ETV Bharat / state

Demanding Tirap Autonomous Council : টিৰাপ স্বায়ত্তশাসিত পৰিষদ শীঘ্ৰে গঠনৰ দাবী

author img

By

Published : Mar 21, 2023, 12:22 PM IST

Updated : Mar 21, 2023, 1:19 PM IST

শীঘ্ৰে মুক্ত কয়লা খনন বন্ধ কৰা, ক্ষতিগ্ৰস্ত লোকসকলক উপযুক্ত ক্ষতিপূৰণ দিয়া, টিৰাপৰ জনজাতি আবেষ্টনীৰ পৰা ১৯৫১-ৰ পিছত অহা অবৈধ বিদেশী বঙালী হিন্দু-মুছলমান আৰু নেপালী লোকসকলক বহিষ্কাৰ কৰাৰ দাবী জনোৱাৰ লগতে ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদৰ আধাৰত খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সুৰক্ষাৰ ব্যৱস্থা কৰিবলৈকে টিৰাপ স্বায়ত্তশাসিত পৰিষদ শীঘ্ৰে গঠন কৰিবলৈ দাবী জনায় (demanding tirap autonomous council) ।

Tinsukia
Tinsukia
টিৰাপ স্বায়ত্তশাসিত পৰিষদ দাবী সমিতিৰ সংবাদমেল

তিনিচুকীয়া, ২১ মাৰ্চ : “খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অনুমতি তথা সন্মতি অবিহনে চৰকাৰে এই টিৰাপ ভূখণ্ডত কয়লাৰ মুক্ত খননকাৰ্য চলাই খিলঞ্জীয়া জনগোষ্ঠীৰ জনজীৱন বিধ্বস্ত কৰিছে, নানা বেমাৰত ভোগাইছে, খোৱাপানী স্বাস্থ্যৰ অনুপযোগী কৰিছে, জীৱ-জন্তুৰ বাসৰ অনুপযোগী কৰিছে । ইতিমধ্যে বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু ধ্বংস কৰিছে ।” সোমবাৰে তিনিচুকীয়াৰ বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত টিৰাপ স্বায়ত্ত শাসন দাবী সমিতিয়ে এই কথা কয় (tirap autonomous council demanding committee) ।

সংবাদমেলত শীঘ্ৰে মুক্ত কয়লা খননকাৰ্য বন্ধ কৰিবলৈ, ক্ষতিগ্ৰস্ত লোকসকলক উপযুক্ত ক্ষতিপূৰণ দিবলৈ, টিৰাপৰ জনজাতি আবেষ্টনীৰ পৰা ১৯৫১ৰ পিছত অহা অবৈধ বিদেশী বঙালী হিন্দু-মুছলমান আৰু নেপালী আৰু বহিৰাগত লোকসকলক বহিষ্কাৰ কৰিবলৈ দাবী জনোৱাৰ লগতে ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদৰ (UN Charter of Rights of Indigenous Peoples) আধাৰত খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সুৰক্ষাৰ ব্যৱস্থা কৰিবলৈকে টিৰাপ স্বায়ত্তশাসিত পৰিষদ শীঘ্ৰে গঠন কৰিবলৈ দাবী জনায় (demanding tirap autonomous council) ।

এই সন্দৰ্ভত অসম চৰকাৰৰ মুখ্য সচিবলৈ তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে টিৰাপ স্বায়ত্তশাসিত দাবী সমিতিয়ে । লগতে অসম চৰকাৰৰ ৰাজহ বিভাগৰ সচিব আৰু অনুসূচিত জনজাতি আৰু পিছপৰা সম্প্ৰদায়ৰ কল্যাণ বিভাগৰ (Department of Welfare of Scheduled Tribes and Backward Communities) সচিবলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে । স্মাৰক-পত্ৰত ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদৰ ২৬, ২৮ আৰু ২৯ অনুচ্ছেদ অসম চৰকাৰে ভংগ কৰাৰ অভিযোগ উত্থাপন কৰে । অনুচ্ছেদ ২৬ মতে, "খিলঞ্জীয়া লোকসকলে পৰম্পৰাগতভাৱে আহৰণ কৰা, দখল কৰা বা আন ধৰণে অধিকাৰ কৰা বা ব্যৱহাৰ কৰা মাটি, অঞ্চল আৰু সম্পদৰ ওপৰত অধিকাৰ থাকিব ।"

আৰু অনুচ্ছেদ ২৮ মতে, "খিলঞ্জীয়া মানুহে পৰম্পৰাগতভাৱে আহৰণ কৰা বা আন ধৰণে দখল বা ব্যৱহাৰ কৰা মাটি, অঞ্চল আৰু সম্পদবোৰ তেওঁলোকৰ মুক্ত, আগতীয়া অনুমতি আৰু সন্মতি নোহোৱাকৈ বাজেয়াপ্ত কৰা, দখল কৰা, ব্যৱহাৰ কৰা বা ধ্বংস কৰাৰ অধিকাৰ ৰাষ্ট্ৰৰ নাথাকিব ।" অনুচ্ছেদ ২৯ মতে, "খিলঞ্জীয়া লোকৰ অধিকৃত মাটি, অঞ্চল আৰু সম্পদৰ পৰিবেশ আৰু উৎপাদন ক্ষমতাৰ ক্ষেত্ৰত সুৰক্ষিত আৰু সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ অধিকাৰ থাকিব ।"

টিৰাপ জনজাতি আবেষ্টনীত খিলঞ্জীয়া জনগোষ্ঠীসমূহক নিজৰ হাজাৰ বছৰীয়া অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে । সংবাদমেলত উপস্থিত থাকি অসমৰ জাতি সংঘ অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে টিৰাপৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ প্ৰতি অসম চৰকাৰে কৰি অহা অৱহেলা, বঞ্চনাৰ বাবে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আৰু শীঘ্ৰে ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ (২০০৭) অনুসৰি খিলঞ্জীয়া জনগোষ্ঠীসমূহক সম্পূৰ্ণ সুৰক্ষাৰ ব্যৱস্থা কৰি টিৰাপ অঞ্চলত ১৯৫১ চনৰ পিছত অবৈধভাৱে আহি বসবাস কৰি থকা বিদেশী বঙালী হিন্দু-মুছলমান আৰু নেপালী বিদেশী আৰু বহিৰাগত লোকসকলক বহিষ্কা কৰি জনজাতি আবেষ্টনী সংৰক্ষণ কৰিবলৈ দাবী জনায় ।

লগতে দীৰ্ঘদিন ধৰি খালি হৈ থকা টিৰাপৰ পলিটিকেল জামাদাৰ পদত চিংফৌ ৰাজকুমাৰ বিছা মুংদাং চিংফৌক নিযুক্তি দিবলৈ দাবী জনায় । সংবাদমেলত টিৰাপ স্বায়ত্তশাসন দাবী সমিতিৰ সভাপতি বিছা মুংদাং চিংফৌ, সাধাৰণ সম্পাদক পল্লৱ শ্যাম ৱাইলুং, চিংফৌ জাতীয় পৰিষদৰ সভাপতি চেংগাম লাব্ৰাম, টাংছা নগ ছাত্ৰ সন্থাৰ সভাপতি নাইয়ুং মছাং উপস্থিত থাকে ।

লগতে পঢ়ক :Protest in sachal: ন্যায্য প্রাপ্তিৰ দাবীত চচল উত্তাল কৰিলে তিনি সংগঠনে

Last Updated : Mar 21, 2023, 1:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.