তিনিচুকীয়া, 11 জুনঃ বাঘজানৰ আশ্ৰয় শিবিৰত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পুত্তলিকা দাহ কৰি ক্ষোভিত ৰাইজৰ তীব্ৰ প্ৰতিবাদ ৷ মন্ত্ৰী গৰাকীয়ে প্ৰদান কৰা মন্তব্যত ক্ষোভিত হৈ এই প্ৰতিবাদ সাব্যস্ত কৰে বাঘজান কাণ্ডৰ ভুক্তভোগী জনসাধাৰণে ৷ ঘটনাৰ বিৱৰণী মতে,বুধবাৰে তিনিচুকীয়াৰ বাঘজানৰ তৈলখাদত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলে আশ্ৰয় গ্ৰহণ কৰা এটা শিবিৰ পৰিদৰ্শন কৰাৰ পাছতেই "ৰাছিয়া,ইৰাকৰ তুলনাত বাঘজানৰ জুই একোৱেই নহয়" বুলি মন্তব্য কৰিছিল মন্ত্ৰী গৰাকীয়ে ৷ মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছতেই ক্ষোভৰ সৃষ্টি হয় ভুক্তভোগী জনসাধাৰণৰ মাজত ৷ বৃহস্পতিবাৰে মন্ত্ৰী গৰাকীৰ এই মন্তব্যৰ বিৰোধিতাৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আশ্ৰয় শিবিৰত অৱস্থান গ্ৰহণ কৰা লোকসকলে ৷
লগতে পঢ়কঃ অইল ইণ্ডিয়াৰ হেমাহিৰ বাবেই সংঘটিত হ'ল বাঘজান কাণ্ড : অসম নাগৰিক সমাজ