ETV Bharat / state

ডিব্ৰুগড় জিলাত সংঘটিত হয় সৰ্বাধিক বাল্যবিবাহ: নাহিদ আফ্ৰিন - CHILD MARRIAGE IN ASSAM

গুৱাহাটীত অনুষ্ঠিত বিশ্ব শিশু দিৱসৰ কাৰ্যসূচীত ইউনিচেফৰ যুৱ এডভোকেট নাহিদ আফ্ৰিন । বাল্যবিবাহৰ প্ৰসংগত সৰৱ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী ।

Highest number of child marriages take place in Dibrugarh district
বিশ্ব শিশু দিৱস (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 20, 2024, 9:41 PM IST

গুৱাহাটী: "ৰাজ্যৰ ভিতৰতে ডিব্ৰুগড় জিলাত আটাইতকৈ অধিক বাল্যবিবাহৰ ঘটনা সংঘটিত হয় ৷" এই মন্তব্য কন্ঠশিল্পী তথা ইউনিচেফৰ যুৱ এডভোকেট নাহিদ আফ্ৰিনৰ । বিশ্ব শিশু দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি নাহিদ আফ্ৰিনে সকলোকে শুভেচ্ছা জনাই কয়,"ইউনিচেফৰ যুৱ এডভোকেট হিচাপে মোৰ দায়িত্ব আছে শিশুৰ সমস্যাৰ বিষয়ে সজাগ কৰাৰ । মই বিশেষকৈ বাল্যবিবাহ, মানসিক স্বাস্থ্য আদিৰ ওপৰত কাম কৰি আছোঁ ।"

জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে লগতে কয়,"অসমত বাল্যবিবাহৰ সমস্যা এটা গুৰুত্বপূৰ্ণ সমস্যা । সেয়েহে বাল্যবিবাহৰ নেতিবাচক প্ৰভাৱৰ বিষয়ে শিশুৰ লগতে অভিভাৱক সকলক সজাগ কৰাৰ চেষ্টা কৰি আছোঁ । অসমৰ ডিব্ৰুগড় জিলাত বাল্যবিবাহ সমস্যা অধিক দেখা গৈছে । তাৰ ওপৰত আমি কাম কৰি আছোঁ । তদুপৰি মুম্বাইত মানসিক স্বাস্থ্যৰ ওপৰত কাম কৰি আছোঁ । কিয়নো চহৰত বেছিকৈ মানসিক সমস্যাত ভোগা দেখা যায় । সেয়েহে ছাত্ৰ ছাত্ৰীৰ মাজত মানসিক স্বাস্থ্যৰ ওপৰত সজাগতা সৃষ্টি কৰিছোঁ । অতি শীঘ্ৰে মানসিক চিকিৎসাৰ ওপৰত প্ৰশিক্ষণ দিয়া হ'ব ।"

বিশ্ব শিশু দিৱস (ETV Bharat Assam)

আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছচিয়েল মিডিয়াত যোৱা ফেব্ৰুৱাৰীত দিয়া তথ্য অনুসৰি ৰাজ্যত ধুবুৰী জিলাত সৰ্বাধিক বাল্য বিবাহৰ গোচৰ ৰুজু হৈছে । ৩৬ খন জিলাৰ ভিতৰত ধুবুৰী জিলাত সৰ্বাধিক বাল্য বিবাহৰ গোচৰ ৰুজু হোৱাৰ লগতে দ্বিতীয় আৰু তৃতীয় স্থানত আছে হোজাই আৰু ওদালগুৰি জিলা । মুখ্যমন্ত্ৰী শৰ্মাই দিয়া তথ্য অনুসৰি বাল্য বিবাহৰ গোচৰ ধুবুৰী জিলাত ৩৭০ টা, ২৫৫টা হোজাই জিলাত আৰু ওদালগুৰি জিলাত ২৩৫ টা গোচৰ ৰুজু হৈছে ।

তদুপৰি বাল্য বিবাহৰ সৰ্বনিম্ন গোচৰ ৰুজু হোৱা জিলা তিনিখন হৈছে হাইলাকান্দি, হামৰেন আৰু তিনিচুকীয়া । তথ্য অনুসৰি তিনিচুকীয়া জিলাত ৭৩ টা, হামৰেন জিলাত ১৫ টা আৰু হাইলাকান্দি জিলাত ১ টা গোচৰ ৰুজু হৈছে ।

উল্লেখ্য যে ইউনিচেফৰ উদ্যোগত আৰু ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ সহযোগত বুধবাৰে গুৱাহাটী ভলীবল ক'চিং চেন্টাৰত বিশ্ব শিশু দিৱস পালন কৰা হয় ।

বিশ্ব শিশু দিৱসৰ লগত সংগতি ৰাখি জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ ওপৰত আলোচনা কৰা হয় । ইয়াৰ পিছতে অনুষ্ঠিত কৰা হয় এখন প্ৰীতি ভলীবল মেচ । অনুষ্ঠানটিত উপস্থিত থাকে ইউনিচেফ অসমৰ মুখ্য বিষয়া মধুলিকা জনাথন, ক্ৰীড়া কল্যান আৰু যুৱকল্যানৰ সচিব কে জে হিলালিকে ধৰি বহুসংখ্যক লোক ।

লগতে পঢ়ক: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ বিক্ষোভ

ঘৰুৱা হিংসাৰ পৰা ৰক্ষা পাবলৈ ফোন কৰিব পাৰিব হেল্পলাইন নম্বৰত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.