ETV Bharat / state

জনজাতিকৰণৰ দাবীৰে মাকুমত সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিবাদ

অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত শুকুৰবাৰে প্ৰতিবাদত নামিল সদৌ মৰাণ ছাত্ৰ সন্থাৰ মাকুম আঞ্চলিকৰ সদস্য সকল । বৰ্তমানৰ মহামাৰী ক'ৰণাৰ এনে বিভীষিকাময় পৰিস্থিতিৰ সময়তো ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা মৰাণ ছাত্ৰ সন্থাই পুনৰ নামিল ৰাজপথত ।

author img

By

Published : Jul 10, 2020, 8:55 PM IST

protest for demanding ST by moran student union at makum
জনজাতিকৰণৰ দাবীত মাকুমত সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিবাদ

মাকুম,১০জুলাই: জনগোষ্ঠীটোক অনুসূচীত জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ লগতে ষষ্ঠ অনুসূচীভূক্ত কৰি স্বায়ত্ব শাসন প্ৰদানৰ দাবী তুলি সদৌ মৰাণ ছাত্ৰ সন্থাৰ মাকুম আঞ্চলিক সমিতিয়ে মাকুমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত মতে জাৰি কৰা নতুন ভূমি নীতিৰ অধিসূচনা বাতিলৰ দাবীও উত্থাপন কৰিলে সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰী সকলে । লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰো দাবী জনালে প্ৰতিবাদকাৰী সকলে ।

জনজাতিকৰণৰ দাবীৰে মাকুমত সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ছাত্ৰ সংগঠনটোৰ অৰ্ধ শতাধিক সদস্যই হাতে হাতে প্লে কাৰ্ড লৈ বিজেপি চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, মৰাণ জনজাতিক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক ইত্যাদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সদৌ মৰাণ ছাত্ৰ সন্থাৰ মাকুম আঞ্চলিকৰ প্ৰতিবাদকাৰী ছাত্ৰসকলে তিনিচুকীয়া ৰাজহ চক্ৰ বিষয়াৰ যোগেদি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি, মৰাণ সকলক অতি শীঘ্ৰেই জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিবলৈ দাবী জনায় । অন্যথা পৰৱৰ্তী পৰ্যায়ত চৰকাৰৰ বিৰুদ্ধে ব্যাপক গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিলে ছাত্ৰ সংগঠনটোৱে ।

লগতে পঢ়কঃ ড্ৰাগছৰ বিৰুদ্ধে নগাঁৱত আছুৰ মানৱ শৃংখল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.