তিনিচুকীয়া, ৪ জানুৱাৰী: অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড° বাণীকান্ত কাকতি বঁটা প্ৰদান কৰা হয় । তিনিচুকীয়াৰ ৫৩ গৰাকী মেধাৱী ছাত্ৰীক দেওবাৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ (স্বতন্ত্ৰ) আৰু ৰাজ্যিক শ্ৰমিক কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত একোখনকৈ স্কুটি প্ৰদান কৰে । ৰাজ্য চৰকাৰৰ এই বঁটা লাভ কৰি ছাত্ৰীসকল যথেষ্ঠ উৎফুল্লিত হৈ পৰে । লগতে এই অভিলাষী আঁচনিৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ।
তিনিচুকীয়া জিলা প্ৰশাসনৰ সৌজন্যত তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা এই বঁটা প্ৰদান অনুষ্ঠানত ড° বাণীকান্ত কাকতিৰ প্ৰতিচ্ছবিত মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে বন্তি প্ৰজ্বলন কৰে । তিনিচুকীয়া জিলা উপায়ুক্ত দিগন্ত শইকীয়াই আদৰণী ভাষন প্ৰদান কৰা এই অনুষ্ঠানত উপস্থিত থাকে বিধায়ক সঞ্জয় কিষাণ, মন্ত্ৰী ৰামেশ্বৰ তেলী, অতিৰিক্ত উপায়ুক্ত গীতালী দুৱাৰাকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি ।
উল্লেখ্য যে, তিনিচুকীয়া জিলাত মুঠ ৭৬৫ গৰাকী ছাত্ৰীয়ে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই সকল কৃতী ছাত্ৰীক পৰৱৰ্তী পৰ্যায়ত শিক্ষা বিভাগে ড° বাণীকান্ত কাকতি বঁটা প্ৰদান কৰিব ।
লগতে পঢ়ক: ডিগবৈত বীৰ লাচিত সেনা আঞ্চলিক সমিতি গঠন