ETV Bharat / state

Tinsukia Plastic Park : ভালুকৰ সাঙীত পৰিণত গেলাপুখুৰীস্থিত বহু অভিলাসী প্ৰকল্প প্লাষ্টিক পাৰ্ক

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 10:17 PM IST

তিনিচুকীয়াৰ প্লাষ্টিক পাৰ্ক তদাৰক সমিতিৰ উদ্যোগত প্লাষ্টিক পাৰ্কৰ বিভিন্ন সমস্যাৰাজিৰ ওপৰত গুৰুত্বপূৰ্ণ সংবাদমেল ৷ প্লাষ্টিক পাৰ্ক স্থাপনৰ নামত গেলাপুখুৰীস্থিত বাগিচাৰ পৰা ২০১৩ চনতে ১,১৬৬ বিঘা মাটি অধিগ্ৰহণ কৰিছিল যদিও আজি ১০ বছৰৰ পিছতো স্থাপন নহ'ল কোনো উদ্যোগ ৷

Tinsukia Plastic Park
ভালুকৰ সাঙীত পৰিণত প্লাষ্টিক পাৰ্ক
প্লাষ্টিক পাৰ্কৰ বিভিন্ন সমস্যাৰাজিৰ ওপৰত গুৰুত্বপূৰ্ণ সংবাদ মেল

তিনিচুকীয়া, ৪ অক্টোবৰ : বুধবাৰে তিনিচুকীয়াৰ গেলাপুখুৰীস্থিত প্লাষ্টিক পাৰ্কত প্লাষ্টিক পাৰ্ক তদাৰক সমিতিয়ে প্লাষ্টিক পাৰ্কৰ বিভিন্ন সমস্যাৰাজিৰ ওপৰত এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে ৷ এই সংবাদমেলত সংবাদ মাধ্যমৰ আগত বিষয়টো অৱগত কৰি তদাৰক সমিতিয়ে উল্লেখ কৰে যে অসম চৰকাৰে এই প্লাষ্টিক পাৰ্ক স্থাপনৰ নামত গেলাপুখুৰীস্থিত বাগিচাৰ পৰা ২০১৩ চনতে ১,১৬৬ বিঘা মাটি অধিগ্ৰহণ কৰিছিল যদিও আজি ১০ বছৰৰ পিছতো স্থাপন নহ'ল কোনো উন্নত প্ৰযুক্তি সম্পন্ন তথা স্থানীয় লোকক নিয়োগ কৰিব পৰা কোনো প্লাষ্টিক নিৰ্মাণ কৰা উদ্যোগ ৷ তাৰ বিপৰীতে স্থানীয় লোকসকলে কৰ্ম সংস্থাপনৰ বাবে চহৰ অভিমুখী আৰু কিছু সংখ্যক লোক বহিঃৰাজ্যলৈ কৰ্ম সংস্থাপনৰ আশাত প্ৰব্ৰজন কৰিব লগীয়া হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰে ৷

সমান্তৰালভাৱে তদাৰক সমিতিয়ে অভিযোগ উত্থাপিত কৰি কয় যে, ভালুকৰ সাঙীত পৰিণত হোৱা প্লাষ্টিক পাৰ্কত নাই নিবনুৱা সংস্থাপনৰ কোনো ব্যৱস্থা ৷ জিলা প্ৰশাসনৰ লগতে ৰাজ্য চৰকাৰক কেইবাবাৰো অভিযোগ দাখিল কৰাৰ পিছতো কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰে সমিতিয়ে ৷ প্লাষ্টিক পাৰ্ক তদাৰক সমিতিয়ে অৱগত কৰে যে পাৰ্কত থকা ১০ টা উদ্যোগ-প্ৰতিষ্ঠানৰ ভিতৰত বৰ্তমান ৭ টাহে চলিত অৱস্থা আছে আৰু অধিকাংশ উদ্যোগ-প্ৰতিষ্ঠানে প্লাষ্টিক নিৰ্মাণৰ সলনি প্ৰস্তুত কৰি আছে গজাল , আটা, ফেনচিং, বিস্কুট, ৰচি আদি সামগ্ৰী ৷

৬৪ টা পৰিয়ালৰ গৃহ উচ্ছেদ কৰি আৰু বৃহৎ এলেকাৰ চাহ গছ ধ্বংস কৰি নিৰ্মাণ কৰা প্লাষ্টিক পাৰ্কত AIDC এ শ্ৰমিক তথা স্থানীয় ৰাইজৰ বাবে কোনো সুফল দিবলৈ সক্ষম নোহোৱাৰ কথা অৱগত কৰে প্লাষ্টিক পাৰ্ক তদাৰক সমিতিয়ে ৷ তিনিচুকীয়াৰ বহু সংখ্যক যুৱক প্লাষ্টিক পাৰ্কত নিৰ্মাণ কাৰ্য কৰিবলৈ গাঁঠিৰ ধন ভাঙি কাৰিকৰী শিক্ষা গ্ৰহণ কৰিছিল যদিও আজিও গঢ় লৈ নুঠা প্লাষ্টিক পাৰ্কে এক অন্ধকাৰ ভৱিষ্যতৰ দিশলৈ ঠেলি দিছে এই সকল যুৱকক ৷ ফলত কাৰিকৰী শিক্ষা গ্ৰহণ কৰিও বহিঃৰাজ্যলৈ গমন কৰিব লগীয়া হৈছে দক্ষতাপূৰ্ণ বহু যুৱক ৷ লগতে সংবাদমেলত তদাৰক সমিতিয়ে উল্লেখ কৰে যে যদি চৰকাৰ তথা জিলা প্ৰশাসনে অতি শীঘ্ৰে এই দিশত উল্লেখনীয় ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আন্দোলনৰ যোগেদি অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিব এই প্লাষ্টিক পাৰ্ক ৷

লগতে পঢ়ক : Panigaon Police Station: টালি-টোপোলা কঢ়িয়াই আহৰি পোৱা নাই এখন থানাৰ আৰক্ষীয়ে, কিন্তু কিয়?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.