ETV Bharat / state

বাঘজানৰ অভিশপ্ত অগ্নিকাণ্ডৰ এটা বছৰ

author img

By

Published : May 27, 2021, 6:40 PM IST

Updated : May 27, 2021, 8:06 PM IST

বিগত বৰ্ষৰ আজিৰ দিনটোতেই বাঘজান BGR, 5 No তৈল খাদত অহৰহ গেছ নিৰ্গত হৈ ১৩ দিনৰ অন্তত অৰ্থাৎ 9 জুনত সুত্ৰপাত হৈছিল ভয়ংকৰ অগ্নিকাণ্ডৰ ৷ উক্ত অগ্নিকাণ্ডত বিনষ্ট হৈছিল সেউজীয়া প্ৰাকৃতিক পৰিৱেশ । জ্বলি চাৰখাৰ হৈছিল বহু পৰিয়ালৰ ঘৰ-বাৰী ৷ মৃত্যু হৈছিল অসংখ্য জীৱ-জন্তু,পশু-পক্ষীৰ ৷ বাঘজানৰ উক্ত ঘটনাত নিহত হৈছিল চাৰিজনকৈ লোক । বৃহস্পতিবাৰে এই দিনটোক সুঁৱৰি বাঘজানত পালন কৰা হয় 'ক'লা দিৱস' ৷

one year completed of baghjaan incident
বাঘজানৰ অভিশপ্ত অগ্নিকাণ্ডৰ এটা বছৰ

তিনিচুকীয়া, 27 মে’ : উজনি অসমৰ তিনিচুকীয়া জিলাৰ বাঘজান গাঁৱত বিগত বৰ্ষ অৰ্থাৎ ২০২০ৰ ২৭ মে' তাৰিখে বাঘজান BGR, 5 No তৈল খাদত প্ৰথমে গেছ নিৰ্গত হয় আৰু ২৭ মে' ৰ পৰা ১৩ দিন ধৰি অহৰহ গেছ নিৰ্গত হৈ ৯ জুন তাৰিখে এক ভয়ংকৰ অগ্নিকাণ্ডলৈ ৰূপান্তৰ হয় ।

উক্ত অগ্নিকাণ্ডত বিনষ্ট হৈছিল সেউজীয়া প্ৰাকৃতিক পৰিৱেশ । জ্বলি চাৰখাৰ হৈছিল বহু পৰিয়ালৰ ঘৰ-বাৰী ৷ মৃত্যু হৈছিল অসংখ্য জীৱ-জন্তু,পশু-পক্ষীৰ, মৃত্যু হৈছিল ৰাষ্ট্ৰীয় সম্পদ শিহুৰ । মাগুৰি বিলৰ লগতে উক্ত ঘটনাত ডিব্ৰু-ডাঙৰী নদীও সম্পূৰ্ণ প্ৰদূষিত হৈ পৰিছিল । যাৰ ফলত মৃত্যু হৈছিল বিভিন্ন প্ৰজাতিৰ মাছ-কাছৰ, বিনষ্ট হৈছিল অঞ্চলটোৰ বহু কৃষিভূমি । তদুপৰি বাঘজানৰ উক্ত ঘটনাত নিহত হৈছিল চাৰিজনকৈ লোক । নিহত লোক কেইজন আছিল ক্ৰমে: অগ্নিনির্বাপক বাহিনীৰ কৰ্মচাৰী ক্ৰমে তিক্ষেশ্বৰ গোহাঁই (চাবুৱা), দুৰ্লভ গগৈ (নামৰূপ), অইলৰ এগৰাকী কাৰ্যবাহী (জ্যেষ্ঠ ) অভিযন্তা অৰ্ণৱ বৰদলৈ আৰু এগৰাকী স্থানীয় ব্যক্তি শুক্লেশ্বৰ নেওগ । এক কথাত মৃত্যুৰ উপত্যকালৈ পৰিণত হৈছিল বাঘজান তৈল খাদ । আনফালে শব্দ, কম্পন, বায়ু প্ৰদূষণৰ মাজেৰে দিন পাৰ কৰিছিল অঞ্চলবাসীয়ে ৷

বাঘজানৰ অভিশপ্ত অগ্নিকাণ্ডৰ এটা বছৰ

বৃহস্পতিবাৰে এই দিনটোক সুঁৱৰি বাঘজান গাঁৱৰ মিলনজ্যোতি যুৱ সংঘৰ উদ্যোগত আৰু বৃহত্তৰ বাঘজানবাসী ৰাইজৰ সহযোগত বাঘজান কাণ্ডৰ প্ৰথম বাৰ্ষিক 'ক'লা দিৱস' হিচাপে পালন কৰা হয় ।

উল্লেখ্য যে, সুদীৰ্ঘ ১৭৩ টা দিনৰ‌ অন্তত বিগত বৰ্ষৰ ১৫ নৱেম্বৰ তাৰিখে বহু প্ৰচেষ্টা আৰু জল্পনা-কল্পনাৰ অন্তত কানাডাৰ স্নাভিং ইউনিট যন্ত্ৰৰ সহায়ত ৮ জনীয়া বিদেশী বিশেষজ্ঞ সকলৰ‌ প্ৰচেষ্টাত আৰু অ' এন জি চি,অইল কৰ্তৃপক্ষৰ সহায়ত নিৰ্বাপিত হৈছিল বাঘজান BGR 5 no তৈল খাদৰ অভিশপ্ত অগ্নিকাণ্ড ।

লগতে পঢ়ক: আপোন ঘৰখন হেৰুৱাই হাহাকাৰ ভকত চাপৰিবাসীৰ

Last Updated : May 27, 2021, 8:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.