ETV Bharat / state

কুটাঘাতমূলক ঘটনাৰ লগতে ধন সংগ্ৰহৰ বাবে আহিছিল তিনিজনীয়া আলফা (স্বা)ৰ দল : আৰক্ষী - ULFA I Cadre

ULFA I Cadre Arrested : আলফা স্বাধীনৰ ছেকেণ্ড লেফটেনেণ্ট বিবেক অসমক গ্ৰেপ্তাৰৰ সন্দৰ্ভত আৰক্ষীৰ সংবাদমেল ৷ ভয়ংকৰ কুটাঘাতমূলক ঘটনাৰ লগতে ধন সংগ্ৰহৰ বাবে আহিছিল তিনিজনীয়া আলফা স্বাধীনৰ দল ৷ বহুকেইটা আলফা (স্বা)ৰ অভিযানত জড়িত আছিল বিবেক অসম ৷ AK-56 লৈ পলায়ন কৰিবলৈ সক্ষম মৃগাংক অসমসহ দল ৷

ULFA I Cadre Arrested
বিবেক অসমক গ্ৰেপ্তাৰৰ সন্দৰ্ভত সংবাদমেল
author img

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 9:08 PM IST

তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সংবাদমেল

তিনিচুকীয়া, 28 ডিচেম্বৰ : তিনিচুকীয়া জিলাৰ জাগুনৰ ফানেং অঞ্চলত বুধবাৰে অসম আৰক্ষী, অসম ৰাইফলছে‌ চলোৱা এক বিশেষ যুটীয়া অভিযানত আলফা স্বাধীনৰ দুধৰ্ষ কেডাৰ তথা ছাৰ্জেণ্ট মেজৰ বিবেক অসম ওৰফে বাস্তৱ ফুকনক আটক কৰা সন্দৰ্ভত বৃহস্পতিবাৰে তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন ৷ অসম আৰক্ষীৰ উজনি অসমৰ DIG সত্যৰাজ হাজৰিকা আৰু তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপে সম্বোধন কৰে সংবাদমেল ৷

সংবাদমেলত দুয়োগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই কয় যে, 2011 চনত আলফা (স্বা) যোগদান কৰিছিল তিনিচুকীয়া জিলাৰ টিংৰাইৰ 2 নং টকোৱনী গাঁৱৰ বিবেক অসম ওৰফে বাস্তৱ ফুকনে ৷ আলফা স্বাধীনৰ ছেকেণ্ড লেফটেনেণ্ট আছিল বিবেক অসম ৷ ধন সংগ্ৰহৰ লগতে এক ভয়ংকৰ অভিযানৰ পৰিকল্পনাৰে বিবেক অসমৰ লগতে এটা তিনিজনীয়া দল ম্যানমাৰৰ অৰুণোদয় দহোতীয়াৰ নেতৃত্বত থকা 779 শিবিৰৰ পৰা 24 ডিচেম্বৰত অসমলৈ আহিছিল ৷ এজন নাগা লোকৰ সৈতে মৃগাংক অসম 27 ডিচেম্বৰ বুধবাৰে দিনৰ প্ৰায় 12 বজাত জাগুনৰ ফানেঙত আহি উপস্থিত হোৱাৰ পাছতে 12.40 বজাত বিশেষ অভিযান চলায় আৰক্ষী আৰু অসম ৰাইফলছে ৷

কিন্তু অভিযানৰ উমান পায় মৃগাংক অসমৰ লগতে আনজন পলায়ন কৰিবলৈ সক্ষম হয় ৷ বিবেক অসমৰ পৰা আৰক্ষীয়ে কোনো অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও বহু বিস্ফোৰক তথ্য লাভ কৰিছে বুলি আৰক্ষী বিষয়াদ্বয়ে জানিবলৈ দিয়ে৷ আনহাতে মৃগাংক অসমৰ হাতত আছে এ কে 56 ৰ দৰে অত্যাধুনিক মাৰণাস্ত্ৰ ৷ আৰক্ষীয়ে সংবাদমেলত দিয়া তথ্য অনুসৰি বিবেক অসমে 2011 চনত যোগদান কৰাৰ পাছত প্ৰশিক্ষণ সমাপ্ত কৰি 2016 চনৰ পৰা জড়িত হৈ পৰে বহুকেইটা অভিযানত ৷

আৰক্ষীয়ে সংবাদমেলত দিয়া তথ্য অনুসৰি বিবেক অসমে 2016 চনত ফিল’বাৰীত কিশোৰ শ্বাহ নামৰ এজন লোকক হত্যা কৰিছিল আৰু সেই ঘটনাত পাঁচজনকৈ লোক আঘাতপ্ৰাপ্ত হৈছিল ৷ 2017 চনত ডুমডুমাৰ চামদাং চাহ বাগানত এজনক অপহৰণ কৰিছিল ৷ একে বছৰতে কাকপথাৰৰ অন্তেশ্বৰ মহন্ত নামৰ এজন লোকৰ পুত্ৰক হত্যা কৰিছিল ৷ 2018 চনত টিংৰাইৰ দাস উপাধিৰ এজন সদস্য শিবিৰৰ পৰা পলাই যাবলৈ বিচৰাত হত্যা কৰিছিল বিবেক অসমে ৷ একে বছৰতে অসম-অৰুণাচল সীমান্তৰ কঠা গাঁৱত নিৰাপত্তা বাহিনীৰ ওপৰত এটা ভয়ংকৰ এম্বুশ্ব কৰিছিল তেওঁ ৷

আনহাতে ধলাৰ খেৰবাৰিত 5 গৰাকী বাঙালী সম্প্ৰদায়ৰ লোকক হত্যাত জড়িত, বৰডুমছা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ কলিতাক হত্যা কৰা, চামদাং চাহ বাগিচাৰ ব্যৱসায়ীক অপহৰণ কৰি ধনদাবী কৰাত বিবেক অসম জড়িত আছিল বুলি সংবাদমেলত জানিবলৈ দিয়ে আৰক্ষী বিষয়াদ্বয়ে ৷ পুনৰ 2019 চনত অৰুণাচল প্ৰদেশৰ আলুবাৰীৰ ডিগাৰুৰ এটা অপহৰণ কাণ্ডৰ লগত জড়িত, এজন আলফা সদস্য শিবিৰৰ পৰা পলায়ন কৰাত হত্যা কৰা, জাগুনৰ ফানেঙত নিৰাপত্তা বাহিনীৰ ওপৰত এটা ভয়ংকৰ এম্বুশ্ব কৰিছিল, গোলাঘাটৰ নিৰঞ্জন অসম নামৰ এজন সদস্যক শিবিৰৰ পৰা পলায়ন কৰাৰ সময়ত হত্যা কৰিছিল বিবেক অসমে ৷

আনহাতে 2021 চনত এজন আলফা (স্বা) ৰ হৈ কাম কৰা লোকৰ পৰা 50 লাখ টকা সংগ্ৰহ কৰিছিল, যিজন লোকৰ পৰা সংগ্ৰহ কৰিছিল তেখেতে দুবাৰ কাৰাগাৰলৈ গৈছে বুলি জানিব পৰা গৈছে ৷ সেইজন ব্যক্তিয়েই দুবাৰকৈ শিবিৰলৈ কভিডৰ ভেকচিন প্ৰেৰণ কৰিছিল বুলিও জানিব পৰা গৈছে ৷ লগতে জয়ৰামপুৰৰ হাতলঙৰ অসম ৰাইফলছৰ এটা পানী টেংকিত আক্ৰমণতো বিবেক অসম জৰিত বুলি সংবাদমেলত জানিবলৈ দিয়ে আৰক্ষী বিষয়াদ্বয়ে ৷ ছেকেণ্ড লেফটেনেণ্ট বিবেক অসমৰ সৈতে এই সমগ্ৰ অভিযানৰ সময়চোৱাত কাকপথাৰৰ টাইগাৰ অসম ওৰফে বাবুল মৰাণ, গোলাঘাটৰ লেফটেনেণ্ট কৰ্নেল ৰূপম অসম, শদিয়াৰ ইয়াংকু অসম, জেৰাই গাঁৱৰ জান অসম, জ্ঞান অসম, বনজিৎ, নৱজিৎ ইত্যাদি জড়িত হৈ আছে বুলি সংবাদমেলত সদৰী কৰে আৰক্ষীয়ে ৷

লগতে পঢ়ক : শান্তিচুক্তি: সাক্ষী হ’ব 14 জনগোষ্ঠীয় সংগঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.