তিনিচুকীয়া, 7 জানুৱাৰী: মঙলবাৰৰ পৰা সংকটজনক অৱস্থাত আছিল তিনিচুকীয়াস্থিত লাইকা-দধিয়াবাসীৰ আশ্ৰয় শিবিৰৰ এগৰাকী গৰ্ভৱতী মহিলা ৷ কুস্মিতা মৰাং (28) নামৰ মহিলাগৰাকীৰ অৱস্থা সংকটজনক হোৱা হেতুকে তেওঁক তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও তিনিচুকীয়াত চিকিৎসা কৰিব নোৱাৰাৰ বাবে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসামৰিক চিকিৎসালৈ প্ৰেৰণ কৰে ৷
কিন্তু বৃহস্পতিবাৰে পুৱাই আহে এক দুঃখবৰ ৷ সংকটজনক অৱস্থাত ডিব্ৰুগড় অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে প্ৰসূতি গৰাকীৰ সন্তানটিৰ মৃত্যু হয় ৷
লগতে পঢ়ক: বৰাকত 21 ৰ মন্ত্ৰণা বিলালে বিজেপিৰ উত্তৰ-পূবৰ প্ৰভাৰী অজয় জামৱালে