ETV Bharat / state

কাকপথাৰত মালিক পক্ষৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ চাহ কৰ্মচাৰী সংঘৰ

অসম চাহ কৰ্মচাৰী সংঘই আজিৰে পৰা তিনিদিনীয়াকৈ এই আধা ঘন্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ উল্লেখ্য যে অহা 9 ছেপ্তেম্বৰৰ পৰা তেওঁলোকে তিনিদিনীয়াকৈ বিয়লি 4 বজাৰ পৰা 5 বজালৈ আকৌ আধা ঘন্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব ৷

কাকপথাৰত মালিক পক্ষৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ চাহ কৰ্মচাৰী সংঘৰ
author img

By

Published : Sep 2, 2019, 1:18 PM IST

শদিয়া, 2 ছেপ্তেম্বৰঃ সোমবাৰে চাহ কৰ্মচাৰী সংঘৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে চাহ কৰ্মচাৰী সংঘৰ কুমচাং শাখাই কুমচাং চাহ বাগিছাৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ পুৱা 6.30 বজাৰ পৰা 7 বজালৈ চাহ বাগিছাখনৰ সকলো কৰ্মচাৰী বাগিছাখনৰ মুখ্য পথৰ সন্মুখত ধৰ্ণা দিয়ে ৷

কাকপথাৰত মালিক পক্ষৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ চাহ কৰ্মচাৰী সংঘৰ

তেওঁলোকৰ অভিযোগ অনুসৰি পে স্কেল ৰিভাৰ্ছৰ মতে 25 মাৰ্চ 2016ৰ পৰা 31 মাৰ্চ 2018 লৈ হোৱা চুক্তিৰ ম্যাদ উকলি যোৱা 17 মাহ হ'ল যদিও তেতিয়াৰ স্কেলতে দৰমহা তথা সা-সুবিধা চলি আছে ৷ অসম চাহ কৰ্মচাৰী সংঘই ইতিমধ্যে যোৱা 29 আগষ্টত ৰাজ্যৰ সকলো চাহ বাগিচাৰ মালিক পক্ষক স্মাৰক পত্ৰৰ যোগেদি বিষয়টো অৱগত কৰিছিল যদিও কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে ৷ সেয়ে অসম চাহ কৰ্মচাৰী সংঘই আজিৰে পৰা তিনিদিনীয়াকৈ এই আধা ঘন্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ উল্লেখ্য যে অহা 9 ছেপ্তেম্বৰৰ পৰা তেওঁলোকে তিনিদিনীয়াকৈ বিয়লি 4 বজাৰ পৰা 5 বজালৈ আকৌ আধা ঘন্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব ৷ আনহাতে 16 ছেপ্তেম্বৰত পোষ্টাৰিং,17 ছেপ্তেম্বৰত কৰ্মবিৰতি আৰু 26 ছেপ্তেম্বৰত অবিৰত অনশন কাৰ্যসূচী লোৱা হ'ব বুলি তেওঁলোকে জানিবলৈ দিয়ে ৷ চাহ বাগিচাৰ মালিক পক্ষই অতীতৰে পৰা বাগিছা সমূহৰ কৰ্মচাৰী সকলক প্ৰৱঞ্চনা কৰি অহাৰ বাতৰি সৰ্বজনবিদিত ৷ পিচে চাহ কৰ্মচাৰী সকলৰ এই প্ৰতিবাদ মালিকপক্ষই কেনেদৰে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ৷

Intro:কাকপথাৰৰ কুমচাং চাহ বাগিচাৰ সন্মুখত চাহ কৰ্মচাৰী সংঘৰ ধৰ্না, ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসুচী ঘোষণা

শদিয়া : চাহ কৰ্মচাৰী সংঘ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি কুমচাং চাহ কৰ্মচাৰী সংঘ কুমচাং শাখাই কুমচাং চাহ বাগিচাৰ সন্মুখত ধৰ্না কাৰ্যসুচী হাতত লয় ৷ পুৱা ছয় বাজি ত্ৰিশ মিনিটৰ পৰা সাত বজালৈ চাহ বাগিচাখন সকলো কৰ্মচাৰী বাগিচাখনৰ মুখ্য পথৰ সন্মুখত ধৰ্না দি প্ৰতিবাদ সাব্যস্ত কৰে ৷ কৰ্মচাৰী সকলে মালিক পক্ষই তেওঁলোকক কৰি অহা প্ৰবঞ্চনাৰ বিৰুদ্ধে সৌচ্ছাৰ হৈ পৰে ৷ তেওঁলোকৰ অভিযোগ অনুসৰি পে স্কেল ৰিভাৰ্ইছৰ মতে ২৫ মাৰ্চ ২০১৬ ৰ পৰা ৩১মাৰ্চ ২০১৮লৈ হোৱা চুক্তিৰ ম্যাদ উকলি যোৱা ১৭মাহ হল যদিও তেতিয়াৰ স্কেলটে দৰমহা তথা সা-সুবিধা চলি থকাটো আশ্বয্যকৰ বুলি ক্ষুভ ব্যক্ত কৰে ৷ অসম চাহ কৰ্মচাৰী সংঘই ইতিমধ্যে যোৱা ২৯আগষ্টত ৰাজ্যৰ সকলো চাহ বাগিচাৰ মালিক পক্ষক স্মাৰকপত্ৰৰ যোগেদি বিষয়টো অবগত কৰিছিল যদিও কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে ৷ অসম চাহ কৰ্মচাৰী সংঘই আজিৰে পৰা তিনিদিনীয়াকৈ এই আধা ঘন্টীয়া ধৰ্মঘট, অহা ৯ছেপ্টেম্বৰ পৰা তিনিদিনীয়াকৈ আবেলি চাৰি বজাৰ পৰা পাঁচ বজালৈ আকৌ আধা ঘন্টীয়া ধৰ্মঘট, ১৬চেপ্টেম্বৰত পোস্তাৰিং, ১৭চেপ্টেম্বৰত কৰ্মবিৰতি আৰু ২৬ চেপ্টেম্বৰত অবিৰত অনশন কাৰ্যসুচী লোৱা হব বুলি জানিবলৈ দিয়ে ৷ উল্লেখ্যে যে চাহ বাগিচাৰ মালিক পক্ষই অতিতৰে পৰা বাগিচাসমুহৰ কৰ্মচাৰী সকলক প্ৰবঞ্চনা কৰি অহাৰ বাতৰি সৰ্বজনবিদীত ৷ অসম চাহ কৰ্মচাৰী সকলৰ এনে ধৰণৰ প্ৰতিবাাদী কাৰ্যসুচী মালিকপক্ষই কেনেদৰে গ্ৰহণ কৰে সেইয়া হ'ব লক্ষ্যণীয় ৷Body:Byte : WorkersConclusion:Mintu Talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.