তিনিচুকীয়া, 28 আগষ্টঃ তিনিচুকীয়াৰ বাঘজান দীঘলটৰং গাঁৱত অঘটন । নদীত গা ধুবলৈ গৈ সন্ধানহীন এজন যুৱক । ঘটনাৰ অনুসৰি, দুলিয়াজানৰ ৰোহিত ওৰাং নামৰ যুৱকজন ফুৰিবলৈ গৈছিল আত্মীয়ৰ ঘৰত ৷ আত্মীয়ৰ ঘৰৰ পৰাই ডাঙৰী নদীত গা ধুবলৈ গৈ নৈৰ সোঁতত উটি যায় যুৱকজন ৷ সন্ধানহীন যুৱক জনক বিচাৰি আৰক্ষী আৰু SDRF য়ে ডাঙৰী নদীত অভিযান চলাইছে যদিও বৰ্তমান পৰ্যন্ত সন্ধান পোৱা নাই যুৱকজনৰ ।
আনহাতে, নদীৰ পাৰত এটা ম'বাইল বিক্ৰী সন্দৰ্ভত যুৱক কেইজনৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় বুলি জানিবলৈ দিয়ে ৷ কাজিয়াৰ বাবেই দুই যুৱকে ৰোহিত ওৰাঙক পানীলৈ ঠেলি দিয়ে বুলি অভিযোগ উত্থাপন কৰে ৷ অভিযুক্ত দুই যুৱক জৰিত মহেশ কৰ্মকাৰ আৰু চজিব উৰাঙক আটক কৰি তদন্ত আৰম্ভ কৰিছে বাঘজান আৰক্ষীয়ে ৷