ETV Bharat / state

ভিন্ন দাবীৰে বাঘজানত আটছাৰ পথ অৱৰোধ কাৰ্যসূচী

বাঘজানৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত আশ্ৰয় শিবিৰত থকা লোকসকলক ক্ষতিপুৰণ আৰু ডুমডুমা-বাঘজান সংযোগী পথত থকা দলং মেৰামতিৰ দাবীৰে বুধবাৰে,বাঘজানৰ বান্দৰখাটি চাৰিআলিত দুঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে আটছাই ৷

আটছাৰ পথ অৱৰোধ কাৰ্যসূচী
আটছাৰ পথ অৱৰোধ কাৰ্যসূচী
author img

By

Published : Jul 22, 2020, 3:26 PM IST

ডুমডুমা, 22 জুলাই: বুধবাৰে বাঘজান-দীঘলটৰং শাখা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সদস্যসকলে বান্দৰখাটি চাৰিআলিত ৰূপায়ণ কৰে দুঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৷ প্ৰায় 45 দিন অতিক্ৰম কৰাৰ পাচতো বাঘজানৰ তৈলখাদ বিস্ফোৰণস্থলীৰ অগ্নি নিৰ্বাপন কৰিবলৈ কৰ্তৃপক্ষ অসমৰ্থ হৈছে বুলি অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে ৷ লগতে এই অগ্নিকাণ্ডৰ ফলত নিৰাপদ স্থানৰ সন্ধানত গৈ আশ্ৰয় শিবিৰত থকা লোকসকলক এককালীন সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল ৷ কিন্তু এই পৰ্যন্ত সেই ক্ষতিগ্ৰস্ত লোকসকলক কোনো সাহায্য প্ৰদান নকৰাৰো অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী সকলে ৷ আশ্ৰয় শিবিৰত থকা লোকসকলে যাতে অতি শীঘ্ৰেই ঘৰলৈ উভতি যাব পাৰে তাৰ বাবে চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় তেওঁলোকে ৷

ভিন্ন দাবীৰে বাঘজানত আটছাৰ পথ অৱৰোধ কাৰ্যসূচী

ইয়াৰোপৰি কিছুদিন পূৰ্বে খহি পৰিছিল ডুমডুমা-বাঘজান সংযোগী পথত থকা এখন পকী দলং ৷ দলং খন ভগাৰ বাবে যাতায়তৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ ৷ তৎসত্বেও সেই অঞ্চলৰ লোকৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ৷ তেওঁলোকৰ অভিযোগ চৰকাৰী সেই অঞ্চলৰ লোকৰ ওপৰত নিক্ষেপ কৰিছে মাহী আইৰ দৃষ্টি ৷ এই পথ অৱৰোধ কাৰ্যসূচীৰে আশ্ৰয় শিবিৰত থকা লোকসকলৰ লগতে, ডুমডুমা-বাঘজান সংযোগী পথত থকা দলং খনৰ বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰক দাবী জনায় অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সদস্যসকলে ৷

লগতে পঢ়ক: সৰ্বানন্দ সোণোৱালক আঁঠু লোৱা মুখ্যমন্ত্ৰী আখ্যা ৰিপুন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.