ETV Bharat / state

দ্বিতীয়দিনাও ৰাজ্যজুৰি অব্যাহত পি এন আৰ ডিৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ - গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা

গান্ধীজয়ন্তীৰ দিনটোতেই পঞ্চায়ত এখনৰ উন্নয়নৰ বাবে পাঁচ বছৰীয়া আঁচনি অৰ্থাৎ গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা (GPDP) প্ৰস্তুত কৰা হয় ৷ কিন্তু এই পৰিকল্পনা প্ৰস্তুতকাৰী কৰ্মচাৰী সকলৰ কৰ্মবিৰতিয়ে ৰাজ্যৰ পঞ্চায়তসমূহৰ কাম কাজ পিচুৱাই যোৱাৰ আশংকা প্ৰকাশ কৰাৰ লগতে গ্ৰামাঞ্চলৰ উন্নয়নত স্থবিৰতা অহাতো নিশ্চিত হৈ পৰিছে ৷

দ্বিতীয়দিনাও ৰাজ্যজুৰি অব্যাহত পি এন আৰ ডিৰ ঠিকাভিত্তিক কৰ্মচাৰী প্ৰতিবাদ
author img

By

Published : Oct 2, 2019, 6:46 PM IST

ধুবুৰী,তিনিচুকীয়া,হাইলাকান্দি,টিংখাং,গোলাঘাট,ধেমাজি 2 অক্টোবৰঃ ৰাজ্যত সম্প্ৰতি পি এন আৰ ডিৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদে উত্তাল কৰি তুলিছে চৌদিশ ৷ দ্বিতীয় দিনাও প্ৰতিবাদত নামিল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পি এন আৰ ডিৰ ঠিকাভিত্তিক কৰ্মচাৰীসকল ৷ ধেমাজীত গান্ধী জয়ন্তীৰ দিনাই নিজৰ প্ৰাপ্যৰ দাবীত প্ৰতিবাদেৰে উত্তাল কৰি তুলিলে ধেমাজি গ্ৰামোন্নয়ন অভিকৰণ কাৰ্যালয়ৰ চৌহদ ৷ চাকৰি সুনিশ্চিত কৰাৰ লগতে নিয়মীয়াকৰণ, নিয়মীয়াকৰণ নকৰা পৰ্যন্ত নিয়মীয়া কৰ্মচাৰীৰ সমহাৰত বেতন প্ৰদান আদি কেইবাটাও দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ ধেমাজি জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত একত্ৰিত হৈ কৰ্মবিৰতি পালন কৰে জিলাখনৰ ৬৫ টা গাওঁ পঞ্চায়ত আৰু পাঁচটা উন্নয়ন খণ্ডত ঠিকাভিত্তিত নিয়োজিত ২৬৪ জনৰো অধিক কৰ্মচাৰীয়ে ৷

তিনিচুকীয়াত পি এন আৰ ডিৰ ঠিকাভিত্তিক কৰ্মচাৰী প্ৰতিবাদ

ৰাজ্যৰ আন ঠাইৰ লগতে হাইলাকান্দি জিলাতো পঞ্চায়তৰ ঠিকাভিত্তিত নিযুক্ত কৰ্মচাৰীসকলেও তেওঁলোকৰ চাকৰি সুনিশ্চিতকৰণ, দৰমহা নিয়মীয়াকৰণ কৰা, গ্ৰেড পে প্ৰদান কৰা আৰু চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীয়ে ভোগ কৰা সকলো সা-সুবিধা প্ৰদান কৰাৰ দাবীত এই তিনিদিনীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷ প্ৰতিবাদৰ দ্বিতীয় দিনা কৰ্মচাৰীসকলে হাইলাক‍ান্দি জিল‍া পৰিষদ কাৰ্যালয়ৰ সম্মুখত অবস্থান ধৰ্মঘটত অংশ লয় । কৰ্মচাৰী সকলে শীঘ্ৰে তেওঁলোকৰ দাবী পূৰণ কৰিবলৈ চৰকাৰক দাবী জনাইছে । অন্যথা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰাৰ ভাবুকি প্ৰদান কৰে ৷

হাইলাকান্দিত পি এন আৰ ডিৰ ঠিকাভিত্তিক কৰ্মচাৰী প্ৰতিবাদ

ইয়াৰ সমান্তৰালকৈ টিংখাং বিলাসীপাৰা, চাপৰ আৰু গোলাঘাটতো সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ টিংখাং খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ প্ৰায় ৬০ গৰাকী অস্থায়ী কৰ্মচাৰীয়ে দ্বিতীয় দিনাও নিজৰ প্ৰাপ্যৰ দাবীত প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰে ৷ ফলত টিংখাঙত একপ্ৰকাৰ অচল হৈ পৰিছে টিংখাং খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ লগতে পঞ্চায়ত সমূহৰ কামকাজ ৷ আনহাতে, বিলাসীপাৰা আৰু চাপৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ণৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদ ৷ ৰাতিপুৱা 10 বজাৰ পৰা আৰম্ভ হোৱা এই কৰ্মবিৰতি পালনত অসম চৰকাৰক তিনিদফীয়া দাবী জনায় ৷

ধুবুৰীত, টিংখাঙত পি এন আৰ ডিৰ ঠিকাভিত্তিক কৰ্মচাৰী প্ৰতিবাদ

প্ৰথমে, চাকৰি সুনিশ্চিত কৰাৰ লগতে নিয়মীয়াকৰণ, দ্বিতীয়তে চাকৰি নিয়মীয়াকৰণ নোহোৱালৈকে নিয়মীয়া কৰ্মচাৰীৰ সমহাৰত বেতন প্ৰদান আৰু তৃতীয়তে, নিয়মীয়া কৰ্মচাৰীসকলে চৰকাৰৰ পৰা পোৱা সকলো সা সুবিধা প্ৰদান ৷ কেইবা বাৰো বিভাগীয় মন্ত্ৰী আৰু উদ্ধতম কৰ্তৃপক্ষক সমস্যা সমূহৰ বিষয়ে বিস্তৃত ভাবে অৱগত কৰাৰ পাছতো আজিলৈকে চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী পৰিষদে ৰাজ্যিক সমিতিৰ নিৰ্দেশ মৰ্মে আজি গোলাঘাট জিলা পৰিষদৰ কাৰ্যালয়ৰ সন্মুখতো কৰ্ম বিৰতি পালন কৰে । ১, ২, ৩ আৰু ১০, ১১ অক্টোবৰ তাৰিখলৈ কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ন কৰাৰ পাছতো যদি চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অহা ইংৰাজী ১৪ অক্টোবৰৰ পৰা অনিৰ্দিষ্ট কাললৈ আন্দোলন কৰাৰ হ'ব বুলি এই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে কৰ্মচাৰীসকলে ৷

উল্লেখযোগ্য যে, গান্ধীজয়ন্তীৰ দিনটোতেই পঞ্চায়ত একোটাৰ উন্নয়নৰ বাবে পাঁচ বছৰীয়া আঁচনি অৰ্থাৎ গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা (GPDP) প্ৰস্তুত কৰা হয় ৷ কিন্তু এই পৰিকল্পনা প্ৰস্তুতকাৰী কৰ্মচাৰী সকলৰ কৰ্মবিৰতিয়ে ৰাজ্যৰ পঞ্চায়তসমূহৰ কাম কাজ পিচুৱাই যোৱাৰ আশংকা প্ৰকাশ কৰাৰ লগতে গ্ৰামাঞ্চলৰ উন্নয়নত স্থবিৰতা অহাতো নিশ্চিত হৈ পৰিছে ৷

Intro:চৰকাৰে আমাক হত্যা কৰিবলৈ চেষ্টা কৰিছে ৷

PNRD ৰ ঠিকাভিত্তিক কৰ্মচাৰী প্ৰতিবাদেৰে উত্তাল কৰিলে ধেমাজি গ্ৰামোন্নয়ন অভিকৰণ কায’ালয়ৰ চৌহদ ৷Body:

ধেমাজি , ২ অক্টোবৰ :
- গান্ধী জয়ন্তীৰ দিনাই নিজৰ প্ৰাপ্যৰ দাবীত আন্দোলনত নামিব লগা হল গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰী সকল ৷ চাকৰি সুনিশ্চিত কৰাৰ লগতে নিয়মীয়াকৰণ, নিয়মীয়াকৰণ নকৰা পয্যন্ত নিয়মীয়া কৰ্মচাৰীৰ সমহাৰত বেতন প্ৰদান, ৰাজ্য চৰকাৰৰ নিয়মীয়া কৰ্মচাৰী সকলে লাভ কৰা সকলো সুবিধা প্ৰদান ৰ দাবীত ধেমাজিতো জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালকৰ কায্যালয়ৰ সন্মুখত জিলাখনৰ ৬৫ টা গাওঁ পঞ্চায়ত আৰু পাঁচটা উন্নয়ন খণ্ডত ঠিকাভিত্তিত নিয়োজিত ২৬৪ জনৰো অধিক কৰ্মচাৰীয়ে একত্ৰিত হৈ কৰ্মবিৰতি পালন প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ জিলাখনৰ তিনি শতাধিক কৰ্মচাৰীয়ে বিভিন্ন চৰকাৰ বিৰোধী শ্লগানেৰে উত্তাল কৰি তোলে ৷

ইপিনে চৰকাৰে তেওঁলোকক কামত খটুৱাই বিভিন্ন বটাঁ বাহন লৈ বাঃ বাঃ লোৱাৰ সময়ত নিজৰ প্ৰাপ্য বিচাৰি আন্দোলনৰ পথ বাচি লবলগীয়া হৈছে ৷ প্ৰকৃতাৰ্থত চৰকাৰে এইসকল কম’চাৰীক হত্যা কৰিবলৈ চেষ্টা চলাই ছে বুলি মন্তব্য কৰে ৷

সেয়ে গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত এইসকল কৰ্মচাৰীক চৰকাৰে কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি শ্ৰীঘ্ৰে তেওঁলোকৰ দাবী সমূহ পূৰণ কৰিবলৈ চৰকাৰক আহ্বান জনাই বিভাগটোত ঠিকাভিত্তিত নিয়োজিত কৰ্মচাৰী সকলে ৷ দাবী মানি নললে পৰৱৰ্তী সময়ত তীব জংগী আন্দোলন গঢ়ি তুলিব আৰু ইয়াৰ বাবে যিকোনো পৰিস্থিতি উদ্ভৱ হলে তাৰ বাবে চৰকাৰে জগৰীয়া হব বুলি সকীয়াই দিয়েConclusion: ৷

উল্লেখ্য যে ২ অক্টোবৰ অৰ্থাৎ গান্ধীজয়ন্তীৰ দিনটোতেই পঞ্চায়ত একোটাৰ উন্নয়নৰ বাবে পাঁচ বছৰীয়া আঁচনী অৰ্থাৎ গাওঁ পঞ্চায়ত উন্নয়ন পৰিকল্পনা (GPDP) প্ৰস্তুত কৰা হয় ৷ কিন্তু এই পৰিকল্পনা প্ৰস্তুতকাৰী কৰ্মচাৰী সকলৰ কৰ্মবিৰতিয়ে ৰাজ্যৰ পঞ্চায়তসমূহৰ কাম কাজ পিচুৱাই যোৱাৰ আশংকা প্ৰকাশ কৰাৰ লগতে গ্ৰামাঞ্চলৰ উন্নয়নত স্হবিৰতা অহাতো নিশ্চিত হৈ পৰিছে ৷
byte-- Contractual employee.

Pradunya Bharali , Dhemaji , Assam , 2/10/2019
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.