ETV Bharat / state

শিক্ষয়িত্ৰীক ৰাজহুৱাকৈ অপমান : জিলা উপায়ুক্তৰ উপস্থিতিত ফিল’বাৰীত ৰাজহুৱা সভা - তিনিচুকীয়া জিলাৰ উপযুক্ত

তিনিচুকীয়াৰ ভুক্তভোগী শিক্ষয়িত্ৰীৰ ওচৰত ক্ষমা বিচাৰিলে সদৌ অসম ছাত্ৰ সন্থাই ৷ ইয়াৰ পাছতে স্পষ্টীকৰণ দিয়ে শিক্ষয়ত্ৰীগৰাকীয়ে । আজি জিলা উপায়ুক্তৰ উপস্থিতিত ফিলবাৰীত অনুষ্ঠিত ৰাজহুৱা ৰাজহুৱা সভা ৷

PHILOBARI TEACHER HUMILIATION INCIDENT
শিক্ষয়িত্ৰীক ৰাজহুৱাকৈ অপমান
author img

By

Published : Oct 16, 2021, 5:06 PM IST

তিনিচুকীয়া, 16 অক্টোবৰ : তিনিচুকীয়াত এগৰাকী শিক্ষাগুৰুক ৰাজহুৱাকৈ অপমান কৰা ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ শনিবাৰে তিনিচুকীয়া জিলাৰ উপযুক্ত উপস্থিত ফিল'বাৰীত এখন ৰাজহুৱা সভাৰ আহ্বান জনোৱা হয় । উক্ত সভাত জিলা উপায়ুক্তৰ লগতে বিদ্যালয়খনৰ প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষাৰ্থী, অভিভাৱক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ।

PHILOBARI TEACHER HUMILIATION INCIDENT
শিক্ষয়িত্ৰীক ৰাজহুৱাকৈ অপমান

ফিল'বাৰীৰ চিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ত অনুষ্ঠিত হয় এই সভাখন । সভাত বিদ্যালয়খনৰ বৰ্ধিত মাছুলৰ লগতে অনাকাংক্ষিত ঘটনাটোৰ সন্দৰ্ভতো আলোচনা কৰা হয় ৷ ইতিমধ্যে শুকুৰবাৰে সদৌ অসম ছাত্ৰ সন্থায়ো এই দুৰ্ভাগ্যজনক ঘটনা সন্দৰ্ভত শিক্ষয়িত্ৰীগৰাকীৰ ওচৰত ক্ষমা বিচাৰিছে ।

জিলা উপায়ুক্তৰ উপস্থিতিত ফিল’বাৰীত ৰাজহুৱা সভা

ফিল'বাৰী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী নিৰদা বৰাক অপমানিত কৰাৰ পিছতে শুকুৰবাৰে শিক্ষয়িত্ৰীগৰাকীৰ ঘৰত উপস্থিত হয় ফিল'বাৰীৰ সকলো দল-সংগঠনৰ প্ৰতিনিধি । তেওঁলোকে শিক্ষয়ত্ৰীগৰাকীৰ ওচৰত আঠুলৈ এই ঘটনাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে ৷

PHILOBARI TEACHER HUMILIATION INCIDENT
শিক্ষয়িত্ৰীক ৰাজহুৱাকৈ অপমান

উল্লেখ্য যে, ফিল'বাৰীৰ চিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ত বৰ্ধিত মাছুলক লৈ কেইবাটাও ছাত্ৰ সংগঠনে ছাত্ৰ-ছাত্ৰীক লৈ বিদ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল ৷ যাৰ পাছত শিক্ষয়িত্ৰীগৰাকীৰ ছাত্ৰ-ছাত্ৰীৰ ওচৰত আঁঠু লৈ ক্ষমা খুজিবলগীয়া হৈছিল ৷ এই ঘটনাৰ পাছতেই তিনিচুকীয়া জিলাৰ ছাত্ৰ সন্থাৰ উপসভাপতি কৰ্ণ বুঢ়াগোঁহাইক ছাত্ৰ সন্থাৰ পৰা বহিষ্কাৰ কৰা হয় ।

তিনিচুকীয়া জিলাৰ ছাত্ৰ সন্থাৰ উপসভাপতিগৰাকীক বহিষ্কাৰ কৰাৰ পাছতেই আঞ্চলিক ছাত্ৰ সংগঠনটোৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে কৰ্ণ বুঢ়াগোঁহাইৰ বহিষ্কাৰৰ বিৰোধিতা কৰি ফিল’বাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সকলো সদস্যই পদত্যাগৰ কথা উল্লেখ কৰি ছাত্ৰ সংগঠনটোৰ নেতৃত্বলৈ পত্ৰ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক : বৰ্ধিত মাছুলক লৈ প্ৰতিবাদ: আঁঠু লৈ শিক্ষয়িত্ৰীয়ে খুজিলে ক্ষমা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.