইয়াৰ পাছতো আৰক্ষীৰ চকুত ধূলি দি একাংশই চলাই আছে বেহা ৷ আৰক্ষীয়ে অপৰাধীক আটক কৰিলেও বেলেগ বেলেগ পদ্ধতিৰে সৰবৰাহকাৰীয়ে সৰবৰাহ কৰি আহিছে ড্ৰাগছ ৷ ৰাজ্যৰ গাঁৱে-ভূঁঞে, বহু ভিতৰুৱা অঞ্চললৈও প্ৰসাৰিত হৈছে ড্ৰাগছৰ প্ৰচলন ৷ এইবাৰ ড্ৰাগছৰ বিৰুদ্ধে তিনিচুকীয়াত ওলাই আহিল মহিলা ।

তিনিচুকীয়া জিলাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰা মাৰাত্মক ড্ৰাগছৰ প্ৰচলনৰ বাবে চিন্তিত হৈ পৰিছে সচেতন সমাজ । এই মৰণব্য়াধী ড্ৰাগছৰ অবাধ প্ৰচলনৰ ফলত ব্যাপকভাৱে বৃদ্ধি হৈছে পংগুত্ব । ভৱিষ্যতৰ দিশে ঠেলি দিয়া এইছআইভি ৷ যাৰ বাবে আজি তিনিচুকীয়াৰ বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ গৰিয়াটিং গাঁৱৰ ৰাজহুৱা খেলপথাৰৰ পৰা বাৰেকুৰি আঞ্চলিক মহিলা সমিতিৰ উদ্যোগত শাখা মহিলা সমিতি আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰে এক প্ৰতিবাদী আৰু সজাগতামূলক কাৰ্যসূচী ।

গৰিয়াটিং গাঁৱৰ খেলপথাৰৰ পৰা ড্ৰাগছ বিৰোধী প্ৰতিবাদী সমদলটো উলিয়াই ড্ৰাগছ সৰবৰাহকাৰী, ড্ৰাগছ আসক্তক সকীয়নি প্ৰদান কৰি বিভিন্ন শ্ল'গানেৰে বাৰেকুৰিৰ পৰিবেশ উত্তাল কৰি তোলে ৷ এইক্ষেত্ৰত বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ সম্পাদক মানৱ চুতীয়াই কয় যে বৃহত্তৰ বাৰেকুৰি অঞ্চলত শেহতীয়াকৈ ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পাবলৈ ধৰাটো অতি দুৰ্ভাগ্যজনক ।

বৰবিহ স্বৰূপ ড্ৰাগছৰ ব্যৱহাৰৰ ফলত যুৱ প্ৰজন্মৰ মাজত ভয়ংকৰ পৰিৱেশে বিৰাজ কৰিছে । সকলোৱে ঐক্যবদ্ধ প্ৰচেষ্টাৰে ড্ৰাগছৰ লগতে সমাজবিৰোধী চক্ৰৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিব লাগে । তেওঁ যুৱ চামৰ মাজত অবাধ প্ৰচলন হ'বলৈ ধৰা ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু সেৱনকাৰীসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনায় । এখন সুস্থ সমাজ গঢ় দিবলৈ সমাজৰ প্ৰত্যেকেই বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব লাগিব বুলি বক্তব্য আগবঢ়ায় ।

লগতে পঢ়ক:তিনিচুকীয়া শিৱসাগৰত গুলীবিদ্ধ ৪ জনক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.