ETV Bharat / state

Digboi Incident: ডিগবৈত দুৰ্নীতি বিৰোধী ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি বিপদত যুৱক - Public meets against corruption

তিনিচুকীয়াত আলফা স্বাধীনৰ নামত যুৱকক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান । নাৰী মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে জিলা আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্তক দিলে স্মাৰক পত্ৰ ৷

Digboi Incident
ডিগবৈত দুৰ্নীতি বিৰোধী ৰাজহুৱাসভাত অংশ গ্ৰহণ কৰি বিপদত যুৱক
author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 6:24 PM IST

ডিগবৈত দুৰ্নীতি বিৰোধী ৰাজহুৱাসভাত অংশ গ্ৰহণ কৰি বিপদত যুৱক

তিনিচুকীয়া, 26 অক্টোবৰ : এখন দুৰ্নীতি বিৰোধী সজাগতা সভা আৰু এই সভাত অংশগ্ৰহণ কৰা যুৱকক ফোনযোগে হত্যাৰ ভাবুকি দুৰ্বৃত্তৰ ৷ এই ঘটনা সংঘটিতত হৈছে ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত বাৰেকুৰি গাঁৱত ৷ উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত বাৰেকুৰি গাঁও পঞ্চায়তত সংঘটিত হোৱা দুৰ্নীতিক কেন্দ্ৰ কৰি বাৰেকুৰি গাঁও পঞ্চায়তৰ সন্মুখত যোৱা 23 অক্টোবৰত এখনি ৰাজহুৱা সভা আয়োজন কৰা হৈছিল ।

অভিযোগ অনুসৰি, বাৰেকুৰি গাঁৱৰ 700 লোকক প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত বাসগৃহ প্ৰদান কৰাৰ, অৰুণোদয় আঁচনিৰ নামত, জবকাৰ্ডৰ জৰিয়তে কাম দিয়াৰ নামত, মাছমৰীয়াসকলক আঁচনিৰ আওতালৈ অনাৰ বাবদ 2000 টকাকৈ ৰাইজৰ পৰা ধন সংগ্ৰহ কৰিছিল পঞ্চায়ত প্ৰতিনিধিয়ে ৷ বিভিন্ন আঁচনিৰ নামত ৰাইজৰ পৰা মুঠ 14 লাখ টকা পঞ্চায়ত সভানেত্ৰী, ৱাৰ্ড মেম্বাৰসকলে সংগ্ৰহ কৰাৰ এক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছিল স্থানীয় ৰাইজে । যাৰ বাবে এখন ৰজহুৱা সভা অনুষ্ঠিত হৈছিল ৷

উক্ত সভাতে গাঁৱৰ যথেষ্ট সংখ্যক স্থানীয় যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰি পঞ্চায়তৰ দুৰ্নীতিৰ বিৰুদ্ধে জিলা প্ৰশাসনক উপযুক্ত ব্যৱস্থা ল’বলৈ দাবী উত্থাপন কৰিছিল । ৰাইজে উত্থাপন কৰা অভিযোগৰ সন্দৰ্ভত প্ৰশাসনে পিছে ব্যৱস্থা গ্ৰহণ কৰিলে নে নাই সেয়া অৱগত নহয় ৷ কিন্তু উক্ত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰা বাৰেকুৰি গাঁৱৰ যুৱক অসীম চেতিয়াক ফোনযোগে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে দুৰ্বৃত্তই ৷

জানিব পৰা মতে, ৰাজহহৱা সভাত অংশগ্ৰহণ কৰাৰ বাবে 24 অক্টোবৰত সন্ধিয়া এজন অচিনাক্ত ব্যক্তিয়ে আলফা স্বাধীনৰ নাম লৈ চেতিয়াক বিভিন্ন ভয়-ভাবুকি প্রদান কৰাৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যকো হত্যাৰ ভাবুকি প্ৰদান কৰে । এই সমগ্ৰ ঘটনা সন্দৰ্ভত নাৰী মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বৃহস্পতিবাৰে তিনিচুকীয়া জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক এক স্মাৰক পত্ৰ দাখিল কৰে ৷

লগতে পঢ়ক:Ravan Dahan in Tinsukia: তিনিচুকীয়াৰ টিংৰাই হাবি গংগাপাৰা পূজা সমিতিৰ ৰাৱণ দহন কাৰ্সূযচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.