ETV Bharat / state

তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন সন্দৰ্ভত তিনিচুকীয়াত কংগ্ৰেছৰ সংবাদমেল - tinsukia

প্ৰয়াত মুখ্যমন্ত্ৰী, তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জনৰ কাৰ্যসূচী সন্দৰ্ভত মঙলবাৰে তিনিচুকীয়াৰ কংগ্ৰেছ ভৱনত এখন সংবাদমেল সম্বোধন কৰে জিলা কংগ্ৰেছ সমিতিয়ে ৷

তিনিচুকীয়াত কংগ্ৰেছৰ সংবাদমেল
তিনিচুকীয়াত কংগ্ৰেছৰ সংবাদমেল
author img

By

Published : Dec 8, 2020, 6:48 PM IST

তিনিচুকীয়া, 8 ডিচেম্বৰ: মঙলবাৰে তিনিচুকীয়া জিলা কংগ্ৰেছ সমিতিৰ উদ্যোগত কংগ্ৰেছ ভৱনত এখন সংবাদমেল সম্বোধন কৰা হয় ৷ সংবাদমেলৰ জৰিয়তে প্ৰয়াত মুখ্যমন্ত্ৰী, তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জনৰ কাৰ্যসূচী ১০ ডিচেম্বৰত প্ৰদেশ কংগ্ৰেছে ল'ব বুলি জানিবলৈ দিয়ে ৷ উক্ত কাৰ্যসূচী অনুসৰি, প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ পুত্ৰ গৌৰৱ গগৈৰ নেতৃত্বত শান্তিৰ সদ্ভাৱনা যাত্ৰা অসমৰ প্ৰতিখন জিলাতে অনুষ্ঠিত কৰা হ'ব ৷

তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন সন্দৰ্ভত তিনিচুকীয়াত কংগ্ৰেছৰ সংবাদমেল

সেইমৰ্মে অহা ১০ ডিচেম্বৰত তিনিচুকীয়া থানা চাৰিআলিৰ পৰা ৰাইজৰ সুবিধাৰ্থে চিতাভষ্ম থকা বাহনখন ৰখাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব ৷ সমগ্ৰ কাৰ্যসূচীত সাংসদ গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘটোৱাৰ, বিধায়ক ৰেকিবুদ্দিন আহমেদ, প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী প্ৰমূখ্যে বহুকেইগৰাকী লোকে অংশগ্ৰহণ কৰিব ৷

লগতে পঢ়ক: বিটিচি নিৰ্বাচন : বাক্সাত সাব্যস্ত ৮০ শতাংশ ভোটদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.