ETV Bharat / state

Marigold flower cultivation Tinsukia : বহিঃৰাজ্যৰ নাৰ্জী ফুলক প্ৰত্যাহ্বান জনাবলৈ সাজু তিনিচুকীয়াৰ খেতিয়ক

author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 6:48 PM IST

Updated : Nov 10, 2023, 8:10 PM IST

দীপাৱলীৰ সময়ত বহিঃৰাজ্যৰ নাৰ্জী ফুলক প্ৰত্যাহ্বান দিবলৈ সাজু বাৰেকুৰিৰ খেতিয়ক ৷ এটকাও বিনিয়োগ নকৰাকৈ সময়ত উপাৰ্জন কৰে লক্ষাধিক টকা ৷ নাৰ্জী ফুলৰ মালা গুঁঠাত ব্যস্ত বাৰেকুৰিৰ ৰাইজ ৷

Marigold flower cultivation Tinsukia
বহিঃৰাজ্যৰ নাৰ্জী ফুলক প্ৰত্যাহ্বান জনাবলৈ সাজু তিনিচুকীয়াৰ খেতিয়ক

তিনিচুকীয়া, ১০ নৱেম্বৰ : “ফুলে কেৱল সৌন্দর্যবর্ধনেই নহয়, স্বনিৰ্ভৰশীল হোৱাতো যথেষ্ট সহায় কৰে ।” এই বাক্যশাৰী প্ৰমাণ কৰি দেখুওৱাৰ লগতে দীপাৱলীৰ সময়ত বহিঃৰাজ্যৰ পৰা নাৰ্জী ফুলক প্ৰত্যাহ্বান দিবলৈ সাজু হৈছে তিনিচুকীয়া জিলাৰ বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ প্ৰায় ২৫-২৬ গৰাকী ক্ষুদ্ৰ কৃষকে ।

পোহৰৰ উৎসৱ দীপাৱলীৰ লগতে বিভিন্ন ধৰ্মীয় তথা পবিত্ৰ অনুষ্ঠানত ব্যৱহাৰ কৰা হয় নাৰ্জীফুল ৷ কিন্তু অসমত প্ৰয়োজন হোৱা নাৰ্জীফুলৰ চাহিদা পূৰাবলৈ বহিঃৰাজ্যৰ পৰা ব্যৱসায়ীসকলে আমদানি কৰিব লগা হয় ৷ কিন্তু এইবাৰ যেন কিছু ব্যতিক্ৰম হ’ব বাণিজ্যিক চহৰ তিনিচুকীয়াৰ লগতে কাষৰীয়া ডিব্ৰুগড়, দুলীয়াজান, ডিগবৈ, ডুমডুমাৰ লগতে চুবুৰীয়া ৰাজ্যৰ অৰুণাচল প্ৰদেশত ৷

বিগত ১৫ বছৰৰ পৰা বাৰেকুৰিৰ হাতীজান গাঁৱৰ জলিন চেতিয়াই নিজা প্ৰচেষ্টাৰে নাৰ্জী ফুলৰ খেতি কৰি দীপাৱলীৰ সময়ত চহৰত গ্ৰাহকসকলক যোগান দি আহিছিল যদিও ফুলবিধৰ যথেষ্ট চাহিদা থকা হেতুকে এতিয়া বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ কৃষকসকলক নিজ নিজ বাৰীত ক্ষুদ্ৰ ক্ষুদ্ৰকৈ নাৰ্জী ফুলৰ খেতি কৰিবলৈ উৎসাহ প্ৰদান কৰে আৰু এইবৰ্ষ বাৰেকুৰি অঞ্চলটোৰ হাতীজান, দীঘলসাঁকু, বৰগাঁও, ডেংকা, তৰাজান, লেছেংকা, পুৰণি মটাপুং আদি গাঁৱত প্ৰায় ২৫-২৬ গৰাকীকৈ কৃষকে নাৰ্জী ফুলৰ খেতি কৰিছে ৷

বহু কষ্ট আৰু আশাৰে নাৰ্জীফুলৰ পুলি ৰোপন কৰাৰ পাচত পোহৰৰ উৎসৱ দীপাৱলীত গ্ৰাহকসকলক যোগান ধৰাৰ পৰিকল্পনাৰে আজি পুৱাৰে পৰা খেতিয়কসকলে সপৰিয়ালে নাৰ্জীফুল চিঙি মালা গুঠাত ব্যস্ত হৈ পৰিছে ৷ এইবাৰ আশা কৰিছে একোডাল মালাত সৰ্বনিম্ন ৫০ টকাকৈ বিক্ৰী কৰিব পাৰিব আৰু একোডাল এক মিটাৰ দীঘলৰ মালাত প্ৰায় ২৫-৪০ পাহ পৰ্যন্ত নাৰ্জীফুল থাকে ৷

এনেদৰেই দিনটো ফুল চিঙি নিশা মালা গুঠাঁৰ পাচত দেওবাৰে পুৱতিনিশাৰ পৰা সোমবাৰে আবেলিপৰ্যন্ত বজাৰৰ বিভিন্ন স্থানত বিক্ৰী কৰিবলৈ ওলাই যাব৷ এটা টকাও বিনিয়োগ নকৰাকৈ এটা সময়ত এই ক্ষুদ্ৰ কৃষকসকলে প্ৰায় ৫০ হাজাৰ টকাৰ পৰা ২ লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে বাৰেকুৰিৰ জলিন চেতিয়া, ৰুবুল চুতীয়া, সঞ্জীৱ চুতীয়া, পৰাগজ্যোতি শইকীয়া, পিংকু চুতীয়াকে আদিকৰি ক্ষুদ্ৰ নাৰ্জী ফুলৰ খেতিয়কসকলে ।

এই নাৰ্জী ফুলৰ খেতিৰ জৰিয়তে মাথোঁ নিজে স্বাৱলম্বীয়েই যে হৈছে তেনে নহয়, বাৰীসমূহত ফুলি থকা নাৰ্জী ফুলৰ দৃশ্যই নান্দনিক পৰিৱশৰ সৃষ্টি কৰিছে । নাৰ্জী ফুলৰ সৌন্দৰ্যই ওচৰ চুবুৰীয়া, পথচাৰীৰ লগতে বহু লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ গতিকে এতিয়া সকলোৱে বাৰেকুৰিৰ বিভিন্ন গাঁৱত কৰা নাৰ্জী ফুলৰ খেতিক লৈ প্ৰশংসাৰে উপচাই পেলাইছে একেমুখে আৰু এনেদৰেই যদি সকলো নিবনুৱা যুৱকে যদি কৃষি কৰ্মৰ প্ৰতি আকৃষ্ট হয় নিশ্চয়কৈ বহিঃৰাজ্যৰ পৰা আমদানি কৰা বিভিন্ন সামগ্ৰীৰ প্ৰয়োজন নোহোৱা হ’ব এটা সময়ত ৷

লগতে পঢ়ক : Pottery industry in Assam : এশ বছৰ পুৰণি ডিব্ৰুগড়ৰ মাটিৰ চাকি বজাৰত মৃৎশিল্পীৰ ব্যস্ততা

Last Updated : Nov 10, 2023, 8:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.