ETV Bharat / state

দীঘলীপুখুৰী-নুনমাটি সংযোগী উৰণ সেতুৰ নিৰ্মাণ বন্ধ কৰক: দাবী দেৱব্রত শইকীয়াৰ - LETTER TO CHIEF SECRETARY

গুৱাহাটীৰ দীঘলীপুখুৰী-নুনমাটি সংযোগী উৰণ সেতুৰ নিৰ্মাণকাৰ্য বন্ধ ৰখাৰ দাবীত অসমৰ মুখ্য সচিবলৈ বুধবাৰে এখন গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷

Etv Bharat
Etv Bharat (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 20, 2024, 9:27 PM IST

Updated : Nov 20, 2024, 10:23 PM IST

গুৱাহাটী: গুৱাহাটীৰ দীঘলীপুখুৰী-নুনমাটি সংযোগী উৰণ সেতুৰ নিৰ্মাণকাৰ্য বন্ধ ৰখাৰ দাবীত অসমৰ মুখ্য সচিবলৈ বুধবাৰে এখন গুৰুত্বপূৰ্ণ পত্ৰ প্ৰেৰণ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ পত্ৰখনত কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য উল্লেখ কৰে বিৰোধী দলপতিগৰাকীয়ে ৷

ইউৰোপত বিগত ত্ৰিশটা বছৰে এখনো উৰণ সেতু নিৰ্মাণ হোৱা নাই:

পত্ৰখনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই উল্লেখ কৰে, “দীঘলীপুখুৰী পাৰ-নুনমাটি সংযোগী উৰণ সেতু নিৰ্মাণৰ নামত গুৱাহাটীবাসীৰ জীৱন বিপন্ন কৰি তুলিছে চৰকাৰে । গুৱাহাটীৰ ঐতিহ্য, পৰিৱেশ, জৈৱ বৈচিত্ৰ, সৰ্বসাধাৰণ লোকৰ জীৱিকা আৰু জীয়াই থকাৰ অধিকাৰ বিপন্ন কৰি চৰকাৰে যি উৰণ সেতু নিৰ্মাণৰ কাম আৰম্ভ কৰিছে সেয়া শীঘ্ৰে বন্ধ কৰা উচিত । বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে গুৱাহাটীৰ যাতায়ত সুগম কৰিবলৈ এনে উৰণ সেতু নিৰ্মাণৰ কাম আৰম্ভ কৰা বুলি দাবী কৰিলেও ইয়ে যাতায়তৰ বাট সুগম নকৰাটো ইতিমধ্যে ইউৰোপ আৰু আমেৰিকাৰ অভিজ্ঞতাই স্পষ্ট কৰি দিছে । যাৰ বাবে ইউৰোপৰ কোনো এখন দেশতে বিগত ত্ৰিশটা বছৰে এনে কাম কৰা হোৱা নাই । ইয়াৰ বিপৰীতে আমেৰিকাই ইয়াৰ তিক্ত অভিজ্ঞতাৰ ভিত্তিত সম্প্ৰতি এইবোৰ ভাঙিবলৈহে আৰম্ভ কৰিছে । বিশ্বৰ অগ্ৰণী দেশসমূহৰ অভিজ্ঞতাৰ পৰা শিক্ষা নলৈ অসম চৰকাৰে এনে উৰণ সেতু নিৰ্মাণৰ উদ্যোগ গ্ৰহণ কৰি অসমৰ ঐতিহ্য, জৈৱ বৈচিত্ৰ, পৰিৱেশ ধ্বংস কৰাতে ক্ষান্ত নাথাকি গুৱাহাটীবাসীৰ জীৱন আৰু জীৱিকা বিপৰ্যস্ত কৰি তুলিছে ।"

নিৰ্মাণ বন্ধ নকৰিলে গুৱাহাটীবাসীৰ জীৱন বিপন্ন হ’ব:

“২০২৪ চনৰ ১ জানুৱাৰীৰ পৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দীঘলীপুখুৰী- নুনমাটি সংযোগী উৰণ সেতু নিৰ্মাণৰ কাম আৰম্ভ কৰিছে । এই কাম ২০২৬ চনৰ ভিতৰত শেষ কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰি বিগত ১১টা মাহত প্ৰাৰম্ভিক কাম-কাজ চলাই আছে । প্ৰাৰম্ভিক পৰ্যায়ৰ কাম-কাজৰ নামতেই গুৱাহাটীবাসীয়ে যমৰ যাতনা ভোগ কৰিবলগীয়া অৱস্থা সৃষ্টি হৈছে । প্ৰাৰম্ভিক পৰ্যায়ৰ কামত শব্দ আৰু ধূলিৰ প্ৰদূষণে শিশু, বৃদ্ধ আৰু ৰোগাক্ৰান্ত লোকৰেই নহয়, সৰ্বসাধাৰণ পথচাৰী তথা স্থানীয় বাসিন্দাসকলৰো জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে ।” শইকীয়াই এইদৰেও উল্লেখ কৰে পত্ৰখনত । ইয়াৰ উপৰিও এই নির্মাণকার্য আৰম্ভ কৰা অঞ্চলটোত কৃত্ৰিম বান আৰু প্ৰ ল যানজঁটে পথচাৰীৰ লগতে স্থানীয় বাসিন্দাসকলৰ জীৱন বিপন্ন কৰি তুলিছে বুলি পত্ৰখনত কয় বিৰোধীৰ দলপতিগৰাকীয়ে ৷ তেওঁ উল্লেখ কৰে— “এনে নির্মাণকাৰ্যৰে কমিচনৰ অংকত ব্যস্ত বিজেপি নেতৃত্বাধীন চৰকাৰে উৰণ সেতু নিৰ্মাণৰ পদক্ষেপ বন্ধ নকৰিলে গুৱাহাটীবাসীৰ জীৱন বিপন্ন হৈ পৰিব ।”

কেইবা হাজাৰ ব্যৱসায়িক প্ৰতিষ্ঠানক মাধমাৰ:

এই উৰণ সেতুখন নিৰ্মাণৰ নামত অঞ্চলটোৰ তিনিখনকৈ দৈনিক বজাৰ স্থানান্তৰিত হ'বলগীয়া হৈছে ৷ এই কথা উল্লেখ কৰি শইকীয়াই পত্ৰখনত কয়, "৫ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘৰ পথছোৱাৰ দুয়োকাষে থকা কেবা হাজাৰ ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান-পোহাৰ প্ৰতিকুল পৰিৱেশৰ বাবে হয় বন্ধ কৰিবলগীয়া হৈছে, নহয় গ্ৰাহকৰ অভাৱত মৃত্যুমুখী হৈছে । ইয়াৰ ফলত স্থানীয় লোকসকলে বজাৰ সমাৰ কৰিব নোৱাৰি উচ্চ মূল্যত অনলাইন যোগে সা-সামগ্ৰী ক্ৰয় কৰি জুৰুলা হ'বলগীয়া হৈছে । ই ভাৰতীয় জনগণক সংবিধানে প্ৰদান কৰা জীৱন আৰু জীৱিকা নিৰ্বাহৰ অধিকাৰৰ ওপৰত প্ৰচণ্ড আঘাত ।”

আনহাতে, গুৱাহাটীৰ কেইবাশ বছৰীয়া ঐতিহ্য ক্ষেত্ৰ দীঘলীপুখুৰীৰ পাৰৰ শ শ বছৰৰ প্ৰাচীন বৃক্ষ উভালি পেলোৱাৰ প্ৰস্তুতিৰ বিৰুদ্ধে জনসাধাৰণে প্ৰতিবাদ কৰিছিল ৷ প্ৰতিবাদকাৰীৰ বিৰুদ্ধে আইনগত আক্ৰমণ নমাই অনাৰ অভিযোগো মুখ্য সচিবক দিলে বিৰোধীৰ দলপতিগৰাকীয়ে । “চৰকাৰে বৃক্ষ ধ্বংসযজ্ঞ সাময়িকভাৱে স্থগিত ৰখা বুলি ঘোষণা কৰিছে যদিও আন্দোলনকাৰীৰ ওপৰত আইনগত আক্ৰমণ নমাই আনি চৰকাৰৰ অসৎ অভিপ্ৰায় উদঙাই দিছে । বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ এনে কাৰ্যৰ বিৰুদ্ধে জনগণে সুসংগঠিতভাৱে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিব লাগিব ।”

মেট্ৰ' ৰে'ল প্ৰকল্প ৰূপায়ন, ৰাজহুৱা পৰিবহন উন্নত কৰাৰ দাবী:

যানজঁটৰ পৰা পৰিত্ৰাণৰ বাবে ফ্লাই অভাৰ নহয়, মেট্ৰ' ৰে'ল প্ৰকল্প ৰূপায়ন, ৰাজহুৱা পৰিবহন উন্নত কৰাৰ প্ৰয়োজনীয়তাৰ কথা সোঁৱৰালে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াই ৷ মুখ্য সচিবৰ প্ৰতি উল্লেখ কৰিলে এইদৰে—“পৰিস্থিতিৰ গভীৰতালৈ লক্ষ্য ৰাখি গুৱাহাটীৰ ঐতিহ্য আৰু পৰিৱেশ সুৰক্ষিত কৰাৰ স্বাৰ্থত দীঘলীপুখুৰী পাৰৰ পৰা নুনমাটিলৈ নিৰ্মাণৰত উৰণ সেতু নিৰ্মাণৰ কাম শীঘ্ৰে বন্ধ কৰিবলৈ পুনৰবাৰ দাবী উত্থাপন কৰিছো । ইয়াৰ বিপৰীতে গুৱাহাটীৰ যানজঁট নিৰাময় কৰিবলৈ ইতিমধ্যে অসম চৰকাৰে প্ৰাৰম্ভিক সমীক্ষা সম্পূৰ্ণ কৰা মেট্ৰ' ৰে'ল প্ৰকল্প ৰূপায়ন কৰা; সুচল, সুগম আৰু ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ ক্ষিপ্ৰ উন্নয়নৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক গুৰুত্ব দিবলৈ আহ্বান জনাইছো ।”

লগতে পঢ়ক: উৰণ সেতুৰ নিৰ্মাণকাৰ্যত হস্তক্ষেপ বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ বিৰোধী দলপতি

Last Updated : Nov 20, 2024, 10:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.