ETV Bharat / state

জৰাজীৰ্ণ দলঙৰ পৰা পৰি জাগুণত এজনৰ মৃত্যু

author img

By

Published : May 8, 2020, 2:56 PM IST

কেনিয়া ঘাটৰ জৰাজীৰ্ণ দলঙৰ পৰা পৰি মুকেশ শৰ্মা নামৰ লোক এজনে মৃত্যুক সাৱটি লয় ৷ এই বিষয়ত ক্ষোভ প্ৰকাশ কৰি স্থানীয় ৰাইজে শীঘ্ৰেই দলংখন নিৰ্মাণৰ বাবে দাবী জনাইছে ৷

one person died for fall down from a bridge in jagun

মাৰ্ঘেৰিটা, 8 মে': মাৰ্ঘেৰিটাৰ অন্তৰ্গত জাগুণৰ কেনিয়া ঘাটৰ জৰাজীৰ্ণ দলঙৰ পৰা পৰি এজন লোকৰ মৃত্যু ৷ নিশা বাঁহৰ দলং খনেৰে বাইকেৰে পাৰ হৈ যোৱাৰ সময়ত, মুকেশ শৰ্মা নামৰ লোকজনে দলঙৰ পৰা পৰি মৃত্যুক সাৱটি লয় ৷

জৰাজীৰ্ণ দলঙৰ পৰা পৰি জাগুণত এজনৰ মৃত্যু

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, বছৰ বছৰ ধৰি কেনিয়া ঘাটৰ কেইবাখনো গাঁও সংলগ্ন এই বাঁহৰ দলং খনেই স্থানীয় লোকসকলৰ যাতায়াতৰ একমাত্ৰ পথ ৷ তদুপৰি জৰাজীৰ্ণ বাঁহৰ দলং খনো কঠোৰ পৰিশ্ৰমেৰে বিভিন্ন সময়ত ৰাইজেই নিৰ্মাণ কৰি আহিছে ৷ চৰকাৰৰ লগতে জনপ্ৰতিনিধি সকলেও আজিলৈকে দলংখন নিৰ্মাণৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ এই বিষয়ত ক্ষোভ প্ৰকাশ কৰি স্থানীয় ৰাইজে শীঘ্ৰেই দলংখন নিৰ্মাণৰ বাবে দাবী জনাইছে ৷

লগতে পঢ়কঃ মোদীজী, এতিয়া কাম কৰা যাওঁক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.