ETV Bharat / state

ডুমডুমাত মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে সৰৱ গ্ৰাহক

মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে সৰৱ অসম-অৰুণাচল সীমান্তৱৰ্তী তৰাণী গাঁৱৰ মহিলাসকল । মাইক্ৰ'ফাইনেঞ্চ প্ৰতিষ্ঠানৰ ঋণ ৰেহাই দিয়াৰ লগতে বিদ্যুতৰ মাচুল ৰেহাই আৰু কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত বৃহৎ প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হয় ৷

author img

By

Published : Sep 7, 2020, 2:54 PM IST

Protest against Microfinance compannise in Dumduma
ডুমডুমাত মাইক্ৰফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে সৰৱ গ্ৰাহক

ডুমডুমা, 7 ছেপ্তেম্বৰ : মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী তৰাণী গাঁৱৰ মহিলাসকল । তৰাণী প্ৰাথমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত মহিলা সমিতিৰ উদ্যোগত আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পেঙেৰী আঞ্চলিক সমিতিৰ সহযোগত সোমবাৰে মাইক্ৰ'ফাইনেঞ্চ প্ৰতিষ্ঠানৰ ঋণ ৰেহাই দিয়াৰ লগতে বিদ্যুতৰ মাচুল ৰেহাই আৰু কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত এক বৃহৎ প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হয় ।

ৰাজ্যত কৰ'ণা মহামাৰীৰ পৰিপেক্ষিতত লকডাউন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ ফলত গ্ৰাম্যাঞ্চলৰ মহিলাসকল আৰ্থিকভাবে ক্ষতিগ্ৰস্ত হৈ পৰিছিল । যাৰ পৰিপেক্ষিতত মাইক্ৰ'ফাইনেঞ্চ প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণ সমূহ ঘূৰাই দিয়াত অসমৰ্থ হৈ পৰিছে গ্ৰাহকসকলে ।

আনহাতে, মাইক্ৰ'ফাইনেঞ্চ প্ৰতিষ্ঠান সমূহে RBIৰ নিয়ম নীতিক অংগুষ্ঠ প্ৰদৰ্শন কৰি গ্ৰামাঞ্চলৰ প্ৰতিগৰাকী মহিলাক 4 টাৰ পৰা 12 টা পৰ্যন্ত ঋণ প্ৰদান কৰি এই ঋণ পৰিশোধৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰি আহিছে বুলি অভিযোগ প্ৰদান কৰিছে । যাৰ ফলত এই মহিলা সকলে ঋণ পৰিশোধৰ সময়ত বিভিন্ন সমস্যাৰ সন্মূখীন হৈ আহিছে ।

ইফালে, নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত তথা কৃষক নেতা অখিল গগৈক অতি শীঘ্ৰেই মুক্তিৰ দাবী জনাই সংগঠনটোৰ লগতে উপস্থিত ৰাইজে ৷ সমান্তৰালকৈ তৰাণী গাঁৱৰ ৰাইজে সন্মূখীন হৈ অহা বিদ্যুতৰ সমস্যা সমাধানৰও দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক : এন আৰ চি পুনৰীক্ষণক লৈ মিছা মাতিছে চৰকাৰে : উপমন্যু হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.