ETV Bharat / state

Project Oil Jeevika: তিনিচুকীয়াত অইল জীৱিকা প্ৰকল্পৰ শুভাৰম্ভ - Oil India scheme Project Oil Jeevika

অইল ইণ্ডিয়া লিমিটেডে অন্যতম গুৰুত্বপূৰ্ণ আঁচনি 'অইল জীৱিকা প্ৰকল্প' সোমবাৰে তিনিচুকীয়াত শুভাৰম্ভ কৰা হয় (Project Oil Jeevika launched in Tinsukia)। অইল অধ্যুষিত অঞ্চলটোৰ ৰাইজৰ বিভিন্ন ক্ষেত্ৰৰ উন্নয়নৰ বাবে এই প্ৰকল্প ৰূপায়ণ কৰা হৈছে । তিনিচুকীয়াৰ অইলৰ কৰ্মাঞ্চলত এই প্ৰকল্প সফল হ'ব বুলি আশাবাদী কৰ্তৃপক্ষ ।

Oil India
তিনিচুকীয়াত অইল জীৱিকা প্ৰকল্পৰ শুভাৰম্ভ
author img

By

Published : Dec 19, 2022, 5:04 PM IST

তিনিচুকীয়াত অইল জীৱিকা প্ৰকল্পৰ শুভাৰম্ভ

তিনিচুকীয়া,১৯ ডিচেম্বৰ : তিনিচুকীয়াবাসীৰ বাবে সুখবৰ । অইল ইণ্ডিয়া লিমিটেডে জিলাখনৰ অইল অধ্যুষিত অঞ্চলত এক বিশেষ প্ৰকল্প আৰম্ভ কৰিছে । অঞ্চলটোৰ ৰাইজৰ সৰ্বাঙ্গীন উন্নয়নৰ স্বাৰ্থত অইল ইণ্ডিয়া লিমিটেডে আৰম্ভ কৰিছে অইল জীৱিকা প্ৰকল্প । সোমবাৰে তিনিচুকীয়াৰ হোটেল মিৰানাত অইল ইণ্ডিয়া লিমিটেডৰ অইল জীৱিকা প্ৰকল্পৰ শুভ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয় (Project Oil Jeevika launched in Tinsukia)৷

অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য আৱাসিক বিষয়া প্ৰশান্ত বৰকাকতিৰ লগতে অইল ইণ্ডিয়া লিমিটেডৰ বহুকেইগৰাকী বিভাগৰ বিষয়াৰ উপস্থিতিত আয়োজিত অনুষ্ঠানটোৰ জৰিয়তে আগন্তুক দিনত কেইবাটাও অইল অধ্যুষিত অঞ্চল সাঙুৰি এই জীৱিকা প্ৰকল্পৰ পৰিকল্পনা কৰাৰ কথা অৱগত কৰে (Project Oil Jeevika)। তিনিচুকীয়াৰ কেইবাটাও অইল অধ্যুষিত অঞ্চলৰ কৃষক, স্থানীয় সচেতন ৰাইজৰ উপস্থিতিত এই প্ৰকল্প সন্দৰ্ভত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য আৱাসিক বিষয়া প্ৰশান্ত বৰকাকতিয়ে বক্তব্য দাঙি ধৰি এয়া এক সপোনৰ পৰিকল্পনা বুলি জানিবলৈ দিয়ে ৷ নিজৰ প্ৰতিভাৰ জৰিয়তে সকলোৱে জীৱিকা লাভ কৰিব পাৰিব ৷

তেওঁ ৰাইজক উদ্দেশ্যি কয় যে সকলোৱে যদি যিকোনো কাম নিয়াৰিকৈ কৰিব পাৰে তেনেহ'লে নিশ্চয় সফল হ'ব পাৰিব ৷ তেওঁৰ মতে আমাৰ হাতত থকা সম্পদসমূহ উপস্থাপন কৰিব পাৰিব লাগিব ৷ তেওঁ ৰাইজৰ উন্নয়ন প্ৰতিশ্ৰুতি দি কয় যে অইল কৰ্তৃপক্ষই কেৱল তেল উলিয়াব তেনে নহয়, স্থানীয় ৰাইজক আগুৱাইও লৈ যাব লাগিব ৷ অইল অঞ্চলটোৰ ৰাইজৰ উদ্যোগ ৷ সেয়ে এই প্ৰকল্পৰ অধীনত সকলোকে নিষ্ঠাৰে কাম কৰিবলৈ তেওঁ আহ্বান জনায় । এয়া এক আন্দোলন পৰিণত হ'ব লাগে বুলিও তেওঁ কয় ৷

৪ বছৰৰ পাছত যাতে সকলোৱে স্বাৱলম্বী হ'ব পাৰে তাৰ বাবে অইল কৰ্তৃপক্ষই অইল জীৱিকা প্ৰকল্পৰ দৰে কাৰ্যসূচী হাতত লৈছে বুলিও তেওঁ উল্লেখ কৰে । মুখ্য আৱাসিক বিষয়াগৰাকীয়ে জনোৱা এই প্ৰকল্প ইয়াৰ পূৰ্বে অৰুণাচল প্ৰদেশত ৰূপায়ণ কৰা হৈছে (Project Oil Jeevika in Arunachal)। য'ত ৰাইজৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰাৰ লগতে এই প্ৰকল্প সফলো হৈছে । সেয়েহে তেওঁ আশাবাদী যে অসমৰ তিনিচুকীয়াৰ অইলৰ কৰ্মাঞ্চলতো এই প্ৰকল্প সফল হ'ব ।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি অইল ইণ্ডিয়া লিমিটেডে তিনিচুকীয়াকে ধৰি অইলৰ কৰ্মাঞ্চলত বিভিন্ন ধৰণৰ প্ৰকল্প ৰূপায়ণ কৰি আহিছে । অঞ্চলটোৰ ৰাইজৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে অইলে প্ৰকল্পসমূহ ৰূপায়ণ কৰি আহিছে । ইফালে অইল জীৱিকা প্ৰকল্পও তাৰ ভিতৰত অন্যতম ।

লগতে পঢ়ক :Science Exhibition 2022: চিমেন চাপৰি বাথৌ ইংলিছ স্কুলত বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.