ETV Bharat / state

জনজাতিকৰণৰ দাবীৰে তিনিচুকীয়াত টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

author img

By

Published : Oct 5, 2020, 7:45 PM IST

সোমবাৰে তিনিচুকীয়াত জনজাতিকৰণৰ লগতে ভূমিপট্টা প্ৰদানৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে টাই আহোম ছাত্ৰ সন্থাই ৷

টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ
টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

শদিয়া, 5 অক্টোবৰ: টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ লগতে জনগোষ্ঠীটোৰ লোক সকলক ভূমিপট্টা প্ৰদানৰ দাবীৰে সোমবাৰে টাই আহোম ছাত্ৰ সন্থাই, কাকপথাৰৰ ডিৰাক গেটৰ পৰা তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ মটৰ চাইকেলেৰে এক সমদল উলিয়ায় ৷ শতাধিক মটৰ চাইকেলেৰে সমদল বাহিৰ কৰা প্ৰতিবাদকাৰী সকলে চৰকাৰ বিৰোধী ভিন্ন শ্ল'গান প্ৰদান কৰে ৷

জনজাতিকৰণৰ দাবীৰে তিনিচুকীয়াত টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ

কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে লোৱা মটৰ চাইকেল সমদলটোৱে শেষত জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰি তেওঁলোকৰ দাবী সমূহ পূৰণৰ বাবে আহ্বান জনায় ৷ সংগঠনটোৱে কৰা দাবী সমূহ অতি শীঘ্ৰেই সমাধান নকৰিলে ভৱিষ্যতে আন্দোলন অধিক কঠোৰ কৰি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক: গাহৰি ফার্মিঙেৰে যুৱ প্ৰজন্মক স্বাৱলম্বীতাৰ পথ প্ৰদৰ্শন বেংক বিষয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.