ETV Bharat / state

Poor infrastructure of Govt school : ১০ বছৰ পূৰ্বে ধুমুহাত ভাগি যোৱা বিদ্যালয় গৃহ আজিও নিৰ্মাণ নহ'ল - Negligence of education department

ধুমুহাই ভাগি পেলাইছিল মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ অন্তৰ্গত ১ নং মহং গাঁৱৰ জিত বড়া মহং মধ্য ইংৰাজী বিদ্যালয়ৰ ৩ টা শ্ৰেণীকোঠাৰ এটা গৃহ (School building condition in Margherita)। কিন্তু আজিলৈ বিদ্যালয় গৃহটোৰ পুনৰ নিৰ্মাণৰ ব্যৱস্থা নকৰিলে চৰকাৰে । শ্ৰেণীকোঠাৰ অভাৱত বিভিন্ন ধৰণে উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হৈছে ছাত্ৰ-ছাত্ৰী ।

Poor infrastructure of Govt school
১০ বছৰ পূৰ্বে ধুমুহাত ভাগি যোৱা বিদ্যালয় গৃহ আজিও নিৰ্মাণ নহ'ল
author img

By

Published : Jan 13, 2023, 3:35 PM IST

১০ বছৰ পূৰ্বে ধুমুহাত ভাগি যোৱা বিদ্যালয় গৃহ আজিও নিৰ্মাণ নহ'ল

তিনিচুকীয়া,১৩ জানুৱাৰী : ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । শিক্ষা বিভাগে কেইবাটাও আঁচনিও গ্ৰহণ কৰিছে । কিন্তু তাৰ মাজতে মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ অন্তৰ্গত ১ নং মহং গাঁৱৰ জিত বড়া মহং মধ্য ইংৰাজী বিদ্যালয়ৰ দুৰৱস্থাই আচৰিত কৰি তুলিছে ৰাইজক (Govt school condition in Tinisukia)। ধুমুহাত ভাগি যোৱা শ্ৰেণীকোঠা বছৰ বছৰ ধৰি তেনেকৈয়ে পৰি ৰৈছে । শ্ৰেণীকোঠাৰ অভাৱত প্ৰয়োজনীয় শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈছে ছাত্ৰ-ছাত্ৰীসকল ।

উল্লেখ্য যে গুণোৎসৱ, বিদ্যালয় একত্ৰিকৰণকে ধৰি কেইবাটাও পদক্ষেপৰ জৰিয়তে চৰকাৰী বিদ্যালয়ৰ শিক্ষা আৰু আন্তঃগাঁথনি উন্নয়নৰ প্ৰচেষ্টা হাতত লৈছে চৰকাৰে । কিন্তু এই আঁচনিবোৰ সঁচা অৰ্থত ৰূপায়ণ হৈছে নে ? সেয়া এক ডাঙৰ প্ৰশ্ন হৈ উঠিছে তিনিচুকীয়া জিলাৰ ৰাইজৰ বাবে । কিয়নো জিলাখনৰ বহু বিদ্যালয়ৰে আন্তঃগাঁথনি অতি দুৰ্বল । ভগা ছিগা বিদ্যালয় গৃহতে শিক্ষকে পাঠদান কৰিবলগীয়া হৈছে ।

তেনে এক বিদ্যালয় হৈছে মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ অন্তৰ্গত ১ নং মহং গাঁৱৰ জিত বড়া মহং মধ্য ইংৰাজী বিদ্যালয় । ১৯৭৭ চনতেই প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনৰ ২০০৯-১০ বৰ্ষত ১ লাখ ৩০ হাজাৰ টকাৰে মেৰামতি কৰিছিল বিদ্যালয় গৃহটো । দুৰ্ভাগ্যবশত: বিগত প্ৰায় ১০ বছৰ পূৰ্বে এজাক ধুমুহাৰ ফলত বিদ্যালয়খনৰ ৩ টাকৈ শ্ৰেণীকোঠাৰ গৃহটো ভাগি গৈছিল । তাৰ পাছতে বিদ্যালয় গৃহটো পুনৰ নিৰ্মাণৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই শিক্ষা বিভাগ তথা চৰকাৰক বহুবাৰ আবেদন জনাইছে (Negligence of education department)।

মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়কগৰাকীকো বহুবাৰ বিষয়টো অৱগত কৰা হৈছে । কিন্তু আজি পৰ্যন্ত বিদ্যালয় গৃহটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো পদক্ষেপ নল'লে চৰকাৰে । ২০৫ গৰাকী শিক্ষাৰ্থী থকা মাৰ্ঘেৰিটা শিক্ষা খণ্ডৰ অধীনৰ এই বিদ্যালয়খনৰ তিনিটাকৈ কোঠালী জৰাজীৰ্ণ অৱস্থাত থকাৰ বাবে অতি কষ্টৰে পাঠদান কৰিবলগীয়া হৈছে শিক্ষকসকলে (Poor infrastructure of Govt school in Margherita)।

কেৱল এয়াই নহয়, বিদ্যালয়খনৰ আন্তঃগাঁথনিও অতি পুতৌ লগা । যাৰ বাবে কোনোমতে জোৰা তাপলি মাৰি চলাই যাবলগীয়া হৈছে বিদ্যালয়খন । বিদ্যালয়খনৰ প্ৰধান শিক্ষকেই স্বীকাৰ কৰিছে এই কথা । সেয়ে অতি শীঘ্ৰে বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে জৰাজীৰ্ণ অৱস্থাত থকা বিদ্যালয় গৃহৰ পুনৰ নিৰ্মাণৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে বিদ্যালয়ৰ প্ৰধান শিক্ষক, সহঃ শিক্ষকসকলৰ লগতে স্থানীয় সচেতন ৰাইজে ।

লগতে পঢ়ক :Akhil Gogoi slams BJP : বিজেপি চৰকাৰে আহোমক বেয়া পায় : অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.