ETV Bharat / state

Digboi Press Club Poetry Conference: ডিগবৈ প্ৰেছ ক্লাৱত মাঘৰ এটি কবিতাৰ দিন শীৰ্ষক কবি সমাৰোহ - Poet conference in Digboi

ডিগবৈ প্ৰেছ ক্লাৱত দেওবাৰে অনুষ্ঠিত হ’ল এখনি কবি সমাৰোহ ৷ ডিগবৈ প্ৰেছ ক্লাৱৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় ‘‘মাঘৰ এটি কবিতাৰ দিন’’ শীৰ্ষক এই কবি সমাৰোহ (Digboi press club conference) ৷ য’ত অংশগ্ৰহণ কৰে অৰ্ধশতাধিক কবিয়ে ৷

Digboi Press Club Conference
ডিগবৈ প্ৰেছ ক্লাৱত মাঘৰ এটি কবিতাৰ দিন শীৰ্ষক কবি সমাৰোহ
author img

By

Published : Feb 13, 2023, 6:18 PM IST

ডিগবৈ প্ৰেছ ক্লাৱত মাঘৰ এটি কবিতাৰ দিন শীৰ্ষক কবি সমাৰোহ

তিনিচুকীয়া, 13 ফেব্ৰুৱাৰী: অৰ্ধশতাধিক কবিৰ অংশগ্ৰহণৰে জীপাল হ’ল ডিগবৈৰ প্ৰেছ ক্লাৱৰ বাকৰি (Digboi Press Club) ৷ তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ অন্তৰ্গত ডিগবৈ প্ৰেছ ক্লাৱৰ দ্বি-বাৰ্ষিক অধিৱেশন (Digboi press club conference) উপলক্ষে দেওবাৰে প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় ‘মাঘৰ এটি কবিতাৰ দিন’ শীৰ্ষক এখনি কবি সমাৰোহ ৷ বিশিষ্ট কবি নিৰূপমা গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত হয় এই সমাৰোহ ৷

বিশিষ্ট সাহিত্যিক পূণ্য শইকীয়াই উদ্বোধন কৰা অনুষ্ঠানটোত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ (Tinsukia Journalist Association) সভাপতি অনুজ কলিতা, সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে । অনুষ্ঠানৰ আৰম্ভণিতে তনুশ্ৰী শৰ্মাই বায়ন দীপাংকৰ শৰ্মাৰ সহযোগত এটি বৰগীতে পৰিৱেশন কৰে ৷ প্ৰায় দুকুৰিৰো অধিক কবিয়ে কবিতা পাঠ কৰি অনুষ্ঠানটি জীপাল কৰি তোলে ৷

উল্লেখ্য যে, শনিবাৰে অনুষ্ঠিত হোৱা ডিগবৈ প্ৰেছ ক্লাৱৰ সাধাৰণ সভাত আগন্তক কাৰ্যকালৰ বাবে ৰাজু হাজৰিকাক সভাপতি, সুজয় ভৌমিকক উপ-সভাপতি, মনোৰঞ্জন দাসক সাধাৰণ সম্পাদক, দীপাংকৰ শৰ্মাক সহকাৰী সম্পাদক, নজৰুল ইছলামক কাৰ্যালয় সম্পাদক, আৰমান আলীক কোষাধ্যক্ষ, বিনোদ বাগ্ৰা, দীনেশ গুপ্তা, বিষ্ণু ফুকন, ৰুণু হাজৰিকাক কাৰ্যনিৰ্বাহক সদস্য, ৰমনি বুঢ়াগোহাঁইক পদেন সদস্য হিচাবে লৈ ডিগবৈ প্ৰেছ ক্লাৱৰ 2023-2025 বৰ্ষৰ নতুন সমিতিখন গঠন কৰা হয় ৷

আনহাতে, তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ এখন কাৰ্যনিৰ্বাহক সভাও দেওবাৰে ডিগবৈ প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় । তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ বিষয়ববীয়া তথা কাৰ্যনিৰ্বাহকসকলৰ উপস্থিতিত অনুজ কলিতাৰ পৌৰহিত্যত অনুষ্ঠিত সভাৰ উদ্দেশ্যে বাখ্যা কৰে সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে । সভাত আগন্তক তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ দ্বি-বাৰ্ষিক (Tinsukia Journalist Association conference) অধিৱেশনখনি তিনিচুকীয়া সাংবাদিক চ'ৰাৰ আতিথ্যত 25-26 মাৰ্চত আয়োজনৰ সিদ্বান্ত কৰা হয় ৷

ইফালে, দেওবাৰৰ কবি সমাৰোহত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি ড৹ ঋষি দাস, উপ-সভাপতি কমল তালুকদাৰ, কাকপথাৰ প্ৰেছ ক্লাৱৰ সভাপতি বিজয় দত্ত, ডিগবৈ প্ৰেছ ক্লাৱৰ সভাপতি ৰাজু হাজৰিকা, আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য নিখিল কোঁচ অতিথিৰূপে উপস্থিত থাকে ৷ লগতে অলি সোণোৱাল, মিনাক্ষী গগৈ, ইলা বৰা, স্বপ্না বৰগোঁহাই, জ্যোতি প্ৰভা শইকীয়া দাস, অঞ্জনা হাজৰিকাকে ধৰি বহু কেইগৰাকীয়ে কবিয়ে কবিতা পাঠ কৰে (Poet conference in Digboi) ৷

লতে পঢ়ক: Strawberry farming in Tinsukia : ষ্ট্ৰ'বেৰী খেতিৰে স্বাৱলম্বী তিনিচুকীয়াৰ গায়ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.