ETV Bharat / state

ছাত্ৰৰ হাতত মাৰণাস্ত্ৰ: আলফাত যোগদানৰ সন্দেহ

author img

By

Published : Jun 16, 2021, 10:59 AM IST

কাকপথাৰৰ ডিৰাক সোনজানৰ দুজনকৈ ছাত্ৰৰ হাতত মাৰণাস্ত্ৰ লৈ থকা ফটো ভাইৰেল ৷ আলফা(স্বা)ত যোগদানৰ সন্দেহ পৰিয়ালৰ ৷ ছাত্ৰ কেইগৰাকীক ওভতাই পঠিয়াবলৈ পৰেশ বৰুৱাক মাতৃৰ আহ্বান ৷

Photo of student from Kakopothar taking weapons in his hand goes viral
ছাত্ৰৰ হাতত মাৰণাস্ত্ৰ লৈ থকা ফটো ভাইৰেল: আলফাত যোগদানৰ সন্দেহ

শদিয়া, 16 জুন : তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাক সোনজান গাঁৱৰ দুজনকৈ যুৱকৰ হাতত মাৰণাস্ত্ৰ লৈ থকা ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতে কাকপথাৰ অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ সোনজানৰ অসীম মৰাণ(18) আৰু মুকুট মৰাণ(19) নামৰ ছাত্ৰ দুজনে লক ডাউন চলি থকাৰ পৰিপ্ৰেক্ষিতত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশলৈ কামৰ সন্ধানত বিগত প্ৰায় এটা মাহৰ আগতে যোৱা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে ৷

কিন্তু ঘৰৰ পৰা কৰ্মসূত্ৰে ওলাই যোৱাৰে পৰা ছাত্ৰ দুজনে পৰিয়ালৰ লগত কোনোধৰণৰ যোগসূত্ৰ নৰখাৰ কথা জানিবলৈ দিয়ে ৷ লগতে বৰ্তমান সামাজিক মাধ্যমত ছাত্ৰ দুজনে সেনাৰ পোছাক পৰিধান কৰি হাতত মাৰণাস্ত্ৰ লৈ থকা ফটো দেখিবলৈ পাই হতবাক হৈ পৰিছে পৰিয়ালৰ লোক ৷ যুৱক দুজনে কেনেকৈ আৰু কেতিয়া সশস্ত্ৰ সংগঠনত যোগদান কৰিলে সেই বিষয়ে অৱগত নহয় পৰিয়ালবৰ্গ ৷

ডিৰাক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰ অসীম মৰাণৰ লগতে আধাতে পঢ়া সামৰা মুকুট মৰাণক পৰিয়ালৰ ওচৰলৈ পঠিয়াই দিবলৈ কান্দি কান্দি আহ্বান জনায় ছাত্ৰ দুজনৰ মাতৃদ্বয়ে ৷ লগতে যদি আলফা(স্বা)ত যোগদান কৰিছে, তেন্তে সংগঠনটোৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক ছাত্ৰ দুজনক নিজ গৃহলৈ ওভতাই পঠিওৱাৰ ব্যৱস্থা কৰিবলৈ কাতৰ আহ্বান জনায় ৷

ছাত্ৰ দুজনে আলফা(স্বা)তে যোগদান কৰিলে নে অন্য় কোনো কাৰণত এনে ফটো ভাইৰেল কৰিছে, সেয়া আৰক্ষীৰ অনুসন্ধানতহে পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: ৰাজ্যত পুনৰ প্ৰশাসনিক বিভাগত ব্যাপক ৰদবদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.