ETV Bharat / state

মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মাক পুনৰ প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী - মাৰ্ঘেৰিটাৰ লিডু মিলন মন্দিৰ

বৃহত্তৰ বঙ্গীয় সমাজৰ উদ্যোগত ভাস্কৰ শৰ্মাক পুনৰ প্ৰাৰ্থিত্ব প্ৰদানৰ দাবীৰে লিডুত সংবাদমেল ।

মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মাক পুনৰ প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী

author img

By

Published : Mar 3, 2021, 7:27 PM IST

মাৰ্ঘেৰিটা, ৩ মাৰ্চ: সমাগত ২০২১ ৰ বিধানসভা নিৰ্বাচন । কোনে কাক কোন সমষ্টিত টিকট প্ৰদান কৰিব তাক লৈ চলিছে বহু জল্পনা-কল্পনা । ইপিনে টিকটক লৈ বিজেপি দলৰ ভিতৰ চৰাত চলিছে তীব্ৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত । আগন্তুক বিধানসভা নিৰ্বাচনত তিনিচুকীয়াৰ মাৰ্ঘেৰিটাত কোনে প্ৰাৰ্থিত্ব লাভ কৰিব তাক লৈ চলিছে এতিয়া সৰ্বত্ৰ চৰ্চা । সমষ্টিটোৰ বৰ্তমানৰ বিজেপি বিধায়ক ভাস্কৰ শৰ্মাক টিকট প্ৰদানৰ দাবীৰে বুধবাৰে মাৰ্ঘেৰিটাৰ লিডু মিলন মন্দিৰত বৃহত্তৰ বঙ্গীয় সমাজ তথা স্থানীয় ৰাইজৰ সহযোগত এক সংবাদমেল আয়োজন কৰা হয় । এই সংবাদমেলত বিজেপিৰ শীৰ্ষ নেতৃত্বক মাৰ্ঘেৰিটাত পুনৰ ভাস্কৰ শৰ্মাক বিধায়ক হিচাপে প্ৰাৰ্থিত্ব প্ৰদান কৰিবৰ বাবে দাবী জনায় ।

মাৰ্ঘেৰিটাত ভাস্কৰ শৰ্মাক পুনৰ প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী

বিগত কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া শাসনকালত একো উন্নয়ন হোৱা নাছিল । বৰ্তমান ভাস্কৰ শৰ্মাৰ কাৰ্যকালত যিমানখিনি উন্নয়ন হৈছে । সমষ্টিতোৰ ৰাস্তা-ঘাট, নামঘৰ-মন্দিৰকে আদি কৰি সকলো দিশতে সৰ্বাংগীন উন্নয়ন হোৱা বুলি দাবী কৰে বঙ্গীয় সমাজৰ নেতা বিপুল ৰয়ে । শেহতীয়াকৈ ভাস্কৰ শৰ্মাৰ তৎপৰতাত লিডু মহাবিদ্যালয়ত বাণিজ্যিক বিভাগো হোৱা বুলি দাবী বিপুল ৰয়ৰ । গতিকে সমাগত বিধানসভা নিৰ্বাচনত ভাস্কৰ শৰ্মাক পুনৰ প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে আহ্বান জনায় সংগঠনটোৱে ।

লগতে পঢ়ক: আসন বুজাবুজিক লৈ মহাজোঁটত ‘মহাজঁট’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.