মাৰ্ঘেৰিটা, 26 জুলাই: দেওবাৰে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় মাৰ্ঘেৰিটাৰ দিহিং চাহ বাগিছাৰ সমীপৰ 38 নং ৰাষ্ট্ৰীয় ঘাইপথত ৷ এখন তীব্ৰবেগী মাৰুতি ৮০০ ৰ খুন্দাত থিতাতে নিহত হয় এগৰাকী লোক ৷ এই ঘটনাক কেন্দ্ৰ কৰি ঘটনাস্থলীত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ ক্ষুব্ধ ৰাইজে উত্তম-মাধ্যম শোধায় মাৰুতিখনত অহা 4 গৰাকী লোকক ৷
স্থানীয় ৰাইজ তথা প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া অনুসৰি,নিচাজাতীয় দ্ৰব্য সেৱন কৰি গাড়ী চলাই আহিছিল যুৱক চাৰিজনে ৷ ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে,আহত তিনি গৰাকী যুৱকক চিকিৎসালয়য়ৈ প্ৰেৰণ কৰে ৷ ক্ষুব্ধ ৰাইজৰ দাবী মৃতৰ পৰিয়ালে যাতে ইয়াৰ উচিত ক্ষতিপুৰণ পায় ৷
লগতে পঢ়ক: কাৰ আশীৰ্বাদত নথি-পত্ৰ নোহোৱাকৈ কৰিমগঞ্জ চহৰৰ মাজেৰে পাৰ হৈ যায় শিল ভৰ্তি ট্ৰাক !