ETV Bharat / state

নামভৰ্তিৰ পৰা বঞ্চিত শিক্ষাৰ্থীঃ বিধায়কৰ বাসগৃহ ঘেৰাও - assam news

ডুমডুমা অঞ্চলৰ উচ্চশিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠান ডুমডুমা মহাবিদ্যালয়খনত নামভৰ্তিক কেন্দ্ৰ কৰি বিগত কিছু বছৰৰ পৰা এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে ।

বিধায়কৰ বাসগৃহ ঘেৰাও কৰি প্ৰতিবাদ শিক্ষাৰ্থীৰ
author img

By

Published : Aug 11, 2019, 8:59 PM IST

তিনিচুকীয়া, 11 আগষ্টঃ ডুমডুমাৰ বিধায়কৰ বাসগৃহ ঘেৰাও কৰি উত্তাল প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ ৷ ডুমডুমা মহাবিদ্যালয়ৰ নাম ভৰ্তিৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ উল্লেখ্য যে, ডুমডুমা অঞ্চলৰ উচ্চশিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠান ডুমডুমা মহাবিদ্যালয়খনত নামভৰ্তিক কেন্দ্ৰ কৰি বিগত কিছু বছৰৰ পৰা এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে । ছাত্ৰ-ছাত্ৰীৰ অনুপাতে মহাবিদ্যলয়খনত আসনৰ সংখ্যা সিমিত বাবেই মহাবিদ্যালয়ত নামভৰ্তিৰ পৰা বঞ্চিত হৈছে ছাত্ৰ-ছাত্ৰী । বিষয় সন্দৰ্ভত অঞ্চলটোৰ কেইবাটাও ছাত্ৰ সংগঠনে 26 জুনত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে ৷ নামভৰ্তিৰ পৰা বঞ্চিত শিক্ষাৰ্থীক তাতক্ষণিকভাৱে নামভৰ্তিৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাচতো বৰ্তমান পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ যাৰ বাবে স্থানীয় বিধায়ক দূৰ্গা ভূমিজৰ বাসগৃহ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাৰ্থীসকলে ৷

আনহাতে, বিধায়ক দূৰ্গা ভূমিজে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ এই মৌলিক অধিকাৰ কাঢ়ি নিয়াৰ ক্ষেত্ৰত বিজেপি চৰকাৰ খনেই দায়ী বুলি মন্ত্যব্য কৰি শীঘ্ৰে ছাত্ৰ ছাত্ৰী সকলৰ নামভৰ্ত্তি আশ্বাস দিয়ে ৷

Intro:Date--11/8/2019

Slug---ডুমডুমা মহাবিদ্যালয়ৰ নাম ভৰ্তিৰ পৰা বঞ্চিত ছাত্র ছাত্ৰীৰ দ্বাৰা ডুমডুমাৰ বিধায়কৰ বাকসগৃহ ঘেৰাও কৰি উত্তাল প্ৰতিবাদ।

V/O: অসমৰ চাহ নগৰী ৰূপে খ্যাত বৃহত্বৰ ডুমডুমা অঞ্চলৰ উচ্চশিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠান ডুমডুমা মহাবিদ্যালয়খনত নামভৰ্তিক কেন্দ্ৰ কৰি বিগত কিছু বছৰৰ পৰা এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে । ডুমডুমাৰ লগতে ইয়াৰ নিকতৱৰ্তী অঞ্চলসমূহৰ পৰা হাইস্কুল আৰু উচ্চ মাধ্যমিক চুড়ান্ত পৰিক্ষাত উত্তিৰ্ণ ছাত্ৰ-ছাত্ৰীৰ অনুপাতে মহাবিদ্যলয়খনত আসনৰ সংখ্যা একেবাৰে সিমিত । যাৰ পৰিপেক্ষিতত হাইস্কুল আৰু উচ্চ মাধ্যমিক চুড়ান্ত পৰিক্ষাত উত্তিৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয়ত নামভৰ্তিৰ পৰা বঞ্চিত হৈ আহিছে । এই বিষয়ে অঞ্চলটোৰ কেইবাটাও ছাত্ৰ সংগঠনে ২৬ জুন তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰীক সাক্ষাত কৰি স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে নামভৰ্তিৰ পৰা বঞ্চিত শিক্ষাৰ্থীক তাতক্ষণিক ভাৱে নামভৰ্তিৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছত সেই প্ৰতিশ্ৰুতি কাৰ্যকাৰী নকৰাত ধাৰাবাহিক ভাবে ছাত্র সংগঠনৰ লগতে ছাত্র ছাত্ৰী সকলে বহুতো প্ৰতিবাদী কাৰ্যসূচী চলাই আহিছিল। তাৰ পাছতে আটছা আৰু জিলা প্ৰশাসনৰ আলোচনাৰ অন্তত বঞ্চিত হৈ থকা ২৫০ গৰাকী ছাত্র ছাত্ৰীৰ ভিতৰত চল্লিছ গৰাকী ছাত্র ছাত্ৰীক মহাবিদ্যালয় খনত নাম ভৰ্তি ব্যৱস্থা কৰা হৈছিল। ২১০ গৰাকী ছাত্র ছাত্ৰী বৰ্ত্তমানেও বঞ্চিত হৈ আছে নামভৰ্তিৰ পৰা। সেইয়ে আজি ডুমডুমা মহাবিদ্যালয়ত নামভৰ্তিৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰীয়ে ঘেৰাও কৰি ৰাখে ডুমডুমা সমষ্টিৰ বিধায়ক দূৰ্গা ভূমিজৰ ডুমডুমা ৰূপাইৰ বাসগৃহ ।
অন্যহাতে, বিধায়ক গৰাকীয়ে ছাত্র ছাত্ৰীৰ শিক্ষাৰ এই মৌলিক অধিকাৰ কাঢ়ি নিয়াৰ ক্ষেত্ৰত বিজেপি চৰকাৰ খনেই দায়ী বুলি মন্ত্যব্য কৰি অতি শীঘ্ৰে ছাত্ৰ ছাত্ৰী সকলৰ নামভৰ্ত্তি আচ্ছাস দিয়ে বিধায়ক গৰাকীয়ে।

Byte: বিধায়ক
Byte: বঞ্চিত ছাত্ৰ-ছাত্ৰীBody:Date--11/8/2019

Byte: বঞ্চিত ছাত্ৰ-ছাত্ৰীConclusion:#ডুমডুমাৰ পৰা ভাস্কৰ দাহাল ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.