ETV Bharat / state

ফেচবুক গ্ৰুপ “প্ৰেৰণা”ৰ মানৱীয় নিদৰ্শন

author img

By

Published : Sep 24, 2019, 4:15 AM IST

Updated : Sep 24, 2019, 9:05 AM IST

স্বামীহীনা মহিলাৰ বাসগৃহ নিৰ্মাণ কৰিলে সদস্যসকলে ৷ বহু সময়ত আৰ্তজনৰ কাষত থিয় হৈ সহায়ৰ হাত আগবঢ়াই আহিছে এই গ্ৰুপটোৰ লগত জড়িত সদস্য সকলে ৷ বৰ্তমান বহু কেইগৰাকী অসহায় গৃহহীন লোকক আশ্ৰয়ৰ উপযোগী হোৱাকৈ গৃহ নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিছে এই গ্ৰুপটোৰ সদস্য সকল ৷

ফেচবুক গ্ৰুপ “প্ৰেৰণা”ৰ মানৱীয় নিদৰ্শন

শদিয়া, 24 ছেপ্তেম্বৰ: "মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে,অকণি সহানুভূতিৰে ভাৱিব কোনেনো কোৱা সমনীয়া" ভাৰত ৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাই গীতৰ মাজেৰে কৈ যোৱা এই কথাষাৰকে সাৰোগত কৰি মানৱীয়তাৰ চৰম নিদৰ্শন দাঙি ধৰিছে শদিয়াৰ এজন বনবিভাগৰ কৰ্মচাৰীৰ নেতৃত্বত গঢ় লৈ উঠা এটি ফেচবুক গ্ৰুপৰ সদস্য সকলে ৷ বৰ্তমান অসম চৰকাৰৰ বন্য বিভাগৰ এজন কৰ্মচাৰী কৃষ্ণকান্ত গগৈ আৰু তেওঁৰ সহপাঠী,বন্ধু বৰ্গৰ সহযোগত গঢ় লৈ উঠা এটা ফেচবুক গ্ৰুপ "প্ৰেৰণা" ৷ বহু সময়ত আৰ্তজনৰ কাষত থিয় হৈ সহায়ৰ হাত আগবঢ়াই আহিছে এই গ্ৰুপটোৰ লগত জড়িত সদস্য সকলে ৷ বৰ্তমান বহু কেইগৰাকী অসহায় গৃহহীন লোকক আশ্ৰয়ৰ উপযোগী হোৱাকৈ গৃহ নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিছে এই গ্ৰুপটোৰ সদস্য সকল ৷

ফেচবুক গ্ৰুপ “প্ৰেৰণা”ৰ মানৱীয় নিদৰ্শন

শেহতীয়াকৈ এই গ্ৰুপটোৰ মহান নিদৰ্শন দেখিবলৈ পোৱা গ’ল 126 নং শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰালি গাঁৱৰ এগৰাকী স্বামীহীনা মহিলা তথা তিনিটি সন্তানৰ মাতৃ ৷ স্বামীয়ে দ্বিতীয় বিবাহ কৰি নিঠৰুৱা কৰি এৰি থৈ গৈছিল নিভা বড়া নামৰ মহিলা গৰাকীক ৷ তেখেতৰ দুখৰ কথা কৃষ্ণ কান্ত গগৈৰ লগতে "প্ৰেৰণা" গ্ৰুপটোৱে জানিব পাৰি মহিলাগৰাকীৰ গৃহ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ আৰু তাৰেই পৰিপ্ৰেক্ষিতত সোমবাৰে "প্ৰেৰণা" গ্ৰুপৰ সৈতে জড়িত সকলো সদস্যই মিলি পুনৰ নিৰ্মাণ কৰি দিয়ে মহিলাগৰাকীৰ জৰাজীৰ্ণ গৃহটি ৷ কৃষ্ণকান্ত গগৈয়ে জনোৱা অনুসৰি উক্ত মহিলা গৰাকীৰ ভগা প্ৰজাটি নিৰ্মাণৰ ক্ষেত্ৰত স্থানীয় বিধায়ক বলিন চেতিয়াই তেওঁলোকৰ সৈতে যোগাযোগ কৰি কিছু সহায় আগবঢ়াইছে ৷ গতিকে এই ক্ষেত্ৰত বিধায়ক জনক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এই মহান পদক্ষেপক সহযোগিতা আগবঢ়োৱাৰ বাবে উদ্যোমী যুৱক প্ৰশান্ত,তেখেতৰ সতীৰ্থ বন্ধু বুদ্ধেশ্বৰৰ লগতে "প্ৰেৰণা" গ্ৰুপৰ সৈতে জড়িত সকলো বন্ধুবৰ্গ আৰু বিশেষ ভাৱে কাকপথাৰৰ সাংবাদিক ৰাতুল,মিন্টু,ইন্দ্ৰজিত,মন্টু, অমৃতক ধন্যবাদ জ্ঞাপন কৰে কৃষ্ণ কান্ত গগৈয়ে ৷

"প্ৰেৰণা" ফেচবুক গ্ৰুপৰ এই প্ৰচেষ্টাতে এতিয়া এটি পানী নপৰা ঘৰত দিন কটাবলৈ সক্ষম হৈছে তিনিটা সন্তানৰ মাতৃ নিভা বড়াসহ পৰিয়ালটোৱে ৷

Intro:ফেচবুক গ্ৰুপ “প্ৰেৰণা” ৰ মানৱীয় নিৰ্দশন, স্বামীহীনা মহিলাৰ বাসগৃহ নিৰ্মাণ কৰিলে গ্ৰোপটোোৱে

শদিয়া : : ভাৰত ৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাই গীতৰ কলিত কৈ গৈছে "মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে ভাবিব কোনেনো কোৱা" ৷ এই গীতৰ কথা ফাঁকি যেন আজি বাস্তৱ ৰূপ দিবলৈ চেষ্টা কৰিছে শদিয়াৰ এজন ব্যক্তি যি বৰ্তমান অসম চৰকাৰৰ বন্য বিভাগৰ এজন কৰ্মচাৰী কৃষ্ণকান্ত গগৈ আৰু তেওঁৰ সহপাঠী, বন্ধু বৰ্গৰ সহযোগত গঢ় লৈ উঠা এটা ফেচবুক গ্ৰুপ "প্ৰেৰণা"ই ৷ বহুকেইগৰাকী অসহায় গৃহহীন পৰিয়ালো আশ্ৰয়ৰ উপযোগী হোৱাকৈ গৃহ নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিছে কৃষ্ণ কান্ত গগৈৰ নেতৃত্বত "প্ৰেৰণা" নামৰ ফেচবুক গ্ৰুপটোৰ সৈতে জড়িত বন্ধুবৰ্গ ৷ এই গ্ৰুপটোৰ মহান নিদৰ্শন দেখিবলৈ পোৱা গ’ল ১২৬ নং শদিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰালি গাঁৱৰ এগৰাকী স্বামীহীনা তিৰুতা তিনিটি সন্তানৰ মাতৃ অতি দৰিদ্ৰ পৰিয়ালৰ নিভা ডাঙৰীয়া বড়াৰ ঘৰৰ ক্ষেত্ৰত ৷ স্বামীয়ে তেখেতক এৰিথৈ কোনো অন্য তিৰুতাক বিবাহ কৰি নিঠৰুৱা কৰি এৰি থৈ গৈছিল মহিলা গৰাকীক ৷ তেখেতৰ দূখৰ কথা কৃষ্ণ কান্ত গগৈৰ লগতে "প্ৰেৰণা"য়ে জানিব পাৰি তিৰুতাগৰাকীৰ গৃহ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ৷ আৰু আজি তিৰুতাগৰাকীৰ জৰাজীৰ্ণ গৃহটি নিৰ্মাণ কৰি দিয়ে "প্ৰেৰণা" গ্ৰুপৰ সৈতে জড়িত সকলো বন্ধুয়ে ৷ কৃষ্ণ কান্তগগৈয়ে জানিবলৈ দিয়া মতে উক্ত তিৰুতাগৰাকীৰ ভঁগা প্ৰজাটি নিৰ্মাণৰ ক্ষেত্ৰত স্থানীয় বিধায়ক বলিন চেতিয়াই তেওঁলোকৰ সৈতে যোগাযোগ কৰি কিছু সহায় আগবঢ়াইছে ৷ লগতে গগৈয়ে এই মহান পদক্ষেপক সহযোগীতা আগবঢ়োৱাৰ বাবে উদ্যোমী যুৱক প্ৰশান্ত, তেখেতৰ সতীৰ্থ বন্ধু বুদ্ধেশ্বৰৰ লগতে "প্ৰেৰণা" গ্ৰুপৰ সৈতে জড়িত সকলো বন্ধুবৰ্গ আৰু বিশেষ ভাবে কাকপথাৰৰ সাংবাদিক ৰাতুল, মিন্টু, ইন্দ্ৰজিত, মন্টু, অমৃতক ধন্যবাদ জ্ঞাপন কৰে ৷ সঁচাই আজিৰ সময়ত তেওঁলোকে দেখুৱাই দিছে মানৱতাৰ, বন্ধুত্বৰ প্ৰকৃত নিদৰ্শন ৷ "প্ৰেৰণা" ফেচবুক গ্ৰুপৰ এই প্ৰচেষ্টাতে এতিয়া এটি পানি নপৰা ঘৰত কটাবলৈ সক্ষম হৈছে স্বামীহীনা তিনিটা সন্তানৰ মাতৃ নিভা ডাঙৰীয়া বড়াসহ পৰিয়ালটোৱে ৷Body:Byte : 1/ Member Facebook group
2/ Village ladiesConclusion:Mintu Talukdar
Sadiya
Last Updated : Sep 24, 2019, 9:05 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.