ETV Bharat / state

এনকাউণ্টাৰত গুলীবিদ্ধ আলফা (স্বা)ৰ লিংকমেন

শদিয়াত এক এনকাউণ্টাৰ (Encounter) চলাই আলফা (স্বা)ৰ লিংকমেন (Link Man) তপন বুঢ়াগোঁহাইৰ ভৰিত গুলীয়াই শদিয়া আৰক্ষী (Sadiya Police)য়ে ৷ অ’এনজিচি (ONGC) ৰ বিষয়া অপহৰণৰ ঘটনাৰ সৈতে জড়িত বেটালিয়নৰ জোৱান বসন্ত বুঢ়াগোঁহাইৰ সহযোগী তপন বুঢ়াগোঁহাই ৷

police-encounter-in-sadiya
গুলীবিদ্ধ আলফা (স্বা)ৰ লিংকমেন
author img

By

Published : Jul 12, 2021, 1:29 PM IST

তিনিচুকীয়া, 12 জুলাই : তিনিচুকীয়া জিলাৰ শদিয়াত আৰক্ষীৰ এনকাউণ্টাৰ (Encounter) ৷ আলফা (স্বা)ৰ লিংকমেন (Linkman) তপন বুঢ়াগোঁহাইৰ ভৰিত গুলি চলায় আৰক্ষীয়ে । গৰু চোৰ, ড্ৰাগছ মাফিয়া অথবা ধৰ্ষণকাৰী নহয়, এইবাৰ তপন বুঢ়াগোঁহাই নামৰ আলফা(স্বা) ৰ লিংকমেনজনক শদিয়া আৰক্ষী (Sadiya Police)য়ে ভৰিত গুলীয়াই আহত কৰে । সম্প্ৰতি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল (Assam Medical College and Hospital)ত চিকিৎসাধীন হৈ আছে আঘাতপ্ৰাপ্ত তপন বুঢ়াগোঁহাই ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে অ’এনজিচি (ONGC) ৰ বিষয়াৰ অপহৰণৰ ঘটনাৰ সৈতে জড়িত থকা শদিয়া তেলিকলা গাঁৱৰ নিবাসী তথা অসম আৰক্ষী বেটালিয়নৰ জোৱান বসন্ত বুঢ়াগোঁহাইয়ে শদিয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল । বসন্ত বুঢ়াগোঁহাইৰ সহযোগী তথা আলফা(স্বা) ৰ নামত ধন দাবীৰ গোচৰত অভিযুক্ত একেখন গাঁৱৰে অৰ্থাৎ শদিয়া তেলিকলা গাঁৱৰ তপন বুঢ়াগোঁহাই দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত আছিল ।

শেহতীয়াকৈ জানিব পৰা মতে, লিংকমেন তপন বুঢ়াগোঁহাইক বিচাৰি শুকুৰবাৰে নিশা অভিযান আৰম্ভ কৰে শদিয়া আৰক্ষীয়ে ৷

আৰক্ষীয়ে তপন বুঢ়াগোঁহাইৰ বাসগৃহ ঘেৰাও কৰে । সেই সময়তে সুযোগ বুজি পলাবলৈ চেষ্টা কৰিছিল লিংকমেনজনে ৷ ইয়াৰ পাচতে আৰক্ষীয়ে তপন বুঢ়াগোঁহাইলৈ লক্ষ্য কৰি গুলীচালনা কৰিবলৈ বাধ্য হোৱা বুলি শদিয়া আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে ।

লগতে পঢ়ক : আৰক্ষীৰ জালত কাটিগড়াৰ খণ্ড উন্নয়ন বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.