ETV Bharat / state

ক'লা বজাৰত উপলব্ধ ৰাজহুৱা যোগানৰ চাউল!

author img

By

Published : Aug 10, 2019, 12:51 PM IST

জাগুনত সুলভ মূল্যৰ চাউল উপলব্ধ হৈছে ক'লা বজাৰত ৷ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত জাগুন টিৰাপ সমবায় সমিতিৰ একাংশ এজেণ্টৰ বিৰুদ্ধে উত্থাপন হৈছে ব্যাপক দূৰ্নীতিৰ অভিযোগ ৷

ক'লা বজাৰত উপলব্ধ ৰাজহুৱা যোগানৰ চাউল

মাৰ্ঘেৰিটা, 10 আগষ্টঃ মাৰ্ঘেৰিটাৰ জাগুন টিৰাপ সমবায় সমিতিত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ অভিযোগ অনুসৰি দুখীয়া ৰাইজৰ বাবে চৰকাৰে যোগান ধৰা সুলভ মূল্যৰ চাউল ক'লা বজাৰত বিক্ৰী কৰি আহিছে একাংশ দুৰ্নীতিপৰায়ণ এজেন্টে ৷ যোগান বিভাগৰ ঘোচখোৰ বিষয়াৰ সৈতে লগলাগি ৰাইজৰ বাবে অনুমোদন জনোৱা ধন আত্মসাৎ কৰি আহিছে ৰাজু দেৱনাথ নামৰ এজেন্টজনে ৷ প্ৰতিগৰাকী হিতাধিকাৰীৰ কাৰ্ডৰ পৰা তেওঁলোকৰ প্ৰাপ্য় 5 কিলোগ্ৰামৰ পৰা 10 কিলোগ্ৰাম চাউল আত্মসাৎ কৰি অহা ৰাজু দেৱনাথক কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷

Intro:জাগুনত সুলভ মূল্য চাউল ব্যৱসায়ীৰ কলা বেহা

V/O:- দুখীয়া ৰাইজৰ চাউল কেলেংকাৰি উদৰ পুৰাইছে এজেন্টে। মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত জাগুন টিৰাপ সমবায় সমিতিৰ  সুলভ মূল্যৰ  একাংশ এজেণ্টে ব্যাপক দূৰ্নীতি কৰাৰ অভিযোগ উত্থাপন হৈছে ।

O/C:-প্ৰাপ্ত অভিযোগ অনুসৰি জাগুনৰ টিৰাপ সমবায় সমিতিৰ অন্তৰ্গত জাগুন ফৰেষ্ট গাঁ‌ৱৰ এজেন্ট ৰাজু দেৱনাথ নামৰ দোকানী জনে ৰাইজৰ বাবে সূলভমূল্যত বিতৰণৰ বাবে অহা চাউল দীৰ্ঘদিনে জাগুন অৰুণাচল ঘাটৰে অন্যস্থানত বিক্ৰী কৰি আহিছে । অন্যহাতে যি সকল দুখীয়া স্থানীয় হিতাধিকাৰী তেওঁলোকৰ প্ৰতিজনৰ কাৰ্ডৰ পৰা ৫ পৰা ১০কেজি পৰ্য্যন্ত চাউল আত্মসাৎ কৰি আহিছে। অঞ্চলটোৰ দুখীয়াই ৰাইজে পাব লগা চাউল দীৰ্ঘদিনে অবৈধ ভাৱে বিক্ৰী কৰি অহা ৰাজু দেৱনাথাক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন হৈছে। মাৰ্ঘেৰিটা যোগান বিভাগ বগা হাতীৰ ৰূপ লোৱা ফলতে মহকুমাটোৰ বিভিন্ন এজেন্ট এনে কলা বেহা লিপ্ত হবলৈ সুযোগ পাইছে । অভিযুক্ত এজেন্ট ৰাজু দেৱনাথৰ বিৰুদ্ধে কঠোৰ বেৱস্থা লবলৈ দাবী উত্থাপন কৰিছে ৰাইজে.
Body:Byte-1Conclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.