ETV Bharat / state

PM Awas Yojana: প্রধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত তিনিচুকীয়াত ১৮৮৯ টা PMAY গৃহ প্ৰৱেশ - PM Awas Yojana

তিনিচুকীয়া জিলাত PMAY গৃহ প্ৰৱেশ । বৰডুবিত অংশগ্ৰহণ শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ । ৰাজ্য়ত ৩,০৭,৮১৪টা ঘৰৰ একেলগে গৃহ প্ৰৱেশ ।

PM Awas Yojana in Assam
প্রধানমন্ত্ৰী আৱাস যোজনা
author img

By

Published : Jul 13, 2023, 8:32 PM IST

প্রধানমন্ত্ৰী আৱাস যোজনা

তিনিচুকীয়া, ১৩ জুলাই: প্রধানমন্ত্ৰী আৱাস যোজনাৰ (গ্রামীণ) অধীনত বৃহস্পতিবাৰে ৰাজ্যৰ ৩,০৭,৮১৪টা পৰিয়ালে একেলগে গৃহ প্ৰৱেশ কৰিলে । ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে তিনিচুকীয়া জিলাতো আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (গ্ৰামীণ) অধীনত নৱ নিৰ্মিত গৃহৰ গৃহ প্ৰৱেশ কাৰ্যসূচী অনুষ্ঠিত কৰে । সেইমৰ্মে জিলাখনত প্ৰতিটো উন্নয়ন খণ্ডৰ অন্তৰ্গত অঞ্চলত ১৮৮৯ টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ উদ্বোধন কৰে ৷ তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে বৰডুবি গাঁও পঞ্চায়তত ১০ টাকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ উদ্বোধন কৰাৰ লগতে তিনিচুকীয়া বিধানসভাৰ সমষ্টিটোত আজি ৫৯ টা গৃহ উৎসৰ্গা কৰে ৷

এই গৃহসমূহ উৎসৰ্গা কৰাৰ পাছতে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে দৰিদ্ৰ জনতাৰ কাৰণে আগবঢ়োৱা এনে আঁচনিৰ কাৰণে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে । তেওঁ হিতাধিকাৰীসকলৰ স’তে বাৰ্তালাপ কৰি আৱাসগৃহ পৰিদৰ্শন কৰে ৷ সমান্তৰালভাৱে জিলা উপায়ুক্ত স্বপ্নীল পালে গুইজান উন্নয়ন খণ্ডৰ বজালতলী গাঁও পঞ্চায়তৰ দিহিঙীয়া গাঁৱৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (গ্ৰামীণ) নৱ-নিৰ্মিত গৃহৰ গৃহ প্ৰৱেশ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে । উপায়ুক্তগৰাকীয়ে নৱ-নিৰ্মিত গৃহটো পৰিদৰ্শন কৰি পৰিয়ালৰ লোকসকলৰ সৈতেও মত বিনিময় কৰে ।

লগতে পঢ়ক:Guwahati Firing case:নুনমাটিৰ শালবাৰীত সংঘটিত গুলীচালনা ঘটনাৰ নতুন মোৰ,এজনক গ্ৰেপ্তাৰ

উল্লেখ্য় যে কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে ১৯,১০,৮২৩টা গৃহ আবণ্টন দিছে । ইয়াৰে ১২,৪৩,৫৮৪টা গৃহ ইতিমধ্যে নিৰ্মাণ কৰা হৈছে । আজি ইয়াৰে ৩,০৭,৮১৪টা গৃহৰ একেলগে গৃহ প্ৰৱেশ অনুষ্ঠানৰ আয়োজন কৰা হয় । বিগত দুবছৰত ৰাজ্য়ত ৮,৩৪,৮৩৯টা ঘৰৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে । ইয়াৰ পূৰ্বে পাঁচ বছৰত ৪ লাখ ঘৰ সম্পূৰ্ণ হৈছিল । উল্লেখ্য় যে এই আঁচনিখনৰ বাবে কেন্দ্ৰই ১৩ হাজাৰ কোটি টকা দিছে আৰু ৰাজ্য চৰকাৰে ব্য়য় কৰিছে ১৫০০ কোটি টকা ।

লগতে পঢ়ক:PM Awas Yojana: প্রধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৰাজ্যৰ তিনি লক্ষাধিক লোকৰ গৃহ প্ৰৱেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.